
গামোচা আৰু কাজিনেমুৰ পাছত অসমীয়া গহনাৰ বিশ্বমুখী যাত্ৰা
'আমাৰ অসম'ৰ নগাঁৱৰ প্ৰতিবেদকঃ অসমীয়া গামোচা, কাজিনেমুৰ পাছত এইবাৰ অসমীয়া থলুৱা গহনাৰ বিশ্বমুখী যাত্ৰা। অসমীয়া গহনাই লাভ কৰিলে GI Tagৰ স্বীকৃতি। স্বৰ্গদেউ সকলৰ দিনৰ পৰাই প্ৰচলিত হৈ অহা অসমীয়া থলুৱা গহনাৰ এই খবৰে উৎফুল্লিত কৰি তুলিছে সকলোকে। অসমীয়া গহনাৰ GI Tagৰ স্বীকৃতিৰ লাভৰ খবৰে উৎফুল্লিত কৰি তুলিছে নগাঁৱৰ ৰণথলী গাওঁবাসীকো। কাৰণ অসমীয়া গহনাৰ লগত এক বিশেষ সম্পৰ্ক আছে নগাঁৱৰ ৰণথলীৰ। অসমীয়া গহনা বুলি ক'লেই মনলৈ আহে নগাঁৱৰ এই ৰণথলী গাঁওখনৰ কথা।
গাওঁখনৰ প্ৰায় প্ৰত্যেকটো গৃহতে আছে অসমীয়া গহনাৰ এটি ক্ষুদ্ৰ উদ্যোগ। অসমীয়া গহনা প্ৰস্তুত কৰা এই গাঁওখনত এতিয়া আনন্দৰ জোৱাৰ। বিভিন্ন সময়ত বহিৰাগত কিছুমান গহনাই অসমীয়া গহনাৰ বজাৰখন গ্ৰাস কৰি পেলোৱাৰ সময়তে এই বাতৰিয়ে উৎফুল্লিত কৰি তুলিছে অসমীয়া গহনা প্ৰস্তুত কৰি তোলা শিল্পীসকলক। বহিৰাগত নকল অসমীয়া গহনাৰ ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অসমীয়া গহনাৰ বজাৰখন আৰু সুদৃঢ় কৰি তুলিবলৈ চৰকাৰলৈ আহ্বান ৰণথলীৰ ৰাইজৰ।