
ভগৱান মহাবীৰ জয়ন্তী উপলক্ষে MISOৰ বিশেষ কাৰ্যসূচী
'আমাৰ অসম'ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ এপ্ৰিলঃ ভগৱান মহাবীৰ জয়ন্তী উপলক্ষে MISOৰ বিশেষ পদক্ষেপ। মহাবীৰ ইন্টাৰ কন্টিনেন্টেল সেৱা সংস্থা চমুকৈ MISOই ভগৱান মহাবীৰ জয়ন্তীৰ স্মৃতিত শুৱালকুছিত এক বিশেষ সেৱা অনুষ্ঠানৰ আয়োজন কৰে। শুৱালকুছি চৰকাৰী চিকিৎসালয়ত নৱজাত শিশুসকলক বেবী কিট প্ৰদান কৰে। প্ৰায় ১৫০টা নৱজাত শিশুক বেবী কিট প্ৰদান কৰা হয়।
উক্ত কাৰ্যসূচীত MISOৰ পূৰ্বাঞ্চল অধ্যায়ৰ সভাপতি অশোক ছাব্ৰা, উপ সভাপতি ৰাজেন্দ্ৰ বেতলা, যুটীয়া মন্ত্ৰী ৰাজেন্দ্ৰ আজমেৰা, যুটীয়া মন্ত্ৰী শৈলেশ জৈন, ভাৰতবৰ্ষী দিগম্বৰ জৈন মহিলা মহাসভাৰ সভানেত্ৰী বীনা ছাব্ৰা, কাৰ্যবাহী সদস্য সৰিতা ছেঠী, সহ-কোষাধ্যক্ষ কবিতা বকলিৱাল আৰু শিল্পী ইন্দিৰা সেথিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শুৱালকুছি চিকিৎসালয়ৰ অধীক্ষক আৰু স্ত্ৰীৰোগ বিভাগৰ চিকিৎসকৰ দলেও এই কাৰ্যসূচীৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই অনুষ্ঠানটো সফল কৰি তোলাত শুৱালকুছিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জুন মেধি আৰু তেওঁৰ সহযোগীসকলেও সহযোগ কৰে।