Logo
image

বিশ্বনাথত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

'আমাৰ অসম'ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদকঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশ্বনাথৰ প্ৰভাৰী হিচাপে দায়িত্ব লাভ কৰি শুকুৰবাৰে নিশা বিশ্বনাথত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। বিশ্বনাথ জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী৷  ইফালে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, ৰাভা হাচং স্বায়ত্ব শাসনৰ ফলাফলৰ দৰে পঞ্চায়ত নিবাৰ্চনৰ ফলাফলো ভাল হ'ব৷ বিশ্বনাথত কি হ'ব সেয়া আজিয়েই কৈ নিদিও বুলি উল্লেখ কৰি মিত্ৰদলকো চিট দিয়া হ’ব, মিত্ৰদলক লৈ একেলগে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে৷ দলীয় টিকটত ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন নোহোৱাটোয়ে জনসাধাৰণক এটা বেলেগ ধৰণৰ স্বাধীনতা প্ৰদান কৰিছে পঞ্চায়তৰাজ ব্যৱস্থা সাব্যস্ত কৰাৰ কাৰণে। 


একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল সম্পৰ্কত কয় যে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতিমূলক ভাৱে একাদশ শ্ৰেণীৰ পৰীক্ষাতো হয় তাৰ বাবে বৰ্ডে চেষ্টা চলাইছিল। কিন্তু প্ৰশ্নকাকত ফাদিলটো কেইখনমান বিদ্যালয়ৰ পৰাই হৈছিল। কিন্তু এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচনৰ বাবে ১৫ মে' পূৰ্বে পৰীক্ষা পতা সম্ভৱ নহয় আৰু পিছত হ’লে পলম হৈ যাব। সেয়ে যিকেইটা পৰীক্ষা অনুষ্ঠিত নহ'ল সেইকেইটা পৰীক্ষাৰ নম্বৰ বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ইউনিট টেষ্ট বা ছয়মহীয়া পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নম্বৰ প্ৰদান কৰিব আৰু ছাত্ৰ-ছাত্ৰী সকলে দ্বাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব পাৰিব বুলি মন্তব্য কৰে৷