
বৰক্ষেত্ৰীৰ চৰাঞ্চলত চৰকাৰী গৃহৰ জি অ' টেগিঙৰ নামত অবাধে ধন সংগ্ৰহ
'আমাৰ অসম'ৰ মুকালমুৱাৰ প্ৰতিবেদকঃ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ হিতাধিকাৰী নিৰ্বাচনৰ লক্ষ্যৰে ৰাজ্যত চলোৱা জি অ' টেগিঙৰ নামত অবাধে ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি জি অ' টেগিঙৰ নামত অবাধে ধন সংগ্ৰহ কৰি আহিছে একাংশই৷ বিশেষকৈ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত জি অ' টেগিঙৰ নামত অবাধে ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷
চৰাঞ্চলৰ বহু লোকে জি অ' টেগিঙৰ বাবদ উৎকোচ দিয়াৰ বাবেও উৎসুক৷ কিয়নো চৰাঞ্চলৰ বহু লোকে চৰাঞ্চলৰ পৰা উত্তৰ দিশৰ কাপলাবড়ি, কেকান, ঘৰুৱাবাহা, দমদমা পথাৰ, বৰলিয়াপাৰ, লাৰকুছি ইত্যাদি বিভিন্ন অঞ্চলত গৃহ সাজি বাস কৰি আহিছে৷ সেইসকল লোকেই উত্তৰ দিশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে জি অ' টেগিং সম্পন্ন কৰিছে যদিও ইয়াৰে কিছুসংখ্যক লোকে আকৌ চৰাঞ্চললৈ গৈ জি অ' টেগিং কৰাৰ তথ্য পোহৰলৈ আহিছে ৷
চহৰাঞ্চলত জি অ' টেগিং কৰাৰ বাবদ হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰিছে একাংশ জীৱিকা সখীয়ে৷ চৰাঞ্চলত জি অ' টেগিং কৰাৰ বাবদ একোগৰাকী ব্যক্তিয়ে এক হাজাৰ টকাৰ পৰা ২-৩ হাজাৰ টকা পৰ্য্যন্ত উৎকোচ দিছে জীৱিকা সখীক৷ একাংশ জীৱিকা সখীক চৰাঞ্চলৰ ৰাজনৈতিক নেতাই নিজৰ গৃহতে বহুৱাই জি অ' টেগিং কৰাৰো অভিযোগ উঠিছে৷
শেহতীয়াকৈ পোহৰলৈ আহিছে জীৱিকা সখী নুৰনেহাৰে জি অ' টেগিং কৰি অবাধ ধন সংগ্ৰহ কৰাৰ তথ্য৷ জীৱিকা সখী নুৰনেহাৰে স্বামী সুজল আলীক জি অ' টেগিঙৰ সময়ত লগত ৰাখি অবাধে ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ কুৰিহামাৰীৰ গাড়ীঘাটত টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ জীৱিকা সখী নুৰনেহাৰ আৰু স্বামী সুজল আলীয়ে বিনা দ্বিধাই টকা সংগ্ৰহ কৰি থকা ভিডিঅ' এটা পোহৰলৈ আহিছে৷ ভিডিঅ'টোত সুজল আলীয়ে অবাধে ধন সংগ্ৰহ কৰি থকা স্পষ্ট ভাবে পৰিলক্ষিত হৈছে৷ জীৱিকা সখী নুৰনেহাৰ আৰু সুজল আলীৰ এনে কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে নলবাৰী জিলা প্ৰশাসনক উচিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে৷