Logo
image

কিয় ৰাজহুৱা জীৱন ত্যাগ কৰাৰ কথা ক'লে ভূপেন বৰাই?

'আমাৰ অসম'ৰ গুৱাহাটীৰ সংবাদ, ৭ এপ্ৰিলঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কাৰোবাৰ পৰা ধন দাবী কৰাৰ অভিযোগ কোনোৱে প্ৰমাণ কৰিব পাৰিলে বৰাই তাৎক্ষণিকভাৱে ৰাজহুৱা জীৱন ত্যাগ কৰিব। আজি এক বিবৃতিত এই কথা প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে কয় যে আমি সদায় নীতি আৰু আদৰ্শত থাকি দল পৰিচালনা কৰি আহিছো।

কয়লা ছিণ্ডিকেট বাদেই, কোনো ব্যক্তি বিশেষৰ পৰাও আমি ধন দাবী কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ লাখ লাখ কংগ্ৰেছ কৰ্মীয়ে নিজৰ গাঠিৰ ধন খৰছ কৰি দল পৰিচালনা কৰাত আমাক সহায় কৰি আছে। সামাজিক মাধ্যমত বিজেপিৰ সমৰ্থকসকলে ভাইৰেল কৰা অডিঅ’ ক্লিপটো সন্দৰ্ভত আৰক্ষীক তদন্তৰ দাবী জনাই আজি গুৱাহাটীৰ আৰক্ষী আয়ুক্তক সভাপতিগৰাকীয়ে ফোন কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে এজাহাৰখনৰ কপি আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তক অৰ্পণ কৰে। 


ইয়াৰ পূৰ্বে সম্পাদক ৰামান্না বৰুৱা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ লগতে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে হাতীগাঁও থানালৈ গৈ সামাজিক মাধ্যমত সভাপতিৰ নামত ধন দাবী কৰাৰ ভুৱা অডিঅ’ ক্লিপৰ প্ৰচাৰ চলোৱা লিখন কুম্বাং নামৰ লোকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। দুদিন পূৰ্বে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও একেটা অডিঅ’ ক্লিপত তেওঁৰ নাম সন্নিবিষ্ট কৰা বাবে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল।

অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এজাহাৰ দাখিল কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে কংগ্ৰেছ দলৰ ক্ৰমবৰ্ধমান ভাৱমূৰ্তি ম্লান কৰিবৰ বাবেই একাংশ ৰাজনৈতিক দলৰ নেতাই ষড়যন্ত্ৰত লিপ্ত হৈছে। বৰাই অসম আৰক্ষীক ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক বিচাৰি উলিয়াই প্ৰকৃত সত্য ৰাইজক অৱগত কৰিবলৈ আহ্বান জনায়। বৰাই কয় যে, শাসকীয় পক্ষই মনত ৰখা উচিত বালীলৈ বুলি যিপাত সুগ্ৰীৱলৈও সেইপাত। ৰাজনৈতিক নেতাসকলৰ সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰিবৰ বাবে দুষ্ট চক্ৰই চলোৱা অপপ্ৰচাৰ ধিক্কাৰযোগ্য আৰু সকলো পক্ষকে এইক্ষেত্ৰত সজাগ হ’বৰ বাবে বৰাই আহ্বান জনোৱাৰ লগতে ভৱিষ্যতে এনে কাৰ্যত লিপ্ত নহ’বলৈ সকীয়াই দিয়ে।