Logo
image

বাক্সাৰ হজুৱাত বিটিআৰৰ দক্ষতা,নিযুক্তি আৰু উদ্যোগ বিভাগৰ কেৰিয়াৰ পৰামৰ্শৰ প্ৰশিক্ষণ

'আমাৰ অসম'ৰ ভৱানীপুৰৰ প্ৰতিবেদক,৮ এপ্ৰিল: বাক্সাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত হজুৱাস্থিত ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত কালি দুটা পৰ্যায়ত বিটিআৰৰ দক্ষতা,নিযুক্তি আৰু উদ্যোগ বিভাগৰ জৰিয়তে এক কেৰিয়াৰ পৰামৰ্শ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।আনহাতে বিটিআৰৰ দক্ষতা,নিযুক্তি আৰু উদ্যোগ বিভাগৰ উপদেষ্টা ৰঞ্জন কুমাৰ বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কাৰ্যসূচিত  আনুষ্ঠানিক শিক্ষাৰ লগতে বহনক্ষম বিকাশৰ বাবে দক্ষতা অৰ্জন কৰাটো আমাৰ শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ  তাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।


উল্লেখ্যযোগ্য যে- ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বিটিআৰৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগৰ জৰিয়তে কেৰিয়াৰ পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠানত প্ৰায় পাঁচ শতাধিক মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষাৰ্থী কেৰিয়াৰ পৰামৰ্শৰ প্ৰশিক্ষণত  অংশগ্ৰহণ কৰে। 


আনহাতে বিটিআৰৰ ককলাবাৰী সমষ্টিৰ এমচিএলএ মন্টু বড়োৱে মুখ্য অতিথি , ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ জৌংস্ৰাং বড়ো বিশিষ্ট অতিথি ৰূপে উপস্থিত থকাৰ লগতে অনুষ্ঠানত  কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে।


উল্লেখ্য যে বিটিআৰৰ দক্ষতা,নিযুক্তি আৰু উদ্যোগ বিভাগৰ উপদেষ্টা ৰঞ্জন কুমাৰ বৰুৱাই প্ৰশিক্ষকৰূপে উপস্থিত থাকে।