Logo
image

ভৰিত আঙুঠি পিন্ধি মঙ্গোলীয়াৰ পৰা কাজিৰঙা পালেহি এটা ঈগল

‘আমাৰ অসম'ৰ বোকাখাতৰ প্ৰতিবেদক, ৮ এপ্ৰিলঃ বিশ্বৰ লক্ষ্যাধিক পৰ্যটকেই নহয় এতিয়া মংগোলীয়া দেশৰ এটা আপুৰুগীয়া পাল্লাছ ফিচ ঈগল চৰাইয়েও যেন বিগত ৫ টা বছৰেই কাজিৰঙাৰ একেটা স্থানকে প্ৰজনন ক্ষেত্ৰ হিচাবে নিৰ্বাচন কৰি কাজিৰঙাকো যেন আপোনহে কৰি লৈছে৷  এই পৰিঘটনাই এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ঈগলৰ দৰে চিকাৰী চৰাইৰ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন মানচিত্ৰতো অন্তৰ্ভুক্ত কৰি অন্য এক মান্যতা প্ৰদান কৰিছে৷ মঙ্গোলীয়াৰ বিশিষ্ট পক্ষী বিজ্ঞানী ড০ ডাভাচোৰেণ বাটমুংখে এটা পাল্লাচ ফিচ ঈগলক লৈ কৰা এক বিশেষ অধ্যয়নে শেহতীয়াকৈ এই কথা পোহৰলৈ আনিছে ৷ উল্লেখ্য যে যোৱা ১৬ মাৰ্চত বোম্বাই নেচাৰেল হিষ্ট্ৰি চ'চাইটিৰ বিজ্ঞানীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ‘এ-২৫’ বুলি খোদিত আঙুঠি পৰিহিত এটা পাল্লাছ ফিচ ঈগল প্ৰত্যক্ষ কৰিছিল৷

পিছত এই চৰাইবিধৰ গোলকীয় পঞ্জীয়ন তালিকা পৰীক্ষা কৰাৰ পিছত গম পোৱা গৈছিল যে এই ঈগল চৰাইটোক মঙ্গোলীয়াৰ ড০ ডাভাচোৰেণ বাটমুংখ নামৰ পক্ষী বিজ্ঞানী গৰাকীয়ে অধ্যয়নৰ বাবে ভৰিত আঙুঠি আৰু উচ্চ প্ৰযুক্তিৰ ট্ৰেঞ্চফৰ্মাৰ পিন্ধাই এৰি দিছিল। এই তথ্যই কাজিৰঙাত প্ৰত্যক্ষ কৰা এই পাল্লাছ ফিচ ঈগলটো মঙ্গোলীয়াত ড০ ডাভাচোৰেণ বাটমুংখে এৰি দিয়া ঈগল বুলি নিশ্চিত কৰিছিল বোম্বাই নেচাৰেল হিষ্ট্ৰী চ'চাইটিৰ সদস্য সকলে৷ মঙ্গোলীয়াৰ আগশাৰীৰ প্ৰতিষ্ঠান ৱাইল্ড লাইফ চাইঞ্চ এণ্ড কনচাৰ্ভেচন চেন্টাৰ নামৰ প্ৰতিষ্ঠানৰ জেষ্ঠ পক্ষীবিজ্ঞানী ড০ ডাভাচোৰেণ বাটমুংখৰ মতে, কাজিৰঙাত সদ্যহতে পোৱা আঙুঠি পিন্ধোৱা মতা পাল্লাছ ফিছ ঈগলটোক ২০২০ চনৰ ২১ আগষ্টত মধ্য পশ্চিম মঙ্গোলীয়াৰ বুনাটাচাগান হ্ৰদৰ পাৰত গৱেষণাৰ বাবে কৰায়ত্ব কৰি ইয়াৰ ভৰিত আঙুঠি পিন্ধাই উচ্চ প্ৰযুক্তিৰ চেঞ্চৰ আৰু উপগ্ৰহ সংযুক্ত এক মাইক্ৰ ট্ৰেঞ্চফৰ্মাৰ পিন্ধাই এৰি দিয়া হৈছিল।


উদ্দেশ্য আছিল পাল্লাছ ফিচ ঈগলৰ গতিবিধি আৰু আচৰণ অধ্যয়ন কৰা৷ তেওঁলোকে এই পাল্লাছ ফিচ ঈগলটোক ‘ইডাৰ’ নামেৰে নামকৰণ কৰিছিল৷ ২০২০ চনৰে পৰাই ড০ ডাভাচোৰেণ বাটমুংখ আৰু তেওঁৰ দলে উপগ্ৰহৰ পৰা পোৱা সংকেতৰ সহায়ত টেলিমেট্ৰি পদ্ধতিৰে ঈগলটোৰ গতি বিধি আৰু প্ৰব্ৰজন নিৰীক্ষণ কৰি আছিল ৷ এই অধ্যয়নৰ পৰা পোৱা তথ্যমতে ‘ইডাৰ’ নামৰ এই পাল্লাছ ফিচ ঈগলটোয়ে প্ৰজননৰ বাবে প্ৰতি বছৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে আৰু এই সময়চোৱাত মাত্ৰ এবাৰৰ বাবেহে প্ৰজননৰ স্থান সলনি কৰিছে। প্ৰজনন ঋতুৰ পিচত জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ই পুনৰ মঙ্গোলীয়াৰ বুনাটাচাগান হ্ৰদৰ পাৰলৈ ওভটি গৈ তাতেই বাকী সময়ত বিচৰণ কৰা বুলি ড০ ডাভাচোৰেণ বাটমুংখে জনাইছে। পাল্লাছ ফিচ ঈগল মাছ ধৰা ঈগল প্ৰজাতিৰ ভিতৰত সৰ্ববৃহৎ হিচাপে জনাজাত৷ নৱেম্বৰৰ পৰা মাৰ্চ মাহৰ সময়চোৱাত মধ্য এছিয়াৰ প্ৰধানকৈ মঙ্গোলীয়াৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰজননৰ বাবে আহে আৰু মাৰ্চ মাহৰ পিচত পুনৰ মঙ্গোলীয়ালৈ ওভটি যায়।

বিশ্বৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই হৈছে পাল্লাছ ফিচ ঈগল দৰ্শনৰ আটাইতকৈ শ্ৰেষ্ঠ স্থান। আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা আই.ইউ.চি.এন.ৰ ৰঙা পৰিসংখ্যা তালিকাত বিপদাপন্ন হিচাপে তালিকাভুক্ত পাল্লাছ ফিছ ঈগল (হেলিয়াটাছ লিউকোৰিফাছ) সম্পৰ্কত বা ইয়াৰ সমগ্ৰ বিচৰণ পৰিসৰত বিশেষভাৱে এতিয়াও অধ্যয়ন কৰা হোৱা নাই। এই প্ৰজাতিৰ ঈগল মধ্য আৰু দক্ষিণ এছিয়াৰ স্থানীয় বাসিন্দা বুলি সচৰাচৰ গণ্য কৰা হয়৷ অৱশ্যে, বিংশ শতিকাত এই ঈগলৰ পৰিসৰ যথেষ্ট পৰিমাণে কমি আহিছে বুলিও সমীক্ষাত প্ৰকাশ পাইছে৷ পাল্লাছ ফিচ ঈগল কাস্পিয়ান আৰু কাজাখস্তানৰ দৰে ইয়াৰ পূৰ্বৰ দুৰ্গম অঞ্চলৰ আৱাসস্থানৰ পৰা ক্ৰমে নোহোৱা হোৱা বুলি বাৰ্ড লাইফ ইন্টাৰনেচনেলে ২০১৬ চনত প্ৰকাশ কৰিছিল৷ জনসংখ্যাৰ হ্ৰাস হোৱাৰ বাবে ইয়াক আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ আই ইউ চি এনে বিপন্ন প্ৰায় বুলি ২০২১ চনতে তালিকাভুক্ত কৰিছিল। ৱাৰ্ড লাইফ ইন্টাৰনেচনেলৰ মতে বন্য পৰিৱেশত পাল্লাছ ফিচ ঈগলৰ সংখ্যা সৰ্বমুঠ ২৫০০ ৰ পৰা ৯৯৯৯ হে হ'ব ৷