
দীৰ্ঘ বছৰে উদ্বোধন নোহোৱা তিনিচুকীয়াৰ এটা স্বাস্থ্য কেন্দ্ৰ বান পীড়িতৰ আশ্ৰয় শিবিৰলৈ পৰিণত
'আমাৰ অসমʼৰ কৰ্দৈগুৰিৰ প্ৰতিবেদক, ৯ এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত কৰ্দৈগুৰিৰ দৰ্জিজান গাঁৱত ৰাইজৰ সুবিধা হোৱাকৈ ২০১২-১৩ বৰ্ষত নিৰ্মাণ হৈছিল এটা উপ স্বাস্থ্য কেন্দ্ৰ। আনহাতে দৰ্জিজান উপ স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ বাবে চৰকাৰে আঠ লাখ টকা অনুদান আগবঢ়াইছে। উক্ত ধনৰাশিৰে স্বাস্থ্যকেন্দ্ৰটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে।
কিন্তু কাম সম্পূৰ্ণ হৈছিল যদিও চৰকাৰীভাৱে কেন্দ্ৰটো উদ্বোধন নহ'ল। উল্লেখ্য যে দৰ্জিজান উপ স্বাস্থ্য কেন্দ্ৰৰ নামত এগৰাকী নাৰ্চো নিযুক্ত হৈ আছে। নিৰ্দিষ্ট ঠাইৰ অভাৱত নাৰ্চ গৰাকীয়ে গাঁৱৰ ৰাইজক সেৱা আগবঢ়াই থাকিবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।তথাপিও আজি পৰ্যন্ত চৰকাৰী ভাৱে কেন্দ্ৰটো মুকলি কৰা নহ'ল।
উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ চৰম হেমাহিৰ ফলতেই আটকধুনীয়াকৈ নিৰ্মাণ কৰা ঘৰটো কালক্ৰমত হাবি জংঘলেৰে আৱৰি ধৰিছে। শেষত ডাঙৰী নদী(অনন্ত নলা)ৰ বান গৰাখহনীয়াৰ কবলত পৰি কেইবাটাও পৰিয়ালে হাবি জংঘল চাফা কৰি স্বাস্থ্য কেন্দ্ৰ নামত নিৰ্মাণ কৰা ঘৰটোত আশ্ৰয় শিৱিৰ স্থাপন কৰি লৈছে। আশ্ৰয় শিবিৰত বাস কৰি থকা কেইটামান পৰিয়াল আন ঠাইলৈ গুচি যোৱাৰ পৰিৰ্ৱতে আৰু কিছু সংখ্যক পৰিয়াল বৰ্তমানেও তাতেই জীৱন নিৰ্বাহ কৰি আছে।
আনহাতে স্বাস্থ্য কেন্দ্ৰৰ নামত আটকধুনীয়াকৈ নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটো জিলা স্বাস্থ্য বিভাগে কি কাৰণত উদ্বোধন নকৰিলে সেয়া আজিও গাঁও বাসীৰ বাবে নুবুজা সাঁথৰ হৈয়ে থাকিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।