Logo
image

পুৱা ৯ বজাৰ পূৰ্বেই স্কুললৈ আহিব লাগিব শিক্ষক, অন্যথা দৰমহা কৰ্তন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ এপ্ৰিলঃ  সময়মতে বিদ্যালয়ত উপস্থিত হ’ব নোৱৰা শিক্ষকৰ দৰমহা কৰ্তন কৰা হ’ব৷ এই কঠোৰ সিদ্ধান্ত শিক্ষা বিভাগৰ৷ বুধবাৰে শিক্ষা বিভাগে এটা নিৰ্দেশনাযোগে শিক্ষকসকলক বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয় ছুটী হোৱাৰ সময় পুনৰবাৰ নিৰ্ধাৰণ কৰি দিছে৷ ৰাজ্যৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুৰব্বীসকলৰ সৈতে মঙলবাৰে শিক্ষা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে বিদ্যালয়ত শিক্ষকসকলৰ উপস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই সিদ্ধান্তৰ ভিত্তিত প্ৰতিখন জিলাৰ জিলা শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীলৈ বুধবাৰে নিৰ্দেশনা জাৰি কৰে৷

এই নিৰ্দেশনাত সকলো শিক্ষকে পুৱা ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হৈ শিক্ষাসেতু এপত বাধ্যতামূলকভাৱে ডিজিটেল উপস্থিতি দিবলৈ কোৱা হৈছে৷ শিক্ষকসকলে নিৰ্ধাৰিত সময়তহে বিদ্যালয় এৰিব লাগিব৷ বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয়ৰ পৰা যোৱাৰ সময় শিক্ষাসেতু এপত এণ্ট্ৰী কৰিব লাগিব৷ যদিহে কোনো শিক্ষকে ৩ দিন ধাৰাবাহিকভাৱে পুৱা ৯ বজাৰ পূৰ্বে বিদ্যালয়লৈ আহি শিক্ষাসেতু এপত ডিজিটেল উপস্থিতি দিব নোৱাৰে, তেনেহ’লে সংশ্লিষ্ট শিক্ষকজনৰ নৈমিত্তিক ছুটীৰ পৰা এটা দিন ছুটী হিচাপে কৰ্তন কৰা হ’ব৷ 


সংশ্লিষ্ট শিক্ষকজনৰ নৈমিত্তিক ছুটী জমা নাথাকিলে এদিনৰ দৰমহা কৰ্তন কৰা হ’ব৷ শ্ৰেণী শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি লোৱাৰ বাবে দায়বদ্ধ থাকিব আৰু এই কাৰ্য প্ৰতিদিনে বিদ্যালয়ৰ মুৰব্বীয়ে পৰীক্ষা কৰিব৷ যদিহে কোনো শিক্ষক বা শিক্ষাৰ্থীয়ে নেটৱৰ্কজনিত কাৰিকৰী সমস্যাৰ বাবে শিক্ষাসেতুত উপস্থিতি দিব নোৱাৰে, তেনেহ’লে হোৱাট্‌ছএপ গ্ৰুপ খুলি জিঅ’টেগ গ্ৰুপত ফটো আপলোড কৰিব লাগিব৷ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহ দিনৰ ২.০৫ বজালৈ খোলা ৰাখিব লাগিব৷

এম ই আৰু এম ভি স্কুলসমূহৰ লগতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ বিয়লি ৩.২৫ বজালৈ খোলা ৰাখিব লাগিব৷ ইফালে, অনা-শৈক্ষিক কামত নিয়োজিত কৰ্মচাৰীসকল পুৱা ১০ বজাত বিদ্যালয়ত উপস্থিত হৈ বিয়লি ৮.৩০ বজা পৰ্যন্ত শিক্ষানুষ্ঠানত থাকিব লাগিব৷ স্নাতকোত্তৰ শিক্ষকসকলে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰিব লাগিব৷ ইফালে, শিক্ষাসেতু এপত ডিজিটেল উপস্থিতি নিদিয়া বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে শিক্ষা বিভাগে৷ মঙলবাৰে শূন্য উপস্থিতিৰ বাবে দলগাঁও খণ্ড প্ৰাথমিক বিষয়াই ৫৫খন বিদ্যালয়ৰ মুৰব্বীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷