
কংগ্ৰেছৰ টিকটক লৈ খণ্ডযুদ্ধ, ধনৰ লেনদেনৰ অভিযোগ
আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ এপ্ৰিলঃ শাসকীয় দল বিজেপি পঞ্চায়ত নিৰ্বাচনক লৈ অতি পৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ বিপৰীতে কংগ্ৰেছত আজিও অব্যাহত আছে টিকটকেন্দ্ৰিক সংঘাট আৰু অভিযোগ-প্ৰতিঅভিযোগ৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মণ্ডল কংগ্ৰেছৰ সভাপতি সলনিক কেন্দ্ৰ কৰি দলীয় কৰ্মীৰ মাজত সৃষ্টি হোৱা সংঘাটময় পৰিস্থিতি অব্যাহত থকাৰ সময়তে এইবাৰ টিকটক কেন্দ্ৰ কৰি আৰম্ভ হৈছে দলীয় কৰ্মীৰ বিদ্ৰোহ-বিসম্বাদ৷ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পৰা আৰম্ভ কৰি দলৰ বহু নেতাৰ বিৰুদ্ধে ধনৰ বিনিময়ত টিকট দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ দলৰ হাইকামাণ্ডলৈও দলীয় কৰ্মীয়ে সাংসদ বৰদলৈৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ টিকট দিয়াৰ ক্ষেত্ৰত ধনৰ লেনদেনৰ অভিযোগত এতিয়া বিধবস্ত কংগ্ৰেছ দল৷ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুৱেইৰ আনমে সামাজিক মাধ্যমত টিকটকেন্দ্ৰিক সংঘাটৰ ক্ষেত্ৰত নিজৰ ক্ষোভ মুকলিভাৱে প্ৰকাশ কৰি কয়– ‘মোক আপোনালোক সকলোৱে ক্ষমা কৰিব৷ আজি কংগ্ৰেছৰ কাৰণে তেজ দিয়া যুৱ কংগ্ৰেছীক এটাও টিকট দিব নোৱাৰিলোঁ৷’ যুৱ কংগ্ৰেছৰ সভাপতিজনৰ এই ক্ষোভ আৰু হতাশাৰ পৰাই স্পষ্ট হৈ পৰিছে কংগ্ৰেছৰ অভ্যন্তৰত চলি থকা টিকটকেন্দ্ৰিক সংঘাট৷ লক্ষণীয়ভাৱে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন যদিও বৃহস্পতিবাৰ পৰ্যন্ত চূড়ান্ত হোৱা নাই কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা৷ ফলত অতি কম সময়ৰ ভিতৰত মনোনয়ন-পত্ৰ দাখিল টিকট লাভ কৰা প্ৰাৰ্থীৰ বাবে যে প্ৰত্যাহ৩ানমূলক হ’ব সেয়া নিশ্চিত৷ ৰাজীৱ ভৱনে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ সকলো কতৃৰ্ত্ব আৰু দায়িত্ব জিলা সভাপতিৰ ওপৰত অৰ্পণ কৰিছে৷ যাৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছে দলীয় কৰ্মীৰ মাজত মাৰপিট আৰু সংঘাট৷
টিকটবঞ্চিত কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল বৰাক
শ্ৰীভূমিৰ পৰা অৰূপ দে’ আমাৰ অসমঃ ভূপেন বৰা দালাল৷ আমিনুৰ, স্বপনহঁতৰ বাবে কংগ্ৰেছ ধবংস৷ ভূপেন বৰা এজন দালাল৷ যিমান দিনলৈকে ভূপেন বৰাৰ দালালীৰ ছিণ্ডিকেটৰাজ চলি থাকিব, ইমান দিনলৈকে অসমত কংগ্ৰেছ ক্ষমতাত নাহে৷ ভূপেন বৰাৰ হৈ বৰাক কংগ্ৰছত দালালি কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমিনুৰ ৰছিদ চৌধুৰী শামীমে৷ তেওঁ ধনৰ দালালি কৰি কংগ্ৰেছক ধবংস কৰি আছে৷ শ্ৰীভূমিৰ লক্ষ্মীবজাৰ জিলা পৰিষদ আসনত টিকট বঞ্চিত হৈ এনেদৰে ক্ষোভত ফাটি পৰে কংগ্ৰেছেৰ একনিষ্ঠ কৰ্মী বদলুল হক চৌধুৰী হাচান৷ তেওঁ অভিযোগ কৰি কয়– কংগ্ৰেছেই বিগত সময়তো কংগ্ৰেছক পৰাস্ত কৰিছে৷ এইবেলী পঞ্চায়ত নিৰ্বাচনৰ টিকটত আঞ্চলিক পঞ্চায়ত সদস্যৰ মূল্য ৮ লাখ টকা ৰখা হৈছে৷ জিলা পৰিষদৰ ক্ষেত্ৰত ১৫, ২০, আনকি ২৮ লাখ টকাত টিকট বিক্ৰী হৈছে৷ আমিনুৰ ৰছিদ চৌধুৰীৰ বাবে বৰাকত ধবংস হ’ব কংগ্ৰেছ৷ টিকট বঞ্চিত হৈ প্ৰাৰ্থী প্ৰত্যাশীজনে নিশাৰ ভাগতেই ফকিৰাবজাৰত এখন সভা পাতি কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে মুৰ্দাবাদ ধবনি দিয়ে৷ বিশেষকৈ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী মুক্তাদিৰ চৌধুৰীৰ পুত্ৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমিনুৰ ৰছিদ চৌধুৰী শামীম, সম্পাদক তথা শ্ৰীভূমিৰ প্ৰাৰ্থী বাছনিৰ দায়িত্বত থকা স্বপন মণ্ডলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মুৰ্দাবাদ ধবনি দিয়ে৷ জিলা সভাপতি ৰজত চক্ৰবৰ্তীৰ বিৰুদ্ধেও মুৰ্দাবাদ ধবনি দিয়ে৷ উল্লেখ্য, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী বাছনি লৈ যোৱা তিনিদিন ধৰি অশান্তিৰ পৰিবেশে বিৰাজ কৰি আছে শ্ৰীভূমি কংগ্ৰেছৰ ভিতৰচোৱাত৷ সোমবাৰে কংগ্ৰেছ কাৰ্যালয়ত মাৰপিটৰ ঘটনা, মংগলবাৰে এখন হোটলত প্ৰাৰ্থী বাছনি কমিটি বহি ভোটাভোটিৰ পাছত স্বপন মণ্ডলে নাম ঘোচনা নকৰাকৈ তালিকা লৈ হঠাতে গুৱাহাটী গুছি গলৈ স্ফপন মণ্ডলৰ বিৰুদ্ধে চৰম ক্ষোভ প্ৰকাশ কৰি হোটেলৰ বাহিৰত অশ্ৰাব্য গালিগালাজ পাৰিছিল কংগ্ৰেছ কৰ্মী সকলে৷ এনে অৱস্থাত বুধবাৰে মুকুলিকৈ কংগ্ৰেছ ভৱনত তালিকা প্ৰকাশ নকৰি জিলা সভাপতিয়ে নিজৰ ঘৰত এজন এজনকৈ মাতি আনি টিকট দিয়ে৷ বঞ্চিত প্ৰত্যাশী বদলুল হক চৌধুৰী হাচানৰ অভিযোগ– বাছনি সমিতিৰ ১৪জন সদস্যৰ ভিতৰত ১১জন সদস্যই তেওঁক ভোট দিছিল যদিও তেতিয়াও হঠাতে স্বপন মণ্ডলে তালিকাখন লৈ গুৱাহাটীলৈ ৰাওনা হয়৷ সেই নিশাই আৰম্ভ হ’ল টকাৰ খেল৷ তেৱোঁ নিজে আমিনুৰ ৰছিদ চৌধুৰীক চাৰি লাখ টকা আৰু জিলা সভাপতিক পাঁচ লাখ টকা দিছিল৷ জিলা সভাপতিয়ে সেই টকাখিনি ওভতাই দিয়ে আৰু ১৫ লাখ টকা লাগিব বুলি কৈছিল৷ কিন্তু আমিনুৰ ৰাছুল চৌধুৰীয়ে আজিলৈকে টকা ঘূৰাই দিয়া নাই৷ এয়া লৈ তেওঁ গোচৰো দাখিল কৰিব বুলি জনায়৷ লগতে কয়, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমিনুৰ ৰছিদ চৌধুৰী শমিমৰ দালালিৰ বাৱে বৰাকত কংগ্ৰেছ ধবংস হৈ আছে৷ তেওঁ আৰু স্বপন মণ্ডলে মিলি বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক পৰাস্ত কৰিছে৷
বকোৰ বিধায়িকা নন্দিতাৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ
‘আমাৰ অসম’ৰ নগৰবেৰাৰ প্ৰতিবেদকঃ সমাগত পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত জিলাই জিলাই বিভিন্ন খেলিমেলি সৃষ্টি কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰিব নোৱাৰা অৱস্থাতে কামৰূপ জিলাৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে বিস্ফোৰক অভিযোগ৷ পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ নামত সমষ্টিটোৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে বজাৰ খুলি লোৱাৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে৷ বকো সমষ্টিৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে এই গুৰুতৰ তথা চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ কেন্দ্ৰীয় সমিতিৰ লগতে দক্ষিণ কামৰূপ জিলা সমিতিয়ে৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ফিৰাজুল হক, সহকাৰী সাধাৰণ সম্পাদক আবুল কালাম আজাদৰ উপৰিও দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি আমিনুল ইছলাম, সাধাৰণ সম্পাদকদ্বয় ফুলোজ উদ্দিন আহমেদ আৰু আমিনুল ইছলাম আৰু অন্যান্য নেতা সকলে নগৰবেৰা সাংবাদিক সন্থাৰ কাৰ্যালয়ত আজি এক সংবাদমেল আয়োজন কৰি বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ সংবাদমেলত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ফিৰাজুল হক আৰু দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি আমিনুল ইছলামে কয়– বিধায়িকা নন্দিতা দাসৰ বকোস্থিত বাসগৃহত ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় প্ৰতিখন পঞ্চায়তৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলক মাতি নি প্ৰতিজন এনে প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবী কৰিছে৷ বিধায়িকা নন্দিতা দাসে ৱাৰ্ড সদস্যৰ পৰা এক লাখ, আঞ্চলিক পঞ্চায়তৰ টিকটৰ নামত ৫ ৰ পৰা ৭ লাখ আৰু জিলা পৰিষদৰ সদস্যৰ টিকটৰ বাবদ ১০ ৰ পৰা ১২ লাখকৈ টকা বিছাৰিছে৷ তদুপৰি যি সমূহ পঞ্চায়তত দলীয় প্ৰাৰ্থীত্ব বিচাৰি দুই এজনে আবেদন দাখিল কৰিছে তেনে পঞ্চায়তত একাংশ দলীয় কৰ্মীক লোভ দেখুৱাই অধিক প্ৰাৰ্থীত্বৰ দাবীদাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে৷ দলীয় কৰ্মীৰ কথাত গুৰুত্বাৰোপ নকৰি বিধায়িকা নন্দিতা দাসে যিয়েই বেছি টকা দিব পাৰিছে তাৰ নামটোৱেই প্ৰাৰ্থীত্ব প্ৰদান কৰাত চূড়ান্ত কৰিছে৷ প্ৰায় দুটা কাৰ্যকাল অৰ্থাৎ ৯ বছৰ বিধায়ক হিচাপে থাকি বকোৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ন্যুনতম উন্নয়নমূলক কাম নকৰা বিধায়িকা নন্দিতা দাসে এতিয়া সংখ্যালঘু এলেকাৰ পঞ্চায়তৰ প্ৰাৰ্থীত্ব প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছে৷ বিধায়িকা নন্দিতা দাসে তেওঁৰ বকোস্থিত বাসগৃহত প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলক মাতি নিশা এনেদৰে ধনৰ লেন-দেন কৰিছে৷ অন্যহাতে, একমাত্ৰ ধনৰ বাবেই কংগ্ৰেছ দল নকৰা লোককো দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে৷ সমগ্ৰ বিষয়টোত প্ৰদেশ কংগ্ৰেছৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বিধায়িকা নন্দিতা দাসক প্ৰাৰ্থীত্ব প্ৰদানৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ দাবী জনাইছে আমছুৱে৷
তেজপুৰৰ দোলাবাৰীত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ তৎপৰতা তেজপুৰতো বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কংগ্ৰেছ দলৰ একাংশৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাত তীব্ৰতৰ হৈ উঠিছে৷ তেজপুৰৰ ভোমোৰাগুৰি জিলা পৰিষদৰ আসনৰ প্ৰাৰ্থীত্বকলৈ আজি তেজপুৰৰ দোলাবাৰীত একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ তেজপুৰৰ দোলাবাৰীত আজি স্থানীয় কংগ্ৰেছ কৰ্মী সকলে পাঁচমাইল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিনুল ইছলামক এইবাৰ ভোমোৰাগুৰি জিলাপৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি অসন্তুষ্টি ব্যক্ত কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে৷ তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰি জিলা পৰিষদৰ সদস্য পদৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিছে জিলা পৰিষদখনৰ প্ৰাক্তন সদস্য ৰফিজ উদ্দিন আহমেদ, পাচঁমাইল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিনুল ইছলাম, গোটলং নিবাসী ব্যৱসায়ী ইদ্ৰীছ আলী আৰু নপাম গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিলদাৰ হুছেইনে৷ কিন্তু কংগ্ৰেছ দলৰ পৰা আমিনুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিচৰাত কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে অসন্তুষ্টি ব্যক্ত কৰি দোলাবাৰীত কেইবা শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ অভিযোগ মতে পাঁচমাইল গাঁও পঞ্চায়তৰ সভাপতি হিচাপে যথেষ্ট দুৰ্নীতি সংঘটিত কৰা আমিনুলৰ পূৰ্বৰ ভোটাধিকাৰ থকা পাঁচমাইল অঞ্চল নদুৱাৰত চামিল হোৱাত তেওঁ এতিয়া নতুনকৈ দোলাবাৰীত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি ভোমোৰাগুৰিৰ পৰা জিলাপৰিষদৰ প্ৰাৰ্থীত্ব দাবী কৰিছে৷ তেওঁকে এতিয়া কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিচৰাত ক্ষোভিত হৈ পৰা কংগ্ৰেছ কৰ্মী সকলে আমিনুল ইছলামৰ প্ৰাৰ্থীত্ব মানি নোলোৱাৰ সকীয়নি প্ৰদান কৰাৰ লগতে ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে যোৱা উপনিৰ্বাচনত কংগ্ৰেছৰ বাবে চামগুৰি সদৃশ ঘটনা সংঘটিত হোৱাৰো সকীয়নি প্ৰদান কৰে৷