চেঙাৰ চৰাঞ্চলৰ ৯ খন পঞ্চায়তত কংগ্ৰেছ-AIUDFৰ মাজতে হ'ব মূল যুঁজ
'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদক, ১৮ এপ্ৰিলঃ বহু জল্পনা কল্পনা আৰু হিচাপ নিকাচৰ অন্তত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু জিলা পৰিষদ সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰি মনোনয়নপত্ৰ দাখিল কৰাৰ পাছতে নিৰ্বাচনী বতাহ একপ্ৰকাৰ গৰম হৈ পৰিছে। প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য সকলে দলীয় প্ৰতীক বিহীনভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে কেৱল জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে দলীয় প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হৈছে। চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলৰ প্ৰতিখন গাঁও পঞ্চায়তত ৯৯ শতাংশ ধৰ্মীয় সংখ্যালঘু লোকে বসবাস কৰাৰ বাবেই আটাইকেইখন গাঁও পঞ্চায়তত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজতে মূল প্ৰতিদ্বন্দিতা হ'ব বুলি ধাৰণা কৰা হৈছে। যাৰ বাবে প্ৰতিখন গাঁও পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ বিপৰীতে শাসকীয় বিজেপি-অগপ মিত্ৰজোঁটে দুই এখন গাঁও পঞ্চায়তত প্ৰাৰ্থিত্ব প্ৰদান কৰিলেও তেনে কোনো নিৰ্বাচনী তৎপৰতা দেখা পৰিলক্ষিত হোৱা নাই।
জানিব পৰা মতে, চেঙা সমষ্টিৰ চৰাঞ্চলৰ ৯ খন গাঁও পঞ্চায়ত মিলি ১৬ নং বাঘমাৰা চৰ আৰু ১৭ নং খোলাবান্ধা জিলা পৰিষদ সমষ্টি গঠিত হৈছে। আমাৰ হাতত পৰা তথ্য অনুসৰি বাঘমাৰা চৰ, ভাতনাপাইতি, কদমতোলা, উজিৰৰচৰ আৰু ধৰ্মপুৰ-ৰামাপাৰা গাঁও পঞ্চায়ত মিলি গঠন হোৱা ১৬ নং বাঘমাৰা চৰ জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ আকলিমা খাতুনে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে এ আই ইউ ডি এফৰ কহিনুৰ বেগমে মনোনয়নপত্ৰ দাখিল কৰিছে। অন্যহাতে আলোপতি-মাজৰচৰ, খোলাবান্ধা, কাছুমাৰা আৰু ম'হচৰা গাঁও পঞ্চায়ত মিলি গঠন হোৱা ১৭ নং খোলাবান্ধা জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ অধিবক্তা আব্দুল মান্নান আহমেদে মনোনয়নপত্ৰ প্ৰদান কৰাৰ বিপৰীতে এ আই ইউ ডি এফে মফিদা আহমেদক দলীয় টিকট প্ৰদান কৰিছে। ১৭ নং খোলাবান্ধা জিলা পৰিষদ সমষ্টিত বিজেপিৰ হাফিজুৰ ৰহমান ভূঞা আৰু নিৰ্দলীয় হিচাপে মনোনয়নপত্ৰ দাখিল কৰিছে আমিৰ হামজাই। দুয়োটা জিলা পৰিষদ সমষ্টিত প্ৰাৰ্থী সকলে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে যদিও কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজতে যুঁজ হ'ব বুলি ধাৰণা কৰা হৈছে।
এ আই ইউ ডি এফৰ সাংগঠনিক দিশ বহু পৰিমাণে দুৰ্বল হোৱা বাবে কংগ্ৰেছে তুলনামূলকভাৱে কিছু সন্তোষজনক স্থিতিত আছে বুলি ধাৰণা কৰা হৈছে। ইপিনে দুয়োখন জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ, এ আই ইউ ডি এফে প্ৰতিখনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত অগপ-বিজেপিয়ে দুই এখন পঞ্চায়তত প্ৰাৰ্থিত্ব প্ৰদান কৰিয়ে ক্ষান্ত আছে। জানিব পৰা মতে, আলোপতি মাজৰচৰ গাঁও পঞ্চায়তত কংগ্ৰেছে আবুল বাশ্বাৰ আনছাৰীক, এ আই ইউ ডি এফে নুৰ মহম্মদ আলীক আৰু বিজেপিয়ে জাকিৰ হুছেইনক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বাঘমাৰাচৰ গাঁও পঞ্চায়তত কংগ্ৰেছে শ্বাহানুৰ ইছলামক, এ আই ইউ এফে আব্দুৰ ৰহমানক আৰু অগপই ৰহিজুদ্দিন আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ভাতনাপাইতি গাঁও পঞ্চায়তত কংগ্ৰেছে শ্বোহাগী নেছাক আৰু এ আই ইউ ডি এফ দলে আছমিনা হকক টিকট প্ৰদান কৰিছে। কদমতোলা পঞ্চায়তত কংগ্ৰেছে তছলিমা নাচৰীনক আৰু এ আই ইউ ডি এফে দলীয় টিকট প্ৰদান কৰিছে ৰহিমা খাতুনক। ইপিনে খোলাবান্ধা গাঁও পঞ্চায়তত কংগ্ৰেছ দলে ময়মনা খাতুনক আৰু এ আই ইউ ডি এফে আমিনা খাতুনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
কাছুমাৰা গাঁও পঞ্চায়তত এ আই ইউ ডি এফে নুৰ আলমক আৰু কংগ্ৰেছে শ্বাহাব উদ্দিন আহমেদক প্ৰাৰ্থিত্ব দিছে। ম'হচৰা পঞ্চায়তত কংগ্ৰেছে আবু তালেপ আকন্দক আৰু এ আই ইউ ডি এফে ছমেৰ আলীয়ে দলীয় প্ৰাৰ্থিত্ব আগবঢ়োৱা বুলি খবৰ পোৱা গৈছে। অন্যহাতে ৰামাপাৰা-ধৰ্মপুৰ গাঁও পঞ্চায়তত কংগ্ৰেছে আজমল হকক দলীয় টিকট প্ৰদান কৰাৰ বিপৰীতে এ আই ইউ ডি এফ দলে কহিনুৰ খাতুনক প্ৰদান কৰিছে প্ৰাৰ্থিত্ব। তদুপৰি উজিৰৰচৰ গাঁও পঞ্চায়তত কংগ্ৰেছে ফিৰোজা খাতুনক, এ আই ইউ ডি এফে মনোৱাৰা খাতুন আৰু বিজেপিয়ে শ্বাজেদা খাতুনক দলীয় টিকট প্ৰদান কৰিছে। কংগ্ৰেছ, এ আই ইউ ডি এফৰ লগতে শাসনাধিষ্ঠিত অগপ বিজেপিয়ে দুই এখন পঞ্চায়তত প্ৰাৰ্থিত্ব প্ৰদান কৰাত প্ৰতিজনে ইতিমধ্যে মনোনয়নপত্ৰ দাখিল কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ধৰ্মীয় সংখ্যালঘু ভোটাৰপূৰ্ণ চেঙা সমষ্টিৰ উল্লেখিত ৯ খন গাঁও পঞ্চায়ততে পূৰ্বৰ তুলনাত এ আই ইউ ডি এফৰ সাংগঠনিক ভেটি দুৰ্বল হৈ পৰাত ইয়াৰ সুযোগ লৈ কংগ্ৰেছৰ প্ৰাৰ্থী সকলে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ প্ৰয়াস কৰিছে। প্ৰাৰ্থী সকলে দিনে নিশাই ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।






