বহু চৰ্চিত লেখিকা ড০ পৰিধি শৰ্মা কোন? উদ্ধাৰ হ'ল পৰিচয়
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ এটা বিশেষ নাম, যিটো নামে তোলপাৰ লগাই আহিছিল বৌদ্ধিক সমাজত। মালোচনামূলক সাহিত্য ক্ষেত্রখনত কম সময়ৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল ড০ পৰিধি শৰ্মাই। ড০ পৰিধি শৰ্মা প্ৰকৃততে কোন? ভুৱা পৰিচয়, ফেচবুক একাউণ্টেৰে বিভিন্নজনক প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছে পৰিধি শৰ্মাৰ আঁৰৰ ব্যক্তিজনৰ বিৰুদ্ধে। অৱশেষত চি আই ডিৰ তদন্তত ফাদিল হৈছে ড০ পৰিধি শৰ্মাৰ প্ৰকৃত পৰিচয়।পৰিধি শৰ্মা নামটোৰ আঁৰত আছে শিৱসাগৰৰ এজন যুৱক।যুৱক জন হৈছে গৌৰীসাগৰৰ দিখৌমুখ ভৰলুৱাৰ ধ্ৰুৱজ্যোতি শইকীয়া।
ধ্ৰুৱজ্যোতিয়ে ছদ্মনামত লিখা-মেলা কৰিছিল, সাহিত্যিক-বুদ্ধিজীৱীৰেও সু-সম্পৰ্ক ৰাখিছিল। ফেচবুকত ভুৱা পৰিচয়েৰে একাউণ্ট খুলি সমালোচনামূলক সাহিত্য ক্ষেত্রখনত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনহাতে, তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰো ৰুজু কৰিছে অসম আৰক্ষীয়ে। উল্লেখযোগ্য যে অসমৰ বহু বুদ্ধিজীৱীক অন্ধকাৰত ৰাখি ছদ্মনামেৰে বৌদ্ধিক জগতখনত খলকনিৰ সৃষ্টি কৰা ড০ পৰিধি শৰ্মাৰ প্ৰকৃত পৰিচয় অৱশেষত উদ্ধাৰ কৰিলে অসম আৰক্ষীৰ চি আই ডি শাখাই।
এজন ৰহস্যময় যুৱকে ভুৱা পৰিচয়েৰে বহু বুদ্ধিজীৱীৰ সৈতে মহিলাৰ মাতেৰে কথা পাতি আভুৱা-ভাঁৰি আহিছিল। কিন্তু সাহিত্যৰ ক্ষেত্ৰখনৰ পৰা অসম চৰকাৰৰ বিত্ত বিভাগৰ এখন সমিতিত স্থান পোৱাৰ পাছত তেওঁৰ পৰিচয়ৰ ওপৰত সন্দেহৰ সৃষ্টি হয়। ইপিনে ড০ পৰিধি শৰ্মাই দিল্লী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে নিজকে পৰিচয় দি আহিছিল। কিন্তু নাৰীৰ নাম আৰু কণ্ঠেৰে বহুতক প্ৰৱঞ্চনা কৰি এতিয়া শলঠেকত পৰিছে ধ্ৰুৱজ্যোতি শইকীয়া।






