জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ সমীপত থকা চিলে নদীলৈ আহিছে ভয়ংকৰ ভাবুকি
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদক, ১৮ এপ্ৰিলঃ বিগত প্রায় দুমাহ ধৰি জোনাই সমষ্টিৰ কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলে নৈৰ পানী ঘোলা অহাৰ ফলত মৃত্যু হৈছে নৈখনত থকা বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ। চিলে নৈৰ পানী সেৱন কৰাৰ ফলত জীৱ-জন্তু সমূহৰ লগতে মানুহৰ দেহটো দেখা দিছে অচিন ৰোগ। স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি, নৈখনত থকা বিভিন্ন জলজ প্ৰাণী সমূহৰ জীৱনলৈ ভয়াৱহ সংকেত নামি আহিছে।
উল্লেখ্য যে অৰুণাচল প্ৰদেশত চলি থকা ৰে'লৱে দলং নিৰ্মাণ, চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ, ক্ৰেচাৰ মিলত চলি থকা কামৰ লগতে লেকু নদীত দলং নিৰ্মাণত ব্যৱহাৰ হোৱা চিমেণ্ট অথবা ৰাসায়নিক দ্ৰব্য নৈত পেলোৱাৰ ফলত নদীৰ পানী প্ৰদূষিত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ।
আনহাতে, চিলে নৈৰ কাষৰীয়া অঞ্চলত বসবাস কৰা প্ৰায় দহখনতকৈ অধিক গাঁৱৰ পৰিয়ালে এই নদীৰ পানী খোৱা,গা ধোৱা, কাপোৰ-কানি ধোৱা আদি বিভিন্ন কামত দৈনিক ব্যৱহাৰ কৰি আহিছে। যাৰ ফলত বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ লগতে হাঁহ, কুকুৰা, ছাগলী,গৰু আদি নদীৰ পানী খাই মৃত্যু মুখত পৰিছে৷অতি শীঘ্ৰে পবাৰ জীৱকুলৰ লগতে নদীৰ প্ৰাণীসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিভাগীয় কর্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে।






