Logo
image

মঞ্চত কান্দি কান্দি গীত পৰিৱেশন কৰিলে কণ্ঠশিল্পী জুবলী বৰুৱাই

'আমাৰ অসম'ৰ ডিজিটেল সংবাদঃ তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ মঞ্চত আবেগিক হৈ পৰিল কণ্ঠশিল্পী জুবলী বৰুৱা। প্ৰথমটি গীত পৰিবেশন কৰিয়ে আবেগিক হৈ পৰিল জুবলী।‌ কান্দি কান্দি বিহু মঞ্চত গীত পৰিবেশন কৰিলে জুবলীয়ে। কান্দি কান্দিয়েই মঞ্চত জুবলীয়ে ক'লে, 'যি সময়ত মই হাস্পাতালত থাকিব লাগিছিল সেই সময়ত মই ৰাইজৰ লগত আছো। মোৰ ভাইটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই সময়ত মই ভাইটিৰ কাষত থাকিব লাগিছিল। কিন্তু আপোনালোকক মই কথা দিছিলো যে মই এই মঞ্চত গীত পৰিৱেশন কৰিম।


সেইবাবেই মই ৰাইজৰ লগত আছো। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ ভাইটি সুস্থ হৈ উঠে। ৰাইজে নখ জোকাৰিলে নৈ বয়।' হয়, ভাইটিৰ চিকিৎসাধীন অৱস্থাৰ বাবে আবেগিক হৈ পৰিল কণ্ঠশিল্পী জুবলী বৰুৱা। ৰাইজৰ মৰমৰ বাবে গীত পৰিবেশন কৰিব আহিছে বুলি মন্তব্য জুবলীৰ। কথা দি কথা ৰাখাৰ বাবে অনুষ্ঠান পৰিবেশন কৰিছে জুবলীয়ে। ভুল হ'লে ক্ষমা কৰি দিবৰ বাবে ৰাইজক অনুৰোধ কণ্ঠশিল্পী জুবলীৰ। তাৰ পাছত এটাৰ পিছত এটা গীত সুন্দৰকৈ পৰিবেশন কৰি গ’ল জুবলীয়ে।