Logo
image

জনপ্ৰিয় ধৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ অভিনেতাক দুৰ্বৃত্তৰ আক্ৰমণ

'আমাৰ অসম'ৰ ডিজিটেল সংবাদঃ জনপ্ৰিয় ধৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ জনপ্ৰিয় অভিনেতাক দুৰ্বৃত্তৰ আক্ৰমণ। বেহাৰবাৰী আউট পোষ্টত ‘তিৱাৰী’ চৰিত্ৰৰে দৰ্শকৰ মন জয় কৰা জোনমনি ভূঞাক দুৰ্বৃত্তৰ আক্ৰমণ। সামাজিক মাধ্যমযোগে জনালে বেহাৰবাৰী আউট পোষ্টৰ পৰিচালক তথা জনপ্ৰিয় অভিনেতা মনোজ শইকীয়াই। 


তেওঁ সামাজিক মাধ্যমযোগে কয় যে জোনমনি ভূঞা (টিৱাৰী) খুউব সহজ-সৰল, নিষ্ঠাবান অভিনয় শিল্পী, তেওঁক দেওবাৰে দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে। বৰ্তমান তেওঁক তেজপুৰৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ স্থানান্তৰ কৰিছে। তেওঁৰ আৰ্থিক অৱস্থা স্বচ্ছলো নহয়। বৰ্তমান তেওঁৰ চিকিৎসাৰ বাবে যথেষ্ট  অৰ্থৰ প্ৰয়োজন হৈছে। যি সকলে পাৰে অকনমান সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।