Logo
image

আশাব্যঞ্জক প্ৰদৰ্শন নোহোৱাত বিচিচিআইৰ তালিকাত নাই ৰিয়ান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ এপ্ৰিলঃ  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মুঠতে ৩৪জন ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰি চেণ্ট্ৰেল কণ্ট্ৰেক্ট বা কেন্দ্ৰীয় চুক্তি প্ৰকাশ কৰাৰ লগে লগে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ কিয় এই চুক্তিত অন্তৰ্ভুক্ত নহ’ল সেই লৈ ৰাজ্যৰ ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন হৈছে৷ একেৰাহে আইপিএলত খেলি থকা, ৰাজস্থান ৰয়েল্‌ছক নেতৃত্ব প্ৰদান কৰা আৰু টীম ইণ্ডিয়াতো প্ৰথমজন অসমীয়া পুৰুষ ক্ৰিকেটাৰ হিচাপে স্থানলাভ কৰাৰ বাবেই ৰিয়ান পৰাগক লৈ এনে প্ৰশ্ন উত্থাপন হৈছে৷      আপাত দৃষ্টিত বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত হ’ব পৰাকৈ অসমৰ ৰিয়ান পৰাগৰ অৰ্হতা নাই৷ কিয়নো এই চুক্তিত আবদ্ধ হোৱাৰ বাবে এজন ক্ৰিকেটাৰৰ নূন্যতম কেইটামান অৰ্হতাৰ প্ৰয়োজন৷ সাধাৰণতে এই চুক্তিত অন্তৰ্ভুক্ত হোৱাৰ বাবে এজন ভাৰতীয় ক্ৰিকেটাৰে ৩খন টেষ্ট, জ্জ্বখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ আৰু ১০খন টি-২০ মেচ খেলিব লাগে৷ তেনে ক্ৰিকেটাৰকহে বিচিচিআয়ে কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত কৰে৷ ৰিয়ান পৰাগে এতিয়ালৈকে এখন এদিনীয়া আৰু ৯খন টি-২০ মেচ খেলিছে টীম ইণ্ডিয়াৰ সদস্য হৈ৷ ৰিয়ানে এতিয়ালৈকে এখনো টেষ্ট খেলা নাই৷ সেইদিশৰ পৰা ৰিয়ানৰ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত হোৱাৰ অৰ্হতা নাই৷


কিন্তু, যদিহে কোনো ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত চমৎকাৰ প্ৰদৰ্শন আগবঢ়াব পাৰে, তেন্তে এই তিনিটা অৰ্হতা নথকা সত্ত্বেও কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত হ’ব পাৰে৷ তেন্তে উদাহৰণ এইবাৰৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাতে আছে৷ নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰানা আৰু বৰুণ চক্ৰৱৰ্তীয়ে সেই অৰ্হতা নোহোৱাকৈয়ে ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিত স্থান লাভ কৰিছে৷ ৰিয়ান পৰাগে তেনে সুযোগ নোপোৱাৰ কাৰণ হ’ল তেওঁৰ মধ্যমীয়া প্ৰদৰ্শন৷ ৰিয়ান পৰাগ বা তেওঁতকৈ উন্নত প্ৰদৰ্শন কৰা বহু ক্ৰিকেটাৰ দেশত আছে৷ যদিহে সুয়োগ পাওঁতে ৰিয়ানে তাৰ সদ্‌ব্যৱহাৰ কৰি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’লহেঁতেন, তেন্তে তেওঁ এই নূ্যনতম অৰ্হতা নোহোৱাকৈয়ো চুক্তিবদ্ধ হোৱাৰ সুযোগ পালেহেঁতেন৷