UPSCৰ পৰীক্ষাত উজলিল অসম সন্তান ভাস্বত শইকীয়া
'আমাৰ অসম'ৰ ডিজিটেল সংবাদ, নগাঁওঃ আজি ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাৰ ফলাফল৷ উক্ত পৰীক্ষাৰ ঘোষিত ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই পুনৰবাৰ ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ আই পি এছৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰ উক্ত পৰীক্ষাৰ ঘোষিত ফলাফলত মুঠ ১০০৯ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিগত ২০২৩ চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১০১৬ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল।
২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলতো নগাঁৱৰ ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই। নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বত শইকীয়াই আজি সাফল্য অৰ্জন কৰাৰ পিছতেই জিলাখনত আনন্দৰ জোৱাৰ বৈ গৈছে। উল্লেখযোগ্য যে ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া বাচনি কৰিবলৈ ইউ পি এছ চিয়ে তিনিটা পৰ্যায়ত বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।






