কাজিৰঙাত পৰ্যটকৰ বাবে এই দিনটোৰ পৰা বন্ধ হ'ব ছাফাৰী
'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২২ এপ্ৰিলঃ দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ৩০ এপ্ৰিলত বন্ধ হ’ব হাতী ছাফাৰী৷ আনহাতে, মে' মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য, বিগত বৰ্ষৰ অক্টোবৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছিল ২০২৪-২৫ পৰ্যটন বৰ্ষ৷ আশানুৰূপভাৱে দেশী-বিদেশী পৰ্যটকৰ ভিৰৰ লগতে এই পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে বহু বিশিষ্ট লোকে৷ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত অৰ্ধ শতাধিক দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, প্ৰতিনিধিয়ে এই পৰ্যটন বৰ্ষতে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ আনহাতে, কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি যায় ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰেও৷
উল্লেখ্য, বিগত বৰ্ষসমূহত দেশৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে বিশ্বৰ সৰ্বাধিক এশিঙীয়া গঁড়ৰ বাসস্থান তথা ঢেকীয়া পতীয়া বাঘ, হাতী, এচিয় ম'হ, দুষ্প্ৰাপ্য দল হৰিণাৰকে ধৰি জৈৱবৈচিত্রৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাত স্বাভাৱিকতে বিশ্ব মানচিত্ৰত কাজিৰঙাৰ প্ৰচাৰ বৃদ্ধি পায়৷ সেই অনুপাতে, বিগত বৰ্ষৰ পৰা পৰ্যটক বৃদ্ধি পাই চলিত পৰ্যটন বৰ্ষত ৪ লক্ষাধিক পৰ্যটকে কাজিৰঙাত ভিৰ কৰাৰ সমান্তৰালকৈ প্ৰায় ১১ কোটি টকা ৰাজহ এই পৰ্যন্ত পৰ্যটকৰ পৰা সংগ্ৰহ কৰা হৈছে বুলিও উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছে৷ ইফালে, নিয়ম অনুসৰি অহা ৩০ এপ্ৰিলত পৰ্যটকৰ বাবে কাজিৰঙাত হাতী ছাফাৰী বন্ধ কৰা হ’ব বুলি জানিবলৈ দি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰে যে, বিগত পৰ্যটন বৰ্ষৰ ১৫ মে’ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী বন্ধ কৰা হৈছিল৷ চলিত ২০২৪-২৫ পৰ্যটন বৰ্ষতো বতৰলৈ লক্ষ্য ৰাখি বিশেষকৈ জীপ ছাফাৰী বন্ধৰ সিদ্ধান্ত লোৱা হ’ব বুলি জনাই উদ্যান কৰ্তৃপক্ষই৷






