
বাংলাদেশৰ বাবে উৎপাদিত ৰাহি বিদ্যুৎ অসমক বিক্ৰী কৰিব আদানিয়ে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত আদানিৰ সৈতে স্বাক্ষৰিত বিদ্যুৎ ক্ৰয় চুক্তি বাতিল হোৱাৰ উপক্ৰম হৈছে৷ উল্লেখ্য, ২০১৭ চনত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত বাংলাদেশ পাৱাৰ ডেভেলপমেণ্ট ব’ৰ্ড চমুকৈ বিডিবিৰ সৈতে আদানিৰ এখন চুক্তি স্বাক্ষৰ হৈছিল৷ এই চুক্তিমতে আদানি গ্ৰুপে বাংলাদেশক ২৫ বছৰৰ বাবে বিদ্যুৎ যোগানৰ কথা আছিল৷ আদানি গ্ৰুপৰ অধীনস্থ ঝাৰখণ্ডৰ গোড্ডা কয়লাভিত্তিক ছুপাৰক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লেণ্টৰ পৰা বাংলাদেশক দৈনিক ১৬০০ মেগাৱাটৰ বিদ্যুৎ যোগানৰ বাবে এই চুক্তি হৈছিল৷ দুই বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে আদানি গ্ৰুপে ঝাৰখণ্ডত কেৱল বাংলাদেশৰ বাবেই এই প্ৰকল্পটো স্থাপন কৰিছিল৷ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা প্ৰকল্পটোত বিদ্যুৎ উৎপাদন আৰম্ভ হৈছিল আৰু চুক্তিমৰ্মে উৎপাদিত বিদ্যুৎ আদানি গ্ৰুপক বিক্ৰী কৰিছিল৷ কিন্তু বিগত বৰ্ষত বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ক্ষমতাচ্যুত হয় আৰু তেওঁ দেশ এৰি পলায়ন কৰে৷ আনফালে, দেশখনত দেখা দিয়ে চৰম আৰ্থিক সংকটে৷ পৰিণতি এনে হয় যে বাংলাদেশে আদানি গ্ৰুপক বিদ্যুৎ ক্ৰয়ৰ বাবদ দিবলগীয়া ধনো আদায় দিব নোৱৰা হয়৷ ফলত বিগত বৰ্ষৰ ৩১ অক্টোবৰত আদানি গ্ৰুপে এটা ইউনিটত উৎপাদন বন্ধ কৰি দিবলগীয়া হয়৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে গোড্ডা প্ৰকল্পৰ দুটা ইউনিটত ৮০০কৈ মুঠ ১,৬০১ ইউনিট বিদ্যুৎ উৎপাদন হৈছিল৷ চুক্তিমৰ্তে বিদ্যুৎ ক্ৰয়ৰ বাবদ বাংলাদেশে মাহে আদানি গ্ৰুপক ৮ কোটি ৫০ লাখ ডলাৰকৈ পৰিশোধ কৰিব লাগে৷
কিন্তু শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত বাংলাদেশৰ এটা পক্ষৰ এই চুক্তিক লৈয়ো সন্দেহ ওপজে আৰু তেওঁলোক বাংলাদেশ হাইক’ৰ্ট দ্বাৰস্থ হয়৷ তেওঁলোকৰ অভিযোগ অনুসৰি আদানি গ্ৰুপে উৎপাদিত বিদ্যুৎ ভাৰতৰ তুলনাত ৯৫ শতাংশ অধিক দামত বাংলাদেশক বিক্ৰী কৰিছে৷ শীঘ্ৰেই ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰায় দিয়াৰ লগতে আদানি গ্ৰুপৰে চুক্তি বাতিলৰো নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে৷ এনে প্ৰেক্ষাপটত আদানিৰ বাংলাদেশক বিদ্যুৎ যোগান চুক্তি বাতিল হোৱাৰ পথলৈ গতি কৰিছে৷ বাংলাদেশৰ বাবে উৎপাদিত ৰাহি হোৱা বিদ্যুৎ অসমক বিক্ৰী কৰিব আদানিয়ে৷ ইতিমধ্যে পাঁচশ মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ বাবে অসম বিদ্যুৎ নিয়মক আয়োগে এপিডিচিএলক অনুমতি দিছে৷ এই বিদ্যুৎ এপিডিচিএলে মূলত আদানি গ্ৰুপৰ লগতে জিণ্ডাল ইণ্ডিয়া থাৰ্মেল পাৱাৰ, ডি বি পাৱাৰ, এম বি পাৱাৰ মধ্য প্ৰদেশ লিমিটেডৰ পৰা ক্ৰয় কৰিব৷ প্ৰতি ইউনিট বিদ্যুৎ ৫.৭৯ টকাত ক্ৰয় কৰিব এপিডিচিএলে৷ ইয়াৰে দুশ মেগাৱাট বিদ্যুৎ চলিত বৰ্ষৰ পৰাই এপিডিচিএলে ক্ৰয় কৰিব৷ লক্ষণীয় যে আদানিৰ ঝাৰখণ্ডৰ গোড্ডা তাপবিদ্যুৎ প্ৰকল্প ছত্তিশগড়ৰ হাচদেউ বনাঞ্চলৰ পৰা উৎপাদিত কয়লাৰে চলে৷ আদানি গ্ৰুপে এই কয়লা খননৰ বাবে ২০ বছৰৰ বাবে লীজ লাভ কৰিছে৷ কয়লা খননৰ ফলত ইতিমধ্যে বনাঞ্চলখনৰ চাৰি তিনিলাখ জোপা গছ কাটি পেলোৱাৰ অভিযোগ উঠিছে৷ ভাৰত চৰকাৰে আদানি গ্ৰুপক কয়লাৰ লীজৰ পৰিমাণ বঢ়াই দিয়াত আৰু আঢ়ৈ লাখ জোপা গছ কটাৰ বাবে প্ৰস্তুতি চলাইছে৷ জানিব পৰা মতে দেশৰ মুঠ কয়লাৰ ৮ শতাংশ কয়লাই ছত্তিশগড়ৰ হাচদেউত বনাঞ্চলত মজুত আছে আৰু সেই সমগ্ৰ কয়লা এতিয়া আদানিৰ হাতত, সেয়েহে আদানি গ্ৰুপে অসমতো এটা তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷