Logo
image

মৰিগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩২৯৮ জন

'আমাৰ অসম'ৰ জাগীৰোডৰ প্ৰতিবেদক, ২৩ এপ্ৰিলঃ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৭ মে'ত অনুষ্ঠিত হ'ব লগা মৰিগাঁও জিলাৰ জিলা পৰিষদ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৯ জন, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা এজন। আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৭৭ জন, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ১৪ জন আৰু গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৮৯২ জন, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ১১৫ জন। মৰিগাওঁ জিলা নিৰ্বাচন শাখাৰ তথ্য অনুসৰি জাগীৰোড সম-জিলাৰ অধীনৰ জিলা পৰিষদ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮ জন। 


আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৫১ জন, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ৯ জন। গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৫৭৪ জন, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ৬১ জন। লাহৰীঘাট সম-জিলাৰ অধীনৰ জিলা পৰিষদ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৪ জন। আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮৯ জন, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা এজন। গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮৩২ জন, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ২০ জন। প্ৰতিজন প্ৰাৰ্থীয়ে নিজ প্ৰতীক তথা সমৰ্থকক লগত লৈ গাঁৱে গাঁৱে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।