Logo
image

পেহেলগামৰ ঘটনাত কথমপি প্ৰাণ ৰক্ষা বঙাইগাঁৱৰ ১১ জনীয়া পৰ্যটকৰ

'আমাৰ অসম'ৰ বঙাইগাঁৱৰ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ কাশ্মীৰৰ পেহেলগামত কথমপি প্ৰাণ ৰক্ষা বঙাইগাঁৱৰ ১১ জনীয়া এটি পৰ্যটকৰ দলৰ৷  মঙ্গলবাৰে সন্ত্ৰাসবাদী সংগঠনে ধাৰাবাহিক ভাবে গুলীয়াই ২৬ জন পৰ্যটকক হত্যা কৰি যি নৰসংহাৰ ঘটনা সংঘটিত কৰিলে এই ঘটনাতে কথমপি প্ৰাণ ৰক্ষা পৰে বঙাইগাঁৱৰ ১১ জনীয়া পৰ্যটকৰ দলটোৰ৷ উল্লেখ্য যে ১১ জনীয়া এই পৰ্যটকৰ দলটোৱে যোৱা ১৭ এপ্ৰিলত শ্ৰীনগৰত উপস্থিত হৈছিল, ইয়াৰ পিছতে দলটোৱে ১৮ মাৰ্চত গোলমাৰ্গ ভ্ৰমণ কৰে আৰু ২০ এপ্ৰিলত এই  দলটোৱে পেহেলগামত উপস্থিত হৈ ইয়াতে দুদিন থাকে৷


২২ এপ্ৰিল অৰ্থাৎ মঙ্গলবাৰে সংঘটিত হোৱা এই নৰসংহাৰ ঘটনাৰ কিছু সময় পূৰ্বে দলটোৱে পেহেলগাম ত্যাগ কৰি পুনৰ শ্ৰীনগৰত উপস্থিত হয়৷ কাইলৈ ফ্লাইট যোগে দলটোৱে গুৱাহাটীলৈ ৰওনা হ'ব বুলি জানিব পৰা গৈছে৷ ১১ জনীয়া দলটোত আছিল ক্ৰমে বিশ্বজিৎ চেটাৰ্জী, চন্দন চেটাৰ্জী, সন্দীপন চেটাৰ্জী, শংকৰ চেটাৰ্জী, সোমা চেটাৰ্জী, শ্বেতা চেটাৰ্জী, জয়ন্ত নাথ, অভিষেক নাথ, পূৰ্ণপমা নাথ, অভিজ্ঞান নাথ আৰু কানু নাথ৷