নগাঁৱৰ কঠিয়াতলীত চিলনী চোৰে লুটিলে গহনাৰ লগতে প্ৰায় ৩০ লাখ টকা
'আমাৰ অসম'ৰ ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলীৰ মাজমজিয়াত বুধবাৰে নিশা সংঘটিত হোৱা ডকাইতি কাণ্ডই স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে৷ কঠিয়াতলীস্থিত ৰামকৃষ্ণ জেমচ্ এণ্ড জুৱেলাৰী স্বৰ্ণ অলংকাৰ বিপনীৰ স্বত্বাধিকাৰী বাপন মিত্ৰৰ পৰা সোণ-ৰূপৰ গহনাৰ লগতে হীৰাৰ গহনা ভৰ্তি বেগ থাপ মাৰি লৈ যায়। বিপনী বন্ধ কৰি এখন স্কুটিৰে ঘৰলৈ গৈ থকা সময়ত পিছ ফালৰ পৰা এখন নম্বৰ প্লেট বিহীন বাইকত অহা মাস্ক পৰিহিত দুজন যুৱকে বাট আগুছি বেগটো লৈ পলায়ন কৰে।
ব্যৱসায়ী গৰাকীৰ পৰা ২০ ভৰি সোণৰ গহনা, ৭ লক্ষাধিক টকাৰ ডাইমণ্ডৰ গহনা আৰু নগদ মুঠ ৩০ লাখ টকা লুট কৰি লৈ যায়৷ ঘটনাৰ লগে লগে আৰক্ষীক খবৰ দিয়াত দুৰ্বৃত্তৰ পিছে পিছে খেদি যায় আৰক্ষীৰ দল৷ কঠিয়াতলী আৰক্ষীয়ে ঘটনাৰ তদন্ত ক্ষিপ্ৰ গতিত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।






