
ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ এথলেটিকছত উজলিল দৰঙৰ ৭ গৰাকী খেলুৱৈ
'আমাৰ অসম'ৰ মঙলদৈৰ প্ৰতিবেদক, ২৪ এপ্ৰিলঃ হিমাচল প্ৰদেশৰ ধৰমশালা ষ্টেডিয়ামত যোৱা ২০ এপ্ৰিলৰ পৰা ছুপাৰ মাষ্টাৰ্ছ গেমছ এণ্ড স্প'ৰ্টছ ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ প্ৰতিযোগিতাৰ এথলেটিকছ শাখাত অসমৰ হৈ উজলিল দৰঙৰ পূৰৱী ডেকা আৰু পূৰ্ণিমা কলিতা। দৰং জিলা মাষ্টাৰ্ছ গেমছ এছ'চিয়েশ্যনৰ সম্পাদক বিষ্ণু প্ৰসাদ নাথৰ নেতৃত্বত দৰঙৰ মুঠ ৭ গৰাকী খেলুৱৈয়ে এথলেটিকছত অংশগ্ৰহণ কৰি ৯টা সোণ, ৫টা ৰূপ আৰু ৩টা ব্ৰঞ্জসহ মুঠ ১৭টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত পূৰৱী ডেকাই ৩০ বছৰ উৰ্ধ্বৰ শাখাত ১০০ মিটাৰ, ২০০ মিটাৰ দৌৰ, দীঘল জাম্প আৰু ৪×১০০ মিটাৰ ৰিলে দৌৰত সোণৰ পদক অৰ্জন কৰে।
পুতুলী শইকীয়াই ৬০ বছৰ উৰ্ধ্বৰ শাখাত ডিছকাছ থ্ৰ'ত আৰু দীঘল জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰে। পূৰ্ণিমা কলিতাই ৭০ বছৰ উৰ্ধ্বৰ শাখাত ৪×১০০ মিটাৰ ৰিলে দৌৰ, মিক্স ২৪০ শাখাত ৰূপৰ পদক, ৪×৪০০ মিটাৰ ৰিলে দৌৰত ৰূপ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰে। পূৰ্ণিমা ডেকাই ৬০ বছৰ উৰ্ধ্বৰ শাখাত ৩০০০ মিটাৰ খোজকঢ়াত সোণ আৰু ত্ৰিপল জাম্পত ৰূপৰ পদক লাভ কৰে। ৰিণা ডেকাই ৫০ বছৰ উৰ্ধ্বৰ শাখাত দীঘল জাম্পত ব্ৰঞ্জ, বিনিতা কলিতাই ৪৫ বছৰ উৰ্ধ্বৰ শাখাত ত্ৰিপল জাম্পত ৰূপ আৰু নিজৰা ডেকাই ৫০ বছৰ উৰ্ধ্বৰ শাখাত শ্বটপুটত সোণ আৰু হাম্মাৰ থ্ৰ'ত ৰূপৰ পদক অৰ্জন কৰে। উল্লেখ্য যে পূৰ্ণিমা কলিতাই ৭০ উৰ্ধ্বৰ শাখাত আৰু পূৰৱী ডেকাই ৩০ উৰ্ধ্বৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।