Logo
image

পেহেলগাম কাণ্ড সন্দৰ্ভত ফেচবুকত বিতৰ্কিত মন্তব্য কৰি বৰাকত গ্ৰেপ্তাৰ ৩ জন

'আমাৰ অসম'ৰ শিলচৰৰ প্ৰতিবেদক, ২৫ এপ্ৰিলঃ পেহেলগাম কাণ্ডৰ সমৰ্থনত অথবা সন্ত্ৰাসবাদ, পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰিলে নাইবা সামাজিক মাধ্যমত এই সম্পৰ্কে পোষ্ট কৰিলেই পৰিব বিপদত। ইতিমধ্যে দেশবিৰোধী মন্তব্যৰ বাবে কাকো ৰেহাই দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে কেইবাজনো লোক। উল্লেখ্য যে বৰাকত বৰ্তমানলৈকে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ এ কে বাহাৰ উদ্দিনৰ পিছত পেহেলগাম কাণ্ড সন্দৰ্ভত ফেচবুকত বিতৰ্কিত মন্তব্য কৰি হাইলাকান্দিত এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে। 


সাংবাদিকজনৰ নাম মহম্মদ জাবিৰ হাছান। তেওঁ একাধিক অনলাইন পৰ্টেল আৰু এখন বাতৰি কাকতৰ সাংবাদিক। ইতিমধ্যে পাঁচগ্ৰাম থানাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। কেৱল জাবিৰেই নহয় সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত এতিয়ালৈকে ৰাজ্যখনত আৰু ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ লগতে শিলচৰৰ ছাত্ৰ এ কে বাহাৰ উদ্দিন আৰু কাছাৰৰ অধিবক্তা জাভেদ মজুমদাৰকো গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।