Logo
image

মোৰ নাম যদি AS-০১-৪৫... হ’লহেঁতেন!

যিসকল ব্যক্তিৰ প্ৰচেষ্টাত গাড়ীৰ নম্বৰ পঞ্জীয়ন পদ্ধতিটো আৱিষ্কাৰ হৈছিল তেওঁলোকৰ দূৰদৰ্শিতা, জ্ঞানক সেৱা জনাবই লাগিব৷ যদি গাড়ীৰ নম্বৰ দিয়া পদ্ধতিটো নাথাকিলেহেঁতেন আমি সাধাৰণ লোকে হয়তো মানুহৰ নামেৰে গাড়ীবোৰৰ নামকৰণ কৰিলোহেঁতেন৷ অৱেশ্য এতিয়াও বহু যাত্ৰীবাহী বাহনৰ নাম সেইধৰণে কৰা হয়৷ যেনে ধৰক কোনোবাখন যাত্ৰীবাহী বাছৰ নাম জয় গণেশ, আমিনা, ৰুদ্ৰ, যোচেফ ইত্যাদি ইত্যাদি৷ কিন্তু বিশ্বৰ হয়তো ৯৯%তকৈ অধিক গাড়ীৰ পৰিচয় হয় গাড়ীৰ নম্বৰৰ জৰিয়তে৷ এই পদ্ধতিত সুবিধা বহুত৷ প্ৰথম সুবিধা– একে নম্বৰৰ দুখন গাড়ী নাথাকে৷ দ্বিতীয় সুবিধা– নম্বৰৰ জৰিয়তে গাড়ীখন কোনটো জাতিৰ, কোন ধৰ্মৰ চিনিব নোৱাৰে৷ ধৰি লওক মই হিন্দু৷ গতিকে মোৰ গাড়ীৰ নম্বৰ চাই আপুনি লগে লগে চিনাক্ত কৰিব নোৱাৰে যে গাড়ীৰ গৰাকী হিন্দু অৰ্থাৎ গাড়ীখনো হিন্দু৷ গাড়ীৰ নম্বৰত সেই কথাটো ফুটি নুঠাৰ বাবে এটা কাম খুবেই সহজ হৈ পৰে৷ সেইটো হ’ল মোৰ মন গলেই গাড়ীখন যিকোনো ধৰ্মৰ লোকক বিক্ৰী কৰিব পাৰো৷

মই মোৰ গাড়ীখন বিক্ৰী কৰাৰ পিছত কোনোবা খ্ৰীষ্টান, মুছলমান যিকোনো ধৰ্মৰ লোক পৰৱৰ্তী গৰাকী হ’ব পাৰে৷ ধৰি লওক নম্বৰৰ ঠাইত গাড়ীৰ পঞ্জীয়ন যদি মানুহক দিয়া নামৰ দৰে হ’লহেঁতেন কি অৱস্থা হ’ল হয় কল্পনা কৰকচোন– মই চলোৱা গাড়ীখনৰ নাম ধৰি লওক অক্ষয় পাটোৱাৰী৷ এতিয়া যদি মই গাড়ীখন বিক্ৰী কৰিব লাগে মই মোৰ গোষ্ঠীৰ মানুহ বিচাৰিব লাগিব৷ ধৰ্ম, জাত-পাত সকলো মিলিব লাগিব৷ কোনো মুছলমানে মোৰ গাড়ী নিকিনিব৷ কাৰণ গাড়ীখন বিক্ৰী কৰাৰ পিছতো গাড়ীৰ নাম সলনি কৰিব পৰা নগ’লহেঁতেন৷ চৰকাৰৰ খাতাত গাড়ীৰ পঞ্জীয়ন হৈ আছে অক্ষয় পাটোৱাৰী হিচাপে৷ অৰ্থাৎ গাড়ীখন হিন্দু৷ যিদৰে এতিয়া গাড়ী এখন বিক্ৰী হ’লেও পঞ্জীয়ন নম্বৰ সলনি নহয়, একেদৰে বিক্ৰীৰ পিছতো গাড়ীৰ নাম সলনি নহ’লহেঁতেন৷ হিন্দু গাড়ী এখন অন্য ধৰ্মৰ লোকে কিনিব কিয়? কেনে এক আচহুৱা পৰিস্থিতিৰ উদ্ভৱ হ’লহেঁতেন ভাৱকচোন৷  কিন্তু সেই তাহানিতে কোনো বিজ্ঞ লোকে এনে আহুকালত নপৰক বুলিয়ে হয়তো গাড়ীৰ পঞ্জীয়ন সংখ্যাৰে কৰিছিল৷ যেতিয়াই পৃথিৱীত মানুহ জন্ম হৈছিল সেই সময়তে যদি সংখ্যাৰো আৱিষ্কাৰ হ’লহেঁতেন হয়তো আমাৰ বৰ্তমানৰ নামবোৰৰ ঠাইত সংখ্যা হ’লহেঁতেন৷

ঠিক গাড়ীৰ নম্বৰৰ দৰে৷ যদি সঁচাকৈয়ে আমাৰ চিনাকি সংখ্যাৰ জৰিয়তে হ’লহেঁতেন হয়তো পেহেলগামৰ কাণ্ড নঘটিলহেঁতেন৷ ২৬ গৰাকী লোকৰ প্ৰাণ নগ’লহেঁতেন৷ দ্বিতীয় বিশ্বযুদ্ধ নহ’লহেঁতেন৷ হিটলাৰে ইহুদী ধবংসযজ্ঞ নাপাতিলেহেঁতেন৷ ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ নহ’লহেঁতেন৷ উগ্ৰপন্থীৰ ধৰ্ম আছেনে নাই সেই লৈ ছ’চিয়েল মিডিয়াত যুক্তি নচলিলহেঁতেন৷ কোনো যুৱক-যুৱতীয়ে প্ৰেমত পৰাৰ সময়ত ধৰ্ম-জাতিৰ প্ৰশ্ন আহি নপৰিলেহেঁতেন৷ লাভ জেহাদ জাতীয় শব্দ নাথাকিলেহেঁতেন৷ য’ত কুটৰ ঘাই আমাৰ নাম৷ কাৰোবাৰ নাম জানিলেই যিকোনো লোকে বংশ-কুণ্ডলী গাই দিব পাৰে৷ আপুনি বিপদত পৰিলে কোনজন ওপৰৱালা আপোনাৰ ওচৰত থিয় হ’ব সেয়া ঠিক হয় আপোনাৰ নামৰ পৰা৷ মই হিন্দু হিচাপে বিপদত পৰিলে মোক বচাবৰ বাবে আল্লা বা গড উপস্থিত নহয়৷ মোক বচাবলৈ আহিব লাগিব ৰাম, কৃষ্ণ, শিৱৰ মাজৰ কোনোবা এজন৷ যদি কিবা কাৰণত মোৰ বিপদত আল্লাই সহায়ো কৰিব বিচাৰে সেয়া মই গ্ৰহণ কৰাটো অনুচিত৷ কাৰণ সেই নিৰ্দেশ মোৰ নামটো পঞ্জীয়ন হওতে দি থোৱা আছে৷ কিন্তু হাস্যকৰ বিষয় কি জানেনে মানুহৰ নাম পঞ্জীয়নৰ এই ব্যৱস্থা সৃষ্টিকৰ্তাই নাকচ কৰি থৈছে৷

ইমান বেমেজালিৰ মাজত তেওঁ সোমাব নিবিচাৰে৷ তাৰ সাধাৰণ প্ৰমাণ এটা দিওঁ শুনক৷ পুলিচ থানা চৌহদত যেতিয়া প্ৰৱেশ কৰিব দেখিব বিভিন্ন বাহন দুৰ্ঘটনাত পতিত হৈ তাত পৰি আছে৷ যদি প্ৰতিখন গাড়ীৰ দুৰ্ঘটনাৰ সবিশেষ লয়, দেখিব কোনোবাখন গাড়ীত গোটেই পৰিয়ালটোৰে দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে৷ কোনোবা চিৰদিনলৈ পংগু হৈছে৷ দুৰ্ঘটনাৰ সময়ত ৰাম-ৰহিম-যোচেফ বিচাৰ কৰা হোৱা নাই৷ এইবাৰ গাড়ীবোৰৰ ভিতৰভাগ যদি আপুনি পৰীক্ষা কৰে দেখিব প্ৰায় সকলো গাড়ীৰ ডেস্কবৰ্ডত আঠা লগাই থোৱা আছে হয়তো কৃষ্ণ, হনুমান, গণেশ, যীশু, গুৰুনানক আদিৰ ভিন্ন মূৰ্তি, ফটো৷ কিন্তু সেই দুৰ্ঘটনা ৰোধ কৰিবলৈ সেইসকলৰ কোনো এজন উপস্থিত নহ’ল৷ হয়তো মানুহৰ এনেবোৰ ফচহু নিয়মৰ মাজত উপস্থিত হ’বলৈ নাৰাজ স্বয়ং সৃষ্টিকৰ্তাও৷ সেয়ে গাড়ীৰ নম্বৰ পঞ্জীয়ন ব্যৱস্থাটোৱে উৎকৃষ্ট, সৰল৷ ভাৱকচোন আপোনাৰ-মোৰ নামবোৰ যদি গাড়ীৰ নম্বৰৰ দৰে AS-০১-৪৫৪৩ জাতীয় হ’লহেঁতেন, কিমান এক সুন্দৰ পৰিৱেশ ৰচনা হ’লহেঁতেন৷ আল্লা-ভগৱান-গডৰ ওপৰত গৱেষণাৰ পিছত গৱেষণা চলাই নিত্য নতুন বিতৰ্ক কৰা সকল হয়তো বিজ্ঞানী হ’লহেঁতেন, শিক্ষাবিদ হ’লহেঁতেন৷ নতুন আৱিষ্কাৰ হ’লহেঁতেন৷ সমাজৰ ৯০% সমস্যা নাথাকিলহেঁতেন৷ আৰু যে ক’ত কি ভাল কাম হ’লহেঁতেন, ভাবিয়েই ভাল লাগে৷