
মোদী কিয় অনুপস্থিত? গৌৰৱৰ প্ৰশ্ন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ পেহেলগামৰ ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত নথকাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ সাংসদগৰাকীয়ে কয়–ইমান এটা স্পৰ্শকাতৰ বিষয়ৰ আলোচনাত প্ৰধানমন্ত্ৰী উপস্থিত থকাটো জৰুৰী আছিল৷ কিন্তু প্ৰধানমন্ত্ৰী বিহাৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰতহে ব্যস্ত থাকিল৷ বৈঠকত উপস্থিত থাকিবলৈ সময় উলিয়াব নোৱাৰিলে৷
সাংসদগৰাকীয়ে কয় যে সৰ্বদলীয় বৈঠকত কিয় নিৰাপত্তাৰক্ষী নাছিল, কোন সুৰুঙাৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰিছিল ইত্যাদি বিষয়ত চৰকাৰক জবাবদিহি কৰা হয়৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ বৈঠকলৈ ৰাজ্যসভা বা লোকসভাত ন্যূনতম ৫ জন সাংসদ থকা দলকহে আমন্ত্ৰণ জনাইছিল৷ এই চৰ্তৰ বাবে বৈঠকত এ আই এম আই এমৰ মুৰব্বী আছাউদ্দিন ওৱেছী বৈঠকত উপস্থিত থাকিব পৰা নাছিল৷ সেয়েহে ওৱেছীয়ে এই বৈঠকক অগণতান্ত্ৰিক আখ্যা দিছিল৷