
পেহেলগামত সেনা নাছিল কিয়? সৰ্বদলীয় বৈঠকত প্ৰশ্ন
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ পেহেলগামত কিয় সেনাবাহিনী মোতায়েন কৰা হোৱা নাছিল? সমগ্ৰ জম্মু-কাশ্মীৰত সততে সেনাবাহিনী সক্ৰিয় হৈ থাকে৷ অধিকাংশ সময়ত সেনা বেৰেকত থকাৰ পৰিৱৰ্তে স্পৰ্শকাতৰ স্থানত তহল দি থাকে৷ তথাপি নিয়ন্ত্ৰণৰেখাৰ সমীপৰ পেহেলগামৰ পৰ্যটকেৰে পৰিপূৰ্ণ বেচৰণত যোৱা ২২ এপ্ৰিলত হত্যালীলা সংঘটিত হোৱাৰ দিনা এজনো সেনাৰ দেখাদেখি নথকা বুলি সেইদিনা কোনোমতে প্ৰাণ লৈ পলাই অহা পৰ্যটকে ৰাজহুৱাভাৱে অভিযোগ কৰিছে৷ বৃহস্পতিবাৰে হোৱা সৰ্বদলীয় বৈঠকত বিৰোধী দলে চৰকাৰক এই কথাৰ সত্যতা আছেনে নাই বুলি প্ৰশ্ন কৰে আৰু যদি সেনা নাছিল, তেন্তে কিয় নাছিল বুলিও প্ৰশ্ন কৰে৷ সৰ্বদলীয় বৈঠকত চৰকাৰে পেহেলগামৰ বেচৰণত সেনা মোতায়েন কৰা নাছিল বুলি স্বীকাৰ কৰিছে৷ তদুপৰি এনে এক আক্ৰমণৰ ঘটনা সংঘটিত হ’ব পাৰে বুলিও চোৰাংচোৱাৰ পৰা কোনো আগতীয়া খবৰ নোপোৱা বুলি চৰকাৰে স্বীকাৰ কৰিছে৷ চোৰাংচোৱাৰ ব্যৰ্থতা চৰকাৰে বৈঠকত মুকলিভাৱে স্বীকাৰ কৰিছে৷
পেহেলগামত বেচৰণত সেনা মোতায়েন নকৰা সন্দৰ্ভত ভুল স্বীকাৰ কৰিও চৰকাৰে দোষ ট্যুৰ অপাৰেটৰ সকললৈ ঠেলিছে৷ বৈঠকত চৰকাৰী পক্ষৰ পৰা জনায় যে, অমৰনাথ যাত্ৰাৰ সময়ত জুনত কেন্দ্ৰই এই অঞ্চলত সেনাবাহিনী মোতায়েন কৰে৷ সেনা নিয়োগ কৰাৰ পাছত আনুষ্ঠানিকভাৱে পথ মুকলি কৰা হয়৷ তেতিয়া অমৰনাথৰ পথত বেচৰণত বহু তীৰ্থযাত্ৰীয়ে জিৰণি লয়৷ তাৰ পূৰ্বে সাধাৰণতে বেচৰণ অঞ্চলটো নিৰাপদ হৈ থাকে আৰু কেতিয়াও অমৰনাথ যাত্ৰাৰ পূৰ্বে সেই অঞ্চলত সেনা মোতায়েন কৰা নহয়৷ শেহতীয়াকৈ পৰ্যটকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত ট্যুৰ অপাৰেটৰে আগতীয়াকৈ বেচৰণলৈ পৰ্যটকক নিয়া আৰম্ভ কৰিছে৷ এইবাৰো অমৰনাথৰ পথ নোখোলোতেই ট্যুৰ অপাৰেটৰে বেচৰণলৈ পৰ্যটকক নিয়া আৰু আৰম্ভ কৰি দিছিল৷ উগ্ৰপন্থীয়ে অসুৰক্ষিত বেচৰণৰ খবৰ ৰাখি এই আক্ৰমণ সংঘটিত কৰে কিয়নো এইবাৰো তাত সেনা মোতায়েন কৰা হোৱাই নাছিল৷