Logo
image

পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা বিমল মাহাতু

'আমাৰ অসম'ৰ ওৰাঙৰ প্রতিবেদকঃ জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। তেনে সময়তে একাংশ লোকে মোবাইলৰ জৰিয়তে সামাজিক মাধ্যমত এই নাৰকীয় ঘটনা সন্দৰ্ভত বিৰূপ মন্তব্য প্ৰকাশ কৰি আহিছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পেহেলগামৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰিলে গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৰা প্ৰতিক্ৰিয়াৰ পাছতে অসমৰ বিভিন্ন স্থানত বহু কেইগৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 


সমান্তৰালকৈ মোবাইল যোগে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাৰ বাবে আজি ওৰাঙত পাচনৈ চেৰফাং ব্লক কংগ্ৰেছৰ সভাপতি বিমল মাহাতুক ওৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কংগ্ৰেছ ব্লক সভাপতি মাহাতুই পেহেলগামৰ নাৰকীয় ঘটনা সন্দৰ্ভত নিজৰ ফেচবুকৰ জৰিয়তে বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল। আজি ওৰাং আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি ওদালগুৰি জিলা ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।