Logo
image

অসমক কাশ্মীৰ হ’বলৈ নিদিব

কাশ্মীৰৰ ঘটনাই সমগ্ৰ দেশবাসীকে বাকৰুদ্ধ কৰি তুলিছে৷ বহুতে মানি নল’লেও এটা কথা সত্য যে কাশ্মীৰৰ পেহেলগামত যি হত্যালীলা হ’ল সি সম্পূৰ্ণ ধৰ্ম ভিত্তিক৷ কেৱল কাশ্মীৰেই নহয়, সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মূল ভিত্তিটোৱেই হৈছে ধৰ্ম আৰু সেই ধৰ্মটোৱেই হৈছে ইছলাম৷ গৰিষ্ঠসংখ্যক ইছলাম ধৰ্মালম্বী শান্তিপ্ৰিয় ৰাইজক লজ্জিত কৰি এচামে ইছলাম ধৰ্মৰ নামত সমগ্ৰ বিশ্বতে যি ধবংসলীলা চলাই আছে ই সঁচাকৈয়ে চিন্তনীয়৷ এইক্ষেত্ৰত  এচামৰ তথাকথিত ধৰ্মনিপেক্ষতাই বিষয়বোৰৰ সঠিক বিশ্লেষণ কৰাত কেৱল বাধা দিয়াই নহয়, সমগ্ৰ কথাবোৰক পৰোক্ষভাৱে সদায়ে উচতনি দি আহিছে; যাৰ বাবে সমগ্ৰ মানৱ সমাজৰ লগতে লজ্জিত হৈ আহিছে বৃহৎসংখ্যক শান্তিপ্ৰিয় মুছলমান সমাজ৷ অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ত্ৰিশ শতাংশ হৈছে মুছলমান৷ এইসকল মুছলমান আকৌ প্ৰধানতঃ দুটা শ্ৰেণীত বিভক্ত৷ এটা হৈছে থলুৱা খিলঞ্জীয়া মুছলমান যাৰ প্ৰায় আঠশ বছৰীয়া বৰ্ণিল ইতিহাসে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থৈছে৷ আনটো হৈছে প্ৰায় ডেৰশ বছৰ পুৰণি অভিভাষী অসমীয়া মুছলমান৷ ইয়াৰ বাহিৰেও অসম আন্দোলনৰ অসফল পৰিসমাপ্তিয়ে অসমত অন্য এক শ্ৰেণীৰ মুছলমানক জন্ম দিলে; সেয়া হৈছে বাংলাদেশী মুছলমান৷ ইয়াৰে থলুৱা খিলঞ্জীয়া মুছলমানসকলৰ প্ৰসংগক চিন্তাৰ কাৰণ বনোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে৷ আনহাতে অসমীয়া জাতি ৰক্ষাৰ ক্ষেত্ৰত প্ৰায় ডেৰশ বছৰ পুৰণি অভিবাসী মুছলমান সকলৰ ভূমিকাকো নশলাগি নোৱাৰি৷ তেওঁলোকে স্ব-ইচ্ছাৰে অসমীয়া ভাষা আৰু সংস্কৃতিক আকোঁৱালি নোলোৱা হ’লে অসমত অসমীয়া হয়তো কেতিয়াবাই সংখ্যালঘু হ’লহেঁতেন৷ কিন্তু সমস্যা আহিছে তৃতীয় অনাহুত শ্ৰেণীটোক লৈ৷ এটা কথা অপ্ৰিয় হলেও সত্য যে বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত ১৯৭৯ চনত আৰম্ভ হোৱা বিদেশী বৰ্জন আন্দোলনটোৱে কালক্ৰমত বিদেশী ৰক্ষক আন্দোলনৰ ৰূপ পাইছিল৷ ১৯৭১ৰ আলম লৈ ১৯৫১ৰ পিছত অহা ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহু বিদেশী নাগৰিকেও অসমত বসবাস কৰিবলৈ ঢাপলি মেলিছিল৷ ১৯৫১ চনৰ পিছত ভাৰতলৈ অহা এগৰাকী মাতৃৰ দুটা সন্তানৰ এটাই যদি ভাৰতৰ আন ৰাজ্যত বসবাস কৰে সি হ’ল বিদেশী৷ আনহাতে আনটোৱে যদি অসমত বসবাস কৰে তাক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ জৰিয়তে বনোৱা হ’ল স্বদেশী৷ নাগৰিকত্ব সংশোধনী আইনৰ এনে ধৰণৰ আইনী সুৰুঙাৰ সুযোগ লৈ অসমত জন্ম পালে ওপৰত উল্লেখ কৰা তৃতীয় শ্ৰেণীটোৰ মুছলমান৷ বাংলাদেশী মুছলমানৰ এই শ্ৰেণীটোক জন্ম দিয়াত অভিবাসী মুছলমান সকলৰ ভূমিকা কিন্তু উল্লেখনীয়৷ অভিবাসী মুছলমান সকলৰ পূৰ্ববংগীয় সহোদৰ সকলৰ প্ৰতি থকা প্ৰীতিয়ে তেওঁলোকৰ আমন্ত্ৰণ আৰু সংস্থাপনত বিশেষ সহযোগিতা দেখুৱাই অসমৰ বিদেশী সমস্যাক ভয়াৱহ ৰূপ দিব ধৰিলে আৰু পৰৱৰ্তী সময়ত ই খিলঞ্জীয়াৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিল৷ এই দুটা শ্ৰেণীৰ অনিয়ন্ত্ৰিত পৰিয়াল পৰিকল্পনা আৰু তাৰ ফলত হোৱা অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিয়ে এইসকল মুছলমানক অসমৰ এটা বৃহৎ ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰি তুলিলে৷ অসমত জনসংখ্যাৰ পৰিসাংখ্যিক হিচাপটো ফঁহিয়াই চালে কিছুমান চিন্তনীয় তথ্য দেখা পোৱা যায়৷ তথ্য অনুসৰি, অসমৰ ১০০টা হিন্দু দম্পতীৰ পৰিৱৰ্তে ১৮০জন ল’ৰা-ছোৱালীৰ জন্ম হয়; আনহাতে অসমৰেই অভিবাসী মুছলমান সকলৰ ১০০টা দম্পতীৰ পৰিৱৰ্তে ৩৫০জন ল’ৰা-ছোৱালীৰ জন্ম হয়৷ এনে কিছুমান কাৰণৰ পৰিপ্ৰেক্ষিতত অসমখন পৰৱৰ্তী সময়ত মুছলিম ৰাজ্যলৈ পৰিৱৰ্তিত হৈ পৰাৰ তীব্ৰ সম্ভাৱনা দেখা পোৱা যায়৷ ৰাজনৈতিক স্বাৰ্থালাভৰ তাগিদাতে কোনো নিৰ্দিষ্ট দল বা চৰকাৰে অৱধাৰিত প্ৰব্ৰজনৰ ধাৰাটোক চিৰকাললৈ বন্ধ কৰি দিবলৈ বিশেষ আগ্ৰহ প্ৰকাশ নকৰে বা জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰটো বিশেষ আইন প্ৰণয়ন নকৰে৷ তালিকা ৰত ১৯৯১, ২০০১ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জ্জখন মুছলমান প্ৰধান জিলাৰ [বৰপেটা, দৰং, মৰিগাঁও, বঙাইগাঁও, নগাঁও, ধুবুৰী আৰু গোৱালপাৰা] জনগাঁথনিৰ পৰিৱৰ্তন দিয়া হ’ল৷ তালিকা ৰত প্ৰকাশিত তথ্যই এটা কথা স্পষ্টভাৱে দেখুৱাইছে যে ১৯৯১-২০১১ চনৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উল্লেখিত জ্জখন জিলাত হিন্দু জনসংখ্যা হ্ৰাস পাইছে ৬.৪১ণ, আনহাতে মুছলমান জনসংখ্যা বৃদ্ধি পাইছে ৬২.৬৫৷


১৯৯১-২০১১ চনৰ ভিতৰত ৮খন জিলাত হিন্দু জনসংখ্যা হ্ৰাস ৬.৪১ আৰু ১৯৯১-২০১১ চনৰ ভিতৰত জ্জখন জিলাত মুছলমান জনসংখ্যা বৃদ্ধি ৬২.৬৫৷

কিছুমান অঞ্চলত বদ্ধিৰ্ত মুছলমান জনসংখ্যাই অসমৰ সমাজ জীৱনলৈ কিদৰে অশনি সংকেত আনিছে তাক ভুক্তভোগীয়েহে ভালকৈ অনুভৱ কৰিব পাৰে৷ বাস্তৱটো হ’ল, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমৰ কেইখনমান জিলাৰ খিলঞ্জীয়া নাগৰিকসকল সঁচাকৈয়ে ভুক্তভোগী৷ সেইকেইখন জিলাৰ নাগৰিকসকলৰ মানৱ অধিকাৰ আজি ভুলুণ্ঠিত৷ পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে অসমৰ যিকেইখন জিলাত সেই নিৰ্দিষ্ট সন্দেহযুক্ত সম্প্ৰদায়টোৰ সংখ্যা বেছি তুলনামূলকভাৱে সেইকেইখন জিলাতে অপৰাধ বেছি৷ নগাঁও তাৰে ভিতৰত অন্যতম এখন৷ আমি নগাঁৱতে ডাঙৰ-দীঘল হৈছোঁ৷ সেয়ে নগাঁৱৰ জনসংখ্যাৰ গাঁথনিটোৰ বিষয়ে বাস্তৱিক ৰূপত সম্পূৰ্ণভাৱে জ্ঞাত৷ নগাঁৱৰ কেইটামান বিধানসভা সমষ্টিত সন্দেহযুক্ত সংখ্যালঘু নাগৰিকৰ সংখ্যা ইমান অভাৱনীয় হাৰত বৃদ্ধি পাইছে যে ২০১১ চনৰ লোকপিয়লত নগাঁৱত সংখ্যালঘুৱে সংখ্যাগুৰু মৰ্যাদা পায়৷ যিয়েই যি নকওক কিয়, আমাৰ চকুৰ আগতে বৃদ্ধি পোৱা এই নাগৰিক [?] সকল যে নগাঁৱৰ বাসিন্দা নহয় আমি তাক ভালকৈয়ে জানো৷ প্ৰশাসনিক দুৰ্বলতা বা দুৰ্নীতিৰ সুযোগ লৈ ৰাজনৈতিক সুবিধাৰ খাতিৰত কোনো ব্যক্তিৰ পৃষ্ঠপোষকতাত এইসকল লোকৰ স্থায়ী বাসিন্দাৰ সম্পূৰ্ণ নথি- পত্ৰ থাকিলেও আমি দেখি অহা কথাবোৰটো অসত্য হৈ নাযায়৷ কিছু কিছু অঞ্চলত ৰাতিটোৰ ভিতৰতে ৰঘুমলাৰ দৰে বিয়পি পৰা ঘৰবোৰৰ বাস্তৱতাক জানো নুই কৰিব পাৰিম? অপ্ৰিয় হ’লেও বাস্তৱ সত্যটো হ’ল নগাঁৱত ঘটি থকা বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত এইসকল লোকৰ আধিপত্য বহুত বেছি৷ গৰু চুৰি, ড্ৰাগছ, ডকাইতিকে আদি কৰি বিভিন্ন অপৰাধৰে নগাঁৱৰ ৰাইজক এই সন্দেহযুক্ত লোকসকলে বাস্তৱিকতে জুৰুলা কৰি পেলাইছে৷ নগাঁৱৰ স্থানীয় বাসিন্দাই এটা ৰাতিৰ বাবেও ঘৰটো এৰি থৈ যাব নোৱাৰে, এজনী ছোৱালী নিশাৰ পৰত জিলাখনৰ বহু অঞ্চলত অকলে যাব নোৱাৰা অৱস্থা৷ সন্ধিয়া সময়তে খিলঞ্জীয়াই কিছুমান অঞ্চল ত্যাগ কৰিবলগীয়া হয়৷ বহু মানুহৰ ঘৰত দিনতে আন্ধাৰ নমাই আনিছে ড্ৰাগছে৷ বিগত সময়বোৰত আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততা আৰু অকৰ্মন্যতাই আজি জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক৷ 

এটা কথা অপ্ৰিয় হ’লেও সৰ্বজনবিদিত যে ইছলামৰ উগ্ৰ মৌলবাদিতাই বৰ্তমান বিশ্বত সন্ত্ৰাসৰ কাৰক৷ উগ্ৰ মৌলবাদী ইছলামৰ বিশ্ব বিজয় অভিযানৰ মানচিত্ৰত অসমো যে সোমাই থকা নাই তাক দৃঢ়তাৰে ক’ব পৰা নাযায়৷ ৰাজনৈতিক স্বাৰ্থালাভৰ তাগিদাত বাধাহীনভাৱে বাঢ়ি যাবলৈ দিয়া সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ জনসংখ্যাই অসমক যে এদিন মৌলবাদী ইছলামিক ৰাষ্ট্ৰত পৰিৱৰ্তিত নকৰিব তাকো ন দি ক’ব পৰা নাযায়৷ 

আনহাতে, এচামে ৰাজনীতিকৰণৰ নামত সকলো মুছলমানকে একাকাৰ কৰিব বিচাৰে৷ এনে মানসিকতাইয়ো কিন্তু অসমক দুৰ্ভাগ্যজনক ভৱিষ্যতৰ দিশে লৈ যাব৷ দুৰ্ভাগ্যজনকভাৱে ধৰ্মটো একেই হ’ল বুলিয়েই বৰ্ণিল ইতিহাসেৰে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থোৱা অসমীয়া মুছলমান সকলক এই সন্দেহযুক্ত চামটোৰ লগত একাকাৰ কৰিব খোজা মানসিকতা [কিছু সংখ্যকৰ মানসিকতা] সঁচাকৈয়ে নিন্দনীয়৷ এইক্ষেত্ৰত থলুৱা মুছলমান সকলৰো কৰণীয় আছিল৷ তেওঁলোকে সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বিষয়টোক লৈ যিদৰে চিন্তিত হ’ব লাগিছিল বা প্ৰতিবাদ কৰিব লাগিছিল কাৰ্যক্ষেত্ৰত কিন্তু তেনে কৰা দেখা নাযায়৷ তাৰ পৰিৱৰ্তে বহু সময়ত অসমীয়া মুছলমানৰ বহু শিক্ষিত যুৱক-যুৱতীয়ে সেই সকল সন্দেহযুক্ত নাগৰিকৰ হৈ ওকালতি কৰাহে চকুত পৰে৷ সংখ্যালঘু নেতাসকলৰ বহুতেই এনে ওকালতি কৰে৷ বহুতেই উঠি পৰি লাগে এই সন্দেহযুক্ত চামটোক অসমীয়া মুছলমানৰ লগত একাকাৰ কৰিবলৈ৷ অসমীয়া মুছলমানৰ বৃহৎ অংশই কিন্তু এইবোৰ কাৰ্যকলাপৰ একো প্ৰতিবাদ নকৰে৷ বহু অসমীয়া অমুছলমান নেতা-বুদ্ধিজীৱীয়েও নিজ ৰাজনৈতিক মতাদৰ্শ আৰু তথাকথিত ধৰ্মনিপেক্ষতাৰ নামত এনে কথাবোৰক উদগনি যোগাই আহিছে৷ 

উদাহৰণস্বৰূপে এটা সৰু ঘটনা উল্লেখ কৰিলোঁ৷ কিন্তু অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ পৰাই লক্ষ্য কৰিছিলো আমাৰেই মাজৰ এটা চামে যেন এই প্ৰক্ৰিয়াটোৰ সফল পৰিসমাপ্তি বিচৰা নাছিল৷ বিভিন্ন প্ৰকাৰে বিষয়টোত বাধা আৰোপ কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছিল৷ বিশেষকৈ প্ৰব্ৰজন ঘটা এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ প্ৰতি অহেতুক দৰদ দেখুৱাই এই পক্ষই সদায়ে ধৰ্মনিৰপেক্ষতাৰ ধবজা বহন কৰিব বিচাৰে৷ বিভিন্ন প্ৰেছ বিজ্ঞপ্তিৰ যোগেদিয়েই হওক, বাতৰি কাকতত বিভিন্ন নিৱন্ধ বা প্ৰথম পৃষ্ঠাৰ কলমৰ যোগেদিয়েই হওক নাইবা অসমৰ সমাজ জীৱনৰ বাবে অতিকৈ স্পৰ্শকাতৰ আৰু ক্ষতিকাৰক লোকৰ লগত এক আনুষ্ঠানিক ৰাজনৈতিক সম্পৰ্ক বজাই ৰাখিয়েই হওক এইটো শ্ৰেণীয়ে এটা বিশেষ শ্ৰেণীক ৰক্ষণাৱেক্ষণ দিয়াত উঠি পৰি লাগি থাকে৷ নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত বিষয়টোৱে এনে এটা পৰ্যায় পালেগৈ যে ২০১৮ চনৰ ১১ জুন তাৰিখে ৰাষ্ট্ৰসংঘই প্ৰেৰণ কৰা এক পত্ৰত [Ref  OLIND ১৩/২০১৮, Dated  ১১ June, ২০১৮] ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পিছত উদ্ভৱ হ’বলগীয়া পৰিস্থিতিৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে নাগৰিকত্ব হেৰুৱাবলগীয়া লোকসকলৰ মানৱ অধিকাৰ সম্পৰ্কত প্ৰশ্ন কৰিবলগীয়া হ’ল৷ ই নিতান্তই স্বাভাৱিক৷ মানৱ অধিকাৰ আয়োগেই এইসকল লোকৰ কথা চিন্তা নকৰিলে আৰু কোনে কৰিব? কিন্তু পত্ৰখনৰ আন কিছুমান দিশেহে সমাজৰ বিদ্বৎ মহলক হতচকিত কৰি তুলিছিল৷ পত্ৰখন পঢ়ি এনে লাগিছিল যেন ৰাষ্ট্ৰসংঘইও মানৱ অধিকাৰ নামত পক্ষপাতিত্বমূলক দৃষ্টিভংগী লৈ দেশৰ ধৰ্মীয় মেৰুকৰণৰ প্ৰক্ৰিয়াটোত অনুঘটকৰ দৰে কাম কৰিছিল৷ পত্ৰখনত ৰাষ্ট্ৰসংঘই অসমৰ কেৱল অভিবাসী বেংগলী মুছলমান সকলৰ ওপৰতেই দৰদ প্ৰকাশ কৰিলে৷ কিন্তু লক্ষণীয়ভাৱে প্ৰব্ৰজনকাৰী বিদেশীৰ ভিতৰত কেৱল মুছলমানেই নাই, আন আন ধৰ্মাৱলম্বী লোকো আছে৷ ঠিক সেইদৰে ডিটেনচন কেম্পত থকা লোক সকলো কেৱল মুছলমানেই নহয়৷ কিন্তু পত্ৰখনত ৰাষ্ট্ৰসংঘই উল্লেখ কৰিছিল যে অসমত অভিবাসী মুছলমানসকল নিৰ্যাতিত আৰু তেওঁলোকক উপযুক্ত নথি থকাৰ পিছটো সদায়ে মাহী আইৰ চকুৰেই চোৱা হয়৷ পত্ৰখনত উল্লেখ কৰিছিল যে– The NRট্ৰ update has generated increased anxiety and concerns among the Bengali Muslim minority in Assam, who have long been discriminated against due to their perceived status as foreigners, despite possessing the necessary documents to prove their citizenship. While it is acknowledged that the updating process is generally committed to retaining Indian citizens on the NR, concerns have been raised those local authorities in Assam, which is deemed to be particularly hostile towards Muslims and people of Bengali descent, may manipulate the verification system in an attempt to exclude many genuine Indian citizens from the updated NRট্ৰ. পত্ৰখনৰ এইটো পেৰাগ্ৰাফ’ৰ পৰা এটা কথা সুস্পষ্টভাৱে ওলাই পৰিছে যে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি ৰাষ্ট্ৰসংঘ কিমান দৰদ আৰু ৰাষ্ট্ৰসংঘই এখন সু-সংগঠিত অসমীয়া সমাজ তথা প্ৰশাসনীয় ব্যৱস্থালৈ কিদৰে সন্দেহৰ আঙুলি টোৱাই সমাজত ধৰ্মীয় মেৰুকৰণৰ বীজ সিচিব বিচাৰিছে৷ 

এটা কথা সত্য যে ৰাষ্ট্ৰসংঘৰ নিজস্ব তদন্তত ইমান ভুল ব্যাখ্যা থাকিব নোৱাৰে৷ যদি ৰাষ্ট্ৰসংঘই নিজাকৈ তদন্ত কৰিলেহেঁতেন নাগৰিকপঞ্জী উন্নীতকৰণৰ লগত জড়িত কৰ্মকৰ্তাই চক্ৰান্ত কৰি খিলঞ্জীয়া মুছলমানক বিদেশী সজাই তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাহিৰ কৰিব বিচাৰিছে বুলি নকলে হয়৷ কেৱল এটা মাত্ৰ সম্প্ৰদায়ক লৈ তৎপৰ ৰাষ্ট্ৰসংঘই এটা কথা নজনাকৈ নাথাকিলেহেঁতেন যে নাগৰিকপঞ্জীৰ পৰা বাদ পৰিবলগীয়া লোকসকল কেৱল বেংগলী মুছলমানেই নহয়, তাত অন্যান্য ধৰ্মাৱলম্বীৰ লোকো থাকিব৷ এতেকে, এইখন পত্ৰৰ পৰা এটা কথা নিশ্চিত হৈছিলো যে পত্ৰখন ৰাষ্ট্ৰসংঘই নিজস্ব তদন্তৰ ভিত্তিত প্ৰেৰণ কৰা নাছিল, পৰিৱৰ্তে তেওঁলোকক বিপথে পৰিচালিত কৰা হৈছিল৷ কিন্তু এই কাম কৰিব কোনে? সন্দেহৰ আঙুলি সেই শ্ৰেণীৰ লোকসকললৈকে যায় যিয়ে সদায়ে ধৰ্মনিৰপেক্ষতাৰ নামত এটা বিশেষ শ্ৰেণীৰ বিদেশীক ৰক্ষণাৱেক্ষণ দি আহিছে৷ যিয়েই যি নকওক ৰাষ্ট্ৰসংঘক আমাৰেই মাজৰ কোনোৱে বিপথে পৰিচালিত কৰিছিল আৰু এই পত্ৰখনৰ আঁৰত যে কাৰোবাৰ ৰাজনৈতিক চক্ৰান্ত সোমাই আছিল সি কিন্তু নিশ্চিত৷ হয়তো পিছৰ পৰ্যায়ত সেইসকল লোকৰ সেই চক্ৰান্ত সফলো হৈছিল৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ অৱস্থা আজি কি হ’লগৈ আমি সকলোৱেই জানো৷ কিন্তু নিৰপেক্ষতাৰ নামত পক্ষপাতিত্বৰ চূড়ান্ত নিদৰ্শন আছিল সেই বিশেষ পত্ৰখন৷ 

কালজুৰি এনেবোৰ কথাত সমৰ্থন আগবঢ়াইছিল আমাৰ মাজৰেই বহুতে৷ ধৰ্ম নিৰপেক্ষতাৰ নামত তেওঁলোকে অসমীয়া জাতিটোৰ কিমান ক্ষতি কৰি আছে হয়তো খবৰেই নাই৷ মিঞা মিউজিয়াম, মিঞা কবিতাৰ দৰে বিষয়ক ৰাজনৈতিক ইচ্ছু্য বনোৱাত অসমৰ বৌদ্ধিক সমাজৰ কিছু লোকৰ যথেষ্ট অৱদান আছে৷ অসমীয়াক জেন’ফবিক সজাবলৈ চেষ্টা কৰা এইসকল লোকৰ উদ্দেশ্য কি হয়টো সকলোৱে জানে৷ মিঞা মিউজিয়ামো হয়তো একেই উদ্দেশ্যৰে জন্ম দিয়া এক বিষয়৷ অসমীয়া জাতিৰ প্ৰতি ভাবুকি স্বৰূপ এনে উদ্দেশ্যক মষিমূৰ কৰিবলৈ প্ৰথমে হিন্দু-মুছলিমৰ একতাৰে সংগঠিত সাতামপুৰুষীয়া অসমীয়া সমাজখন একত্ৰিত হ’ব লাগিব৷ অসম চুক্তিৰ সেই নিৰ্দিষ্ট দিনটোৰ পিছত অহা পূৰ্ববংগীয় লোকসকলক [মুছলমানয অমুছলমান সকলো] বিৰোধিতা কৰা মানে যে মুছলমানক বিৰোধিতা কৰা নুবুজায় সেই কথা আমি সকলোৱে অনুভৱ কৰিব পাৰিব লাগিব৷ মিঞা মিউজিয়াম, মিঞা কবিতা আদিৰ স্ৰষ্টা আৰু সমৰ্থকক জাতিটোৱে চিনাক্ত কৰিব লাগিব৷ বৌদ্ধিক চাতুৰ্যতাৰে নিজৰ ৰাজনৈতিক উদ্দেশ্য আৰু আদৰ্শক সফল ৰূপায়ণ কৰিবলৈ যাওঁতে জাতিটোৱে যাতে তাৰ কুফল ভুগিবলগীয়া নহয় তাৰ প্ৰতি সমাজৰ প্ৰতিজন লোকেই তীক্ষ্ণ নজৰ দিব লাগিব৷ সময় থাকোতেই প্ৰতিজন ব্যক্তি তথা প্ৰতিটো জাতীয় দল-সংগঠনে বিষয়বস্তুৰ গভীৰতা উপলব্ধি কৰি অসমখন উদ্ধাৰৰ ব্যৱস্থা কৰক৷ অসমক ত্ৰিপুৰা যিদৰে হ’ব দিব নোৱাৰি সেইদৰে কাশ্মীৰো হ’ব দিব নোৱাৰি৷ হিন্দু বাংলাদেশীৰ আগ্ৰাসনে অসমীয়াত্বক নিঃশেষ কৰি পেলোৱাৰ আশংকাৰ পৰিৱৰ্তে মুছলমান বাংলাদেশীৰ আগ্ৰাসনে অসমক এদিন মৌলবাদী ইছলামিক ৰাষ্ট্ৰত পৰিৱৰ্তিত কৰি পেলোৱাৰ সম্ভাৱনা বেছি তীব্ৰ৷ ফেচবুকৰ জাতীয়তাবাদে ৰাজ্যৰ জাতীয় উত্তৰণত একো সহায় নকৰে৷ অপ্ৰিয় হ’লেও ই চৰম সত্য যে আমাৰ এলেহুৱা স্বভাৱ আৰু কৰ্মবিমুখতাই আজি জাতিতোৰ প্ৰধান শত্ৰু৷ হাতে-কামে নকৰি কেৱল ৰাজপথত চিঞৰিলেই অসমক বচাব পৰা নাযাব৷ ইয়াৰ বাবে লাগিব এক কৰ্মমুখী, সুস্থিৰ, সংকল্পবদ্ধ, দীৰ্ঘম্যাদী আৰু বৈজ্ঞানিক পৰিকল্পনা৷