
কংগ্ৰেছৰ দিনত ‘বেয়া ৰাস্তা’ৰে চাকৰি লৈছিল ছোৱালীবোৰে
‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘মই নক’বলগীয়া কথা এটা ক’ম৷ শুনিবও ভাল নালাগে৷ এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন দাখিল হ’ল৷ বিধানসভাৰ সময়ত প্ৰতিবেদনখন ভালদৰে পঢ়া নাছিলোঁ৷ কেইদিনমান আগতে প্ৰতিবেদনখন পঢ়িলোঁ৷ তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি ল’বৰ বাবে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছিল৷ আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাৰ সমাজখন ক’ৰ পৰা ক’লৈ লৈ গৈছিল৷’ এই অভিযোগ স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, সোমবাৰে শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত বিহগুৰিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷ সোমবাৰে অনুষ্ঠিত মূল সভাখনত কেবা সহস্ৰাধিক লোকৰ সন্মুখত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কংগ্ৰেছ দলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ ১৫বছৰীয়া শাসনকালত ৰাজ্য তথা সৰ্বসাধাৰণৰ বাবে একোৱেই নকৰিলে বুলি অভিযোগ কৰি কয়– ‘কংগ্ৰেছৰ দিনত অংগনবাড়ী চাকৰিৰ বাবে একলাখ, শিক্ষকৰ চাকৰিৰ বাবে পাঁচলাখ আৰু এপিএছচি, এচিএছৰ বাবে এককোটি ডেৰকোটি টকা ঘোচ লৈছিল৷ কংগ্ৰেছী বোৰৰ যে ডাঙৰ ডাঙৰ ঘৰবোৰ, অট্টালিকাবোৰ দেখিছে সেইবোৰ সকলো চাকৰিৰ নামত ঘোচলোৱা টকাৰে বনোৱা৷ তেওঁলোকে তেতিয়া সেয়াই কৰিছিল৷ আমি যদি তেনে কৰিলো হয় তেনেহলে চাকৰিৰ নামতে ১৫শ কোটি টকা পালোঁ হয়, কিন্তু চাকৰিৰ নামত আমি তামোল এখনো খাইছোঁ বুলি ক’ব নোৱাৰে৷ আমাৰ চাৰিবছৰীয়া কাৰ্যকালত দুৰ্নীতিৰ অভিযোগত তিনিশ চৰকাৰী কৰ্মচাৰী কাৰাৰুদ্ধ হৈছে৷ এতিয়া দুৰ্নীতি কমিছে, ভৱিষ্যতে আৰু নোহোৱা হ’ব৷’ উল্লেখযোগ্য যে, তেজপুৰৰ বিহগুৰি ৰঙামাটিত ‘বিজয় সংকল্প সমাৱেশ’ শীৰ্ষক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লুঙি-টুপীৰ প্ৰসংগৰে পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে৷ তেওঁ কয়– কংগ্ৰেছৰ কাৰ্যকালত পাঁচটা কাম তেওঁলোকৰ বাবে আছিল পঞ্চায়ত৷ সেয়া হ’ল লুঙি, ধুতি, কম্বল, সূতা আৰু আঁঠুৱা৷ ইয়াৰ বাহিৰে ষষ্ঠটো আঁচনিৰ নাম কোনো কংগ্ৰেছী নেতাই ক’ব নোৱাৰে৷ মই এই কথাটো ভূপেন বৰাকো সুধিছিলোঁ, কিন্তু তেওঁ ও একো ক’ব নোৱাৰিলে৷ অৰুণোদয় আচনি ৰাজ্যৰ সকলো দৰিদ্ৰ লোকে লাভ কৰিব আৰু প্ৰথমে ২০২১ত প্ৰতিটো সমষ্টিত ১৬হেজাৰক অৰুণোদয় দিয়া হৈছিল৷
এতিয়া ৩৮-৪০হেজাৰলৈ এই সংখ্যা বৃদ্ধি পাব৷ শোণিতপুৰৰ প্ৰতিটো সমষ্টিতে আৰু চাৰিহেজাৰ অধিকলোকক অৰুণোদয় প্ৰদান কৰা হ’ব৷ তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী অশোক সিংহাল, বিধায়ক পদ্ম হাজৰিকা, গণেশ লিম্বু, পৃথ্বিৰাজ ৰাভা, কৃঞ্চকমল তাঁতী, প্ৰাক্তন সাংসদ পল্লৱলোচন দাস, অগপ দলৰ উপসভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, বিজেপি নেতা কিশোৰ উপাধ্যায়, ঋতুবৰণ শৰ্মা, মধুস্মিতা হাজৰিকা ডেকা আদিয়ে অংশ লোৱা সভাখনত মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়– পহিলা অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত ৰাইজে বজাৰতকৈ কম মূল্যত দালি, চেনি আৰু নিমখ লাভ কৰিব৷ ৰেচন কাৰ্ডৰ প্ৰতিলিপি জমা দিলেই মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি হ’ব৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰছলা, ৰঙাপৰাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ বিজেপি আৰু অগপৰ প্ৰাৰ্থী সকলক ৰাইজৰ সন্মুখত থিয় কৰাই মুখ্যমন্ত্ৰীয়ে কয়– পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী সকলৰ যিহেতু দলীয় চিহ্ন নাই, সেয়ে কোনোটো খণ্ডত বিজেপিৰে তিনি চাৰিজন নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ এনেসকলৰ মাজত ৰাইজে বিজেপিৰে এজনক ভোট দিব লাগে, কংগ্ৰেছক ভোট দিব নালাগে৷ পেহেলগামৰ প্ৰসংগ উত্থাপন কৰি এতিয়া দেশবাসী একত্ৰিত হোৱাৰ সময় বুলিও মন্তব্য কৰা মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ সাংসদে পাকিস্তানত থাকি অহা, অসমৰ সাংসদৰ পত্নীয়ে পাকিস্তানৰ ধনৰে কাম কৰা আৰু নিজৰ সন্তানক বিদেশৰ নাগৰিক কৰা বুলিও কটাক্ষ কৰে৷ তেওঁ লগতে কয়– দেশৰ ভিতৰত থাকি পাকিস্তানক সমৰ্থন কৰা সকলৰ বিৰুদ্ধে সেয়ে চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে৷ আমি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য তিনিশ টকালৈ হ্ৰাস কৰিম৷ বাইদেউ সকলে প্ৰথমে ১০হেজাৰ, দ্বিতীয়বাৰত ২৫হেজাৰ আৰু তৃতীয় বাৰত ৫০হেজাৰ টকা লাভ কৰাটো নিশ্চিত৷ জুন মাহত শোণিতপুৰৰ তেজপুৰ, ৰঙাপৰা, বৰছলা আৰু ঢেকিয়াজুলিত বাইদেউ সকলৰ মাজত ১০হেজাৰ টকা বিতৰণ কৰা হ’ব৷ যিসকল ছাত্ৰই বিএ পাছ কৰিব তেওঁলোকক এবছৰলৈ তেওঁলোকৰ একাউণ্টত চৰকাৰে আঢ়ৈ হেজাৰকৈ টকা দি থাকিম৷ ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ সুন্দৰভাবে নিৰ্মাণ কৰিবলৈ পৰ্যায়ক্ৰমে একোখন বিদ্যালয়ক আঠকোটিকৈ টকা দিম৷ পাছত সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এপেক্স বেংকৰ দুৰ্নীতিৰ প্ৰসংগত মন্তব্য কৰি কয়– পাকিস্তানৰ লগত এপেক্স বেংকৰ তুলনা নহয়৷ পাকিস্তানৰ লগত আফগানিস্থান, চীনৰ তুলনা হয়৷
পিক্চাৰ অভি বাকী হ্যায়ঃ নগাঁৱত মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘য়ে তো ট্ৰেইলাৰ হ্যায়, পিকচাৰ অভি বাকী হ্যায়৷’– এই সংলাপেৰে সোমবাৰে নগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে সোমবাৰে নগাঁও চহৰৰ পাশ্বৰ্ৱতী ৩৬ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ পাথৰিৰ তেলিয়া পুখুৰী পাৰৰ পথাৰত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী হিচাপে পাঁচ বছৰীয়া কাৰ্যকালত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ঢাক ঢোল বজাই সোমবাৰে নগাঁৱত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত এক বিশাল সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাক উদ্দেশ্যি কয়, চলিত পাঁচ বছৰত গ্ৰহণ কৰা আঁচনিসমূহ কেৱল চিনেমাৰ ট্ৰেইলৰ অথবা থিয়েটাৰ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰদৰ্শন কৰা নৃত্য নাটিকাৰ দৰে৷ প্ৰকৃত চিনেমা অথবা থিয়েটাৰ হ’ব অহা পাঁচ বছৰতহে৷ বিগত চাৰিবছৰীয়া কাৰ্য্যকালত ডেৰ লাখ চাকৰি সম্পূৰ্ণ বিনামূলীয়াকৈ দিছোঁ৷ আপোনালোকে গাঁৱলৈ যেতিয়া যাব হাতত বহী আৰু কাগজ থাকিব৷ দুখীয়া মানুহৰ নাম লিখি আনিব আমি যাতে এইবাৰ সকলোকে সন্তুষ্ট কৰিব পাৰো৷ অসম খনক যাতে আগুৱাই লৈ যাব পাৰোঁ৷ এতিয়া হাতী মানেই পদুম, পদুম মানেই হাতী৷ য’ত হাতী আছে তাত হাতীত দিব য’ত পদুম আছে তাত পদুমত ভোট দিব৷ এ জি পি জিন্দাবাদ, বিজেপি জিন্দাবাদ৷ ড॰ শৰ্মাই এইবাৰ ব’হাগৰ পৰা অহাবাৰ ব’হাগলৈকে দুটা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়৷ কংগ্ৰেছ শাসনকালত জনতাক কেৱল পঞ্চ অমৃত খুৱাইছিল বুলিও কংগ্ৰেছক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কংগ্ৰেছ শাসনত থকা সময়ত কেৱল লুঙী, ধূতি, সূতা, কম্বল আৰু আঁঠুৱা এই পাঁচ আঁচনিৰ প্ৰদানেৰে ৰাইজক আভুৱা ভৰাৰ বাহিৰে আন একো কৰা নাছিল বুলি কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
কংগ্ৰেছ চৰকাৰৰ শাসনত থকা সময়ত কংগ্ৰেছৰ নেতাসকলে চাকৰিৰ নামত দালালি কৰি বিশাল বিশাল অট্টালিকা নিৰ্মাণ কৰা বুলি ৰাজহুৱা সভাৰ ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ইফালে, পুনৰ মুখ্যমন্ত্ৰীৰ মুখত শুনা গ’ল গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগ৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ উচ্ছাৰিত হ’ল সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, কোনো ব্যক্তিয়ে যদি ভাৰতত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লয়, চৰকাৰে গম নোপোৱাকৈ পাকিস্তানলৈ যায় আৰু ল’ৰা ছোৱালীৰ নাগৰিকত্বৰ কথা ৰাইজক নকয়, তেতিয়া আইনে যি ব্যৱস্থা লয় ল’ব৷ ছেপ্টেম্বৰৰ দহ তাৰিখৰ আগতে আমি আপোনালোকৰ আগলৈ প্ৰতিবেদন লৈ আহিম৷ আমাৰ হাতত নিশ্চিত তথ্য আছে তেওঁৰ পাকিস্তান আৰু নেপাল ভ্ৰমণৰ৷ ছেপ্টেম্বৰৰ আগতে আমি সেয়া প্ৰকাশ কৰিম৷ দেওবাৰে ধিং বিধানসভা সমষ্টিৰ ডুমডুমীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামনি বৰাৰ বাহনত দুৰ্বৃত্তই কৰা আক্ৰমণ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কংগ্ৰেছ দলৰ মাজত হোৱা প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত, ধনৰ ব্যাপক লেনদেন আদিৰ বাবেই দলীয় সংঘাতৰ পৰিণতিত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ নগাঁৱৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কয়, তেওঁলোকে টিকটৰ নামত টকা পইচাৰ লেনদেন আৰু ৰাজনীতি কৰি আছে তাৰ বাবে তেওঁলোকৰ কাজিয়া পেচাল হয় বদনাম আমাৰ হয়৷ সেই গতিকে মই আশা কৰোঁ কংগ্ৰেছে যেন টকা পইচা কালেকচনৰ কামত নানামে৷ কোনোবাই ত্ৰিশ লাখ টকা লয় আকৌ পঞ্চাশ লাখ লৈ বেলেগ এজনক টিকট দিয়ে৷ মাৰপিট হয় দায়িত্ব আমাৰ মুৰৰ ওপৰত পৰে৷ মই সেই গতিকে এছ পিক কৈছো ভালকৈ তদন্ত কৰক আৰু বিষয়টো ৰাইজৰ সন্মুখলৈ আনক৷ সোমবাৰে নগাঁৱৰ বৰঘাটত আয়োজিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক, ৰূপক শৰ্মা, দিপ্লুৰঞ্জন শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, বিজেপি নেতা অভিজিৎ নাথসহ বহুকেইগৰাকী বিজেপি নেতা, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলো উপস্থিত থাকে৷
কংগ্ৰেছৰ সমল লুঙী-সূতা-কম্বলঃ বিশ্বনাথত মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদকঃ সোমবাৰে বিশ্বনাথৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ ক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়– কংগ্ৰেছক ভোট নিদিব৷ কেৱল পদুম অথবা হাতীত ভোট দিব৷ ৱাৰ্ডত আমাৰ সমৰ্থিত লোকক ভোট দিব৷ পূজাত যিদৰে পঞ্চমৃত প্ৰয়োজন হয়, একেদৰে কংগ্ৰেছৰ পঞ্চামৃত হৈছে লুঙী, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা৷ আকৌ নিৰ্বাচনত আহিলে কংগ্ৰেছে এই কেইটাকে দিব৷ কংগ্ৰেছীৰ ৬ নম্বৰ আঁচনি নাই৷ কংগ্ৰেছীক আঁচনিৰ কথা সুধিলে মূৰ খজুৱায়৷ কংগ্ৰেছৰ দিনত এখন ট্ৰাকত সূতা লৈ সভালৈ আহে আৰু মহিলা সকলক দিয়ে৷ কিন্তু ১০০০ মানুহ হলে ২০০ মহিলাকহে সূতা দিয়ে৷ ফলত হাই কাজিয়া সৃষ্টি হয়৷ ১৫ বছৰ তৰুণ গগৈৰ দিনত কি আঁচনি পাইছিলে কোনেও কব নোৱাৰে৷ কংগ্ৰেছৰ দিনত নাছিল কোনো অৰুণোদয় আঁচনি, নিযুত মইনাৰ দৰে হিতাধিকাৰী আঁচনি৷ কংগ্ৰেছৰ দিনত অংগনৱাড়ী কেন্দ্ৰ সমূহ পাৰ চৰাই সোমাব নোৱৰা অৱস্থাত আছিল৷ গহপুৰত বিশ্ববিদ্যালয়, বিশ্বনাথত মেডিকেল কলেজ, গহপুৰ নুমলীগড় সুৰংগ বিজেপিৰ দিনত সম্ভৱ৷ হাইস্কুল, হায়াৰচেকেণ্ডেৰী স্কুলত ৮ কোটিকৈ চৰকাৰে টকা দিব৷ টিউটৰৰ দৰমহা বৃদ্ধি, বিদ্যালয় প্ৰাদেশিকীকৰণৰ নতুন ৰূপৰেখা প্ৰস্তুত, অংগনৱাড়ী, আশা কৰ্মী, আদিৰো দৰমহা বৃদ্ধি কৰা হ’ব৷ মাছমৰীয়া সকলে যাতে মাছ মাৰিব পাৰে তাৰ ব্যৱস্থা কৰা হ’ব, অহা জুন মাহত বিশ্বনাথ আৰু গহপুৰৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হ’ব৷ অহা ডিচেম্বৰত বিশ্বনাথত মেডিকেল কলেজৰ শুভাৰম্ভ কৰিব পৰা হৈ যাব৷
এইবাৰৰ পৰা ৰেচন কাৰ্ড দেখুৱালেই পৰিয়ালটোৰ সন্তানে বিনামূলীয়া কলেজত নামভৰ্তি কৰিব পাৰিব৷ ৰেচন কাৰ্ডৰ জৰিয়তে পহিলা অক্টোবৰৰ পৰা চাউলৰ লগতে কম দামত দাইল, চেনি, নিমখ পোৱাৰ লগতেগেছ চিলিণ্ডাৰৰ দাম তিনিশ টকা কমাই দিয়া হ’ব৷ ৬০০-৬৫০ টকাত একোটা গেছ চিলিণ্ডাৰ পাব৷ মই প্ৰথম মুখ্যমন্ত্ৰী হৈছো, যি কৰি আছো সেয়া নৃত্য নাটিকাহে৷ নাটক এতিয়াও বাকী আছে৷ কংগ্ৰেছৰ দিনত চাকৰি পাবলৈ ৮-১০ লাখ টকা, একোটা অংগনৱাড়ী কৰ্মীৰ চাকৰিৰ বাবে এক-ডেৰ লাখ টকা দিবলগীয়া হৈছিল৷ মুখ্যমন্ত্ৰীয়ে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিকিস্বত্ব শ্ৰমিকসকলে লাভ কৰিব৷ অসমৰ ল'ৰাই ৭-৮ হাজাৰ টকাৰ চাকৰি কৰিবলৈ বহিঃ ৰাজ্যলৈ যায়৷ কৰ্মথলীত মৃত্যু হলেও মৃতদেহ ঘূৰাই আনিবলৈও চিন্তা কৰিব লাগে৷ কিন্ত এডভাণ্টেজ আসামৰ কথা চিন্তা কৰিছো৷ যাতে ইয়াত উদ্যোগীকৰণৰ জৰিয়তে অসমৰ যুৱক যুৱতীয়ে ইনকাম কৰিব পাৰে৷ সন্তানক মাতৃৰ মাজলৈ ঘূৰাই অনাৰ চেষ্টা কৰিছোঁ৷ ২৫ হাজাৰ নামঘৰত ডেৰ লাখ টকাকৈ দিয়া হ’ব৷ মন্ত্ৰী অশোক সিংহাল, সাংসদ ৰঞ্জিত দত্ত, চতিয়াৰ বিধায়ক পদ্ম, বিশ্বনাথ, বিহালী, গহপুৰ, বৰ চলাৰ বিধায়ক ক্ৰমে প্ৰমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱাল, উৎপল বৰা, গণেশ লিম্বু, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, বিজেপি জিলা সভাপতি অসীম কুমাৰ দাস, প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা আদিও সভাত উপস্থিত থাকে৷ মুখ্য মন্ত্ৰীয়ে সভাখনত জিলা পৰিষদৰ প্ৰাৰ্থীসকলক পৰিচয় কৰাই বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷