
শুৱালকুছিৰ গন্ধমৌত নিষিদ্ধ গো-মাংস উদ্ধাৰকলৈ উত্তেজনা
'আমাৰ অসম'ৰ শুৱালকুছিৰ প্ৰতিবেদক, ২৯ এপ্ৰিলঃ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত গন্ধমৌৰ ফাটনা জিৰণী ঘূলিত সোমবাৰে নিশা গো-মাংস উদ্ধাৰক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। গো-মাসংৰ লগত জড়িত ১৬ গৰাকী শ্ৰমিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে জানিবলৈ দিয়া মতে গন্ধমৌৰ ফাটনাৰ জিৰণী ঘূলিত মনজিৎ দাস নামৰ লোক এজনৰ মাটিত দীৰ্ঘদিন ধৰি বৰপেটা বাঘবৰ আৰু ধুবুৰী অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমিকে পকী বেৰৰ কাম কৰি আছিল। সোমবাৰে নিশা তেওঁলোকৰ কেইজনমান শ্ৰমিকে চাংসাৰি চকী গেটৰ পৰা চাৰিকেজি গো-মাসং আনি ৰন্ধাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ওচৰৰে কেইজনমান বড়ো যুৱক মাছ মাৰিবলৈ যাওঁতে দেখা পাই স্থানীয় ৰাইজক খবৰ দিয়ে।
ৰাইজে শ্ৰমিক সকলক ধৰি শুৱালকুছি আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিক সকলক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। মঙ্গলবাৰে আৰক্ষীয়ে ৫২/২৫ নম্বৰৰ বিএন্এছ১৯৬(১)(বি)/২৯৮/৩(৫)ত গোচৰ ৰুজু কৰি আটাইকেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰে। অৱশ্যে শ্ৰমিক সকলৰ ভিতৰত পাঁচ গৰাকী শিশু শ্ৰমিক আছিল। তেওঁলোকক শিশু গৃহলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে হিন্দু অধ্যুষিত অঞ্চল গন্ধমৌৰ ফাটনা জিৰণী ঘূলিত পৰমাৰ্থ সাধক সংঘ নামৰ এখন আশ্ৰম আছে। সম্পূৰ্ণ নিৰামুহীয়া আশ্ৰম খনৰ ভিতৰৰে শ্ৰমিক সকল কৰ্মস্থলীলৈ অহা-যোৱা কৰে। শ্ৰমিক কেইজনে আশ্ৰমৰ ভিতৰৰে গো-মাংস লৈ যোৱা কাৰ্যত ৰাইজ উত্তেজিত হৈ শ্ৰমিক সকলক উত্তম-মধ্যম সোধাই আৰক্ষীক গটাই দিয়ে।