Logo
image

লুইতৰ সোঁতত উটি অহা তিনিমহীয়া হাতী পোৱালী উদ্ধাৰ

'আমাৰ অসম'ৰ মঙলদৈৰ প্ৰতিবেদক, ২৯ এপ্ৰিলঃ বৰ লুইতৰ কোবাল সোঁতে উটুৱাই অনা প্ৰায় তিনিমহীয়া কণমানি হাতী পোৱালী এটি মঙ্গলবাৰে পুৱা ৯ মান বজাত দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত অপৰীয়া চৰৰ কেইজনমান সহৃদয় বন্যপ্ৰাণী প্ৰেমী লোকে নিজৰ জীৱনকো বিপন্ন কৰি সুকলমে উদ্ধাৰ কৰে৷ সেই অঞ্চলৰ বিখ্যাত নাৱৰীয়া গিয়াচুদ্দিনৰ পৰা এই খবৰ পোৱাৰ লগেলগেই দৰঙৰ প্ৰাক্তন অবৈতনিক বন সংৰক্ষক তথা সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে এই বিষয়ে মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত কুমাৰ বৰুৱা আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া চানী চৌধুৰীক হাতী পোৱালীটো সুৰক্ষিত স্থানলৈ আনিবলৈ অনুৰোধ জনায়৷ দুয়োগৰাকী বিষয়াই তৎকালেই ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বন সংপালক ধনেশ্বৰ দলে আৰু ফৰেষ্টাৰ প্ৰাণজিৎ ডেকাৰ নেতৃত্বত এটি উদ্ধাৰকাৰী দল অপৰীয়া চৰলৈ প্ৰেৰণ কৰে৷


প্ৰতিকূল বতৰকো নেওচি বনকৰ্মী সকলে প্ৰায় ৭৫ কিলোমিটাৰ দূৰত্বৰ তুলনামূলকভাৱে দুৰ্গম অপৰীয়া চৰ তিনিঘণ্টাৰ ভিতৰতে অতিক্ৰমী পুনৰ দেশীয় নৌকাৰে লুইতৰ মাজৰ চৰটোত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত হাতী পোৱালীটো সুকলমে উদ্ধাৰ কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পলৈ লৈ যায়৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হস্তী বিশেষজ্ঞ পশু চিকিৎসকৰ দল এটি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ অতি মৰমলগা হাতী পোৱালীটোৰ চিকিৎসা আৰু শুশ্ৰূষা আৰম্ভ কৰিছে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া প্ৰাণজিৎ ডেকাই জানিবলৈ দিয়া অনুসৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া হাতী পোৱালীটো আকস্মিক ভাৱে লুইতৰ পানীত পিছলি পৰি যোৱাত কোবাল সোঁতে উটুৱাই লৈ যায়৷ চিকিৎসাৰ অন্তত হাতীৰ পোৱালীটোক মাতৃ তথা হাতীৰ জাকটোৰ সৈতে পুনৰ্মিলন কৰাৰ চেষ্টা চলোৱা হ'ব আৰু সফল নহ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুনৰ্সংস্থাপন কেন্দ্ৰলৈ উপযুক্ত প্ৰতিপালনৰ বাবে প্ৰেৰণ কৰা হ'ব বুলিও বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ আনহাতে হাতী পোৱালীটো বৰলুইতৰ পৰা উদ্ধাৰ কৰা অপৰীয়া চৰৰ বন্যপ্ৰেমী ব্যক্তি কেইগৰাকীলৈ বন বিভাগ আৰু মঙলদৈ মিডিয়া চাৰ্কোলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ৷