Logo
image

পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই জোনাইৰ এখন গাঁৱৰ ৰাইজৰ শ্ৰমদান

'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ আজি ১৪খন জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে জোনাইত দেখিবলৈ পোৱা গ'ল এখন ব্যতিক্ৰমী ছবি। জোনাই সমজিলাৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯নং ৱাৰ্ডৰ মিলনপুৰ মুকলি পথাৰৰ অৰ্ধ শতাধিক গাঁওৰ ৰাইজে বৰ্তমান সময়লৈ সাব্যস্ত কৰা নাই ভোটদান। স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰা মতে এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে মিলনপুৰ মুকলি পথাৰৰ গাঁওবাসীয়ে। গাঁওখনত প্ৰায় ৫০ৰো অধিক ঘৰ থকা বুলি কয় ৰাইজে৷ যাৰ ফলত পূৰ্বতে দুজনকৈ লোকৰ জৰাজীৰ্ণ দলঙৰ পৰা পৰি মৃত্যু হোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে৷ সেয়ে ভোটদানৰ দিনটোতে গাঁওৰ পুৰুষ-মহিলা সকলোৱে একলগ হৈ শ্ৰমদানৰে নিৰ্মাণ কৰিছে দুখনকৈ বাহৰ দলং। 'জনপ্ৰতিনিধিয়ে আমাৰ ৰাইজৰ কথা চিন্তা নকৰে তেন্তে আমি জনসাধাৰণে কিয় চিন্তা কৰিম?' গতিকে দলং নিৰ্মাণৰ কাম শেষ নোহোৱা পৰ্যন্ত ভোট প্ৰদান নকৰাৰ হুংকাৰ গঞা ৰাইজৰ।


উল্লেখ্য যে জোনাইৰ হাতীজান সংযোগী পথছোৱা বছৰৰ সৰহভাগেই জৰাজীৰ্ণ হৈ পৰে। বাৰিষাৰ সময়ছোৱাত বোকাময় হৈ পৰা পথটোৰে অৰ্ধশতাধিক গঞা ৰাইজে দুৰ্বিষহ ভাৱে যাতায়ত কৰিবলগীয়া হৈ আহিছে। যাৰ ফলত ছাত্র-ছাত্ৰী, ৰোগী, ক্ষুদ্ৰ ব্যৱসায়ী তথা সৰ্বসাধাৰণ ৰাইজে যমৰ যাতনা ভুগি আহিছে বছৰ বছৰ ধৰি। কোনো এখন চৰকাৰ তথা নিৰ্বাচিত জনপ্ৰতিনিধি সকলৰ উদাসীনতাৰ ফলস্বৰূপে সুচল যাতায়তৰ বাবে ৯নং ৱাৰ্ডৰ মিলনপুৰ মুকলি পথাৰ অঞ্চলৰ দলং, বাট-পথৰ নিৰ্মাণ হোৱা নাই বুলি ভুক্তভোগী ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। জনবসতিপূৰ্ণ অঞ্চলটোৰ হাতীজান সংযোগী পথৰ এটা নলাৰ ওপৰত দলং নিৰ্মাণৰ লগতে অঞ্চলৰ জৰাজীৰ্ণ বাট-পথ সমূহ নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰ, জনপ্ৰতিনিধিক দাবী জনাইছে।