
নামভৰ্তিৰ বাবে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হেতা-ওপৰা পৰিবেশ
'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদকঃ শতবৰ্ষত ভৰি দিয়া পাঠশালাস্থিত ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালত নামভৰ্তিৰ বাবে আজি দেখা গ’ল ব্যতিক্ৰমী পৰিবেশ৷ বজালীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীত নাম ভৰ্তিৰ বাবে লগোৱা হেতা-ওপৰা পৰিবেশে শৈক্ষিক ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে৷ চককাৰী খণ্ডৰ বিদ্যালয়ত নাম ভৰ্তিৰ বাবে এনেকুৱা পৰিৱেশে বিদ্যায়তনিক দিশত পৰিবৰ্তনৰ সূচনা হোৱা বুলি ধাৰণা কৰিছে বৌদ্ধিক মহলে৷ আজি কিছু বছৰ আগলৈ চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি আছিল অতি সেৰেঙা৷ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰী খণ্ডৰ বিদ্যালয়ত নাম ভৰ্তিৰ বাবে কাকূতি-মিনতি কৰিব লাগা হৈছিল বিদ্যালয়ৰ কতৃপক্ষই৷ পাঠশালাত বেচৰকাৰী বিদ্যালয় সমূহত শিক্ষাৰ নামত এক বিশেষ বজাৰ গঢ়ি উঠাৰ বিপৰীতে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দেখা পোৱা এনেকুৱা পৰিবেশ এক যোগাত্মক দিশ বুলি সচেতন নাগৰিকে অনুভৱ কৰিছে৷
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৰ্যাপ্ত সা-সুবিধা, বিজ্ঞান আৰু কলা শাখাত বহুতো অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ সমাহাৰে বিদ্যালয়খনৰ প্ৰতি নবাগত ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে৷ আজি নামভৰ্তিৰ বাবে বিদ্যালয়ৰ বাকৰিত অস্থায়ী ৰভা পেণ্ডেল পাতি নাম ভৰ্তিৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে৷ আনহাতে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবাৰ ঘোষিত ফলাফল অনুসৰি বিজ্ঞান শাখাৰ ৪৪ গৰাকীয়ে প্ৰথম, ৩৩ গৰাকীয়ে দ্বিতীয় আৰু ৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে কলা শাখাৰ ৫৫ গৰাকীয়ে প্ৰথম, ১১৫ গৰাকীয়ে দ্বিতীয় আৰু ২৭ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ শিক্ষানুষ্ঠানখনৰ পৰা বাণিজ্য শাখাৰ এগৰাকীয়ে প্ৰথম, ২২ গৰাকীয়ে দ্বিতীয় আৰু ১৬ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ উল্লেখ্য যে বিগত সময়ত এই বিদ্যালয়ৰ পৰা কেইবাগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷