Logo
image

নলবাৰীত গৌৰৱ গগৈৰ সন্মুখতে গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজেণ্ট মুৰ্দাবাদ ধ্বনি

'আমাৰ অসম'ৰ নলবাৰীৰ প্ৰতিবেদকঃ ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰতিবাদৰ সন্মুখীন হয় সাংসদ গৌৰৱ গগৈ। একাংশ বিজেপি কৰ্মী-সমৰ্থকে কংগ্ৰেছ সাংসদ গৰাকীক ক'লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি কৰ্মীৰ বিভিন্ন প্ৰতিবাদী শ্লোগানৰ সন্মুখীন হ'বলগীয়া হয় সাংসদ তথা বিৰোধী উপ-দলপতি গৌৰৱ গগৈ। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গৃহ সমষ্টিৰ অন্তৰ্গত বিষ্টুপুৰত চলি থকা কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাৰ পৰা কিছু নিলগত একাংশ বিজেপি কৰ্মীয়ে ক'লা পতাকা লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি কৰ্মীসকলে গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজেণ্ট মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ ধ্বনি দি ক'লা পতাকা দেখুৱাই পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ইয়াৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে নলবাৰীৰ ধমধমাৰ আন এখন নিৰ্বাচনী সভালৈ সমৰ্থকৰ সৈতে গৈ থকা সময়তে বালিতাৰাত পুনৰ বিজেপি কৰ্মী-সমৰ্থকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয়। নলবাৰীৰ বালিতাৰা পোষ্ট অফিচ চ’কত বিজেপিৰ সমৰ্থকে হাতে-হাতে প্ৰতিবাদী প্লে কাৰ্ড, ক'লা পতাকাৰ লগতে গৌৰৱ গগৈৰ পুত্তলিকা লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কংগ্ৰেছ সাংসদ গৰাকীৰ সন্মুখতে মুৰ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয়৷ লক্ষণীয়ভাৱে আৰক্ষীৰ বাধা নামানি ভালেসংখ্যক পুৰুষ-মহিলা প্ৰতিবাদকাৰীয়ে গৌৰৱ গগৈৰ গাড়ীৰ পিছে পিছে খেদি গৈ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গ' বেক, গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। আনহাতে, কংগ্ৰেছ কৰ্মীসকলেও বিজেপি মুৰ্দাবাদ, বিজেপি গ' বেক ধ্বনি দিয়া পৰিলক্ষিত হয়। উল্লেখ্য যে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত আজি কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞা, ৰাতুল কলিতা, ৰাতুল পাটোৱাৰী, দিব্যজ্যোতি হালৈকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে।

ইফালে, নলবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে। নলবাৰীৰ বিষ্টুপুৰত এখন নিৰ্বাচনী সভাত অংশ লৈ সাংসদ গৌৰৱ গগৈয়ে বিজেপি মিত্ৰজোঁটৰ চৰকাৰক সমালোচনা কৰি অসমৰ মহিলাসকলক লাখপতি বাইদেউ বনোৱাৰ নামত ৰামঠগন দিছে বুলি মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ বৰ্তমান সময়ত মাথো পাঁচগৰাকী ব্যক্তিয়ে চলাই আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। ড০ হিমন্ত বিশ্ব শৰ্মা, অশোক সিংহাল, জয়ন্ত মল্লবৰুৱা, পীয়ূষ হাজৰিকা আৰু মানৱ ডেকাই চৰকাৰ চলাই থকা বুলি অভিযোগ তুলি অসমত বিজেপি চৰকাৰৰ দিনত এই পাঁচজনৰহে উন্নতি হৈছে বুলিও তীৰ্যক মন্তব্য কৰে।


ইপিনে, অসমত কংগ্ৰেছৰ দিনত মহিলাসকলে বহুত কিবাকিবি হেৰুৱাই চাকৰি লাভ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয় যে ৰামায়ণত ৰাৱনে সীতা মাতাক বদনামি কৰিব বিচৰাৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলক বদনামি কৰিবলৈ অপচেষ্টা চলাইছে। অসমৰ মহিলাসকলক লৈ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছে সেয়া মাতৃ সমাজক লজ্জিত কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে। নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় অসমত জলজীৱন মিছন আঁচনিক লৈ ডাঙৰ কেলেংকাৰী সংঘটিত হৈছে। অসমত আটাইতকৈ ব্যৰ্থ আঁচনিখন জলজীৱন মিছন আঁচনি বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। এই আঁচনিৰ নামত কোটি কোটি টকা আত্মসাৎ কৰা হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। গাঁৱৰ ভিতৰত 'পাইপ আছে, পানী নাই' বুলিও তেওঁ কটাক্ষ কৰে। হিমন্তৰ অপকৰ্মৰ বিৰুদ্ধে যুঁজ দি অহা বুলি উল্লেখ কৰাৰ লগতে যুঁজ দি যাব বুলি কৈ অসমৰ ৰাইজে এই সকলোবোৰ বিচাৰ কৰিব বুলিও কয় সাংসদ গৌৰৱ গগৈয়ে। 

ইফালে, নিৰ্বাচনী প্ৰচাৰ কাৰ্যত শাসক পক্ষই বিৰোধীক বাধা প্ৰদান কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন কৰাত সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-'নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদায়েই এনেধৰণৰ কাম-কাজবোৰ কৰে। ইয়াৰ পূৰ্বেও মই যেতিয়া আহো আমাৰ সভাৰ অনুমতি তেওঁ বিভিন্ন হেঁচাৰ যোগেদি কৰ্তন কৰাবলৈ চেষ্টা কৰে। কিন্তু প্ৰত্যেকবাৰ তেওঁ বাধা দিয়াৰ পিছতো ৰাইজ ওলাই আহে। ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰে। ৰাইজে আমাৰ কথাবোৰ শুনে। আজিও একেই পৰিস্থিতি আমি দেখা পালোঁ। তেওঁৰ শেষ প্ৰচেষ্টাৰ পিছতো আমাৰ মানুহৰ ভিৰ-সমাগম চাই আমাৰ কথাবোৰ ভালদৰে প্ৰকাশ কৰিব পাৰিলোঁ। আজি উজনি অসমত চলি থকা ভোটদান প্ৰক্ৰিয়াত একাংশ চৰকাৰী বিষয়াই ভোটাৰৰ ওপৰত হেঁচা দি আছে যে তেওঁলোকে পদুম ফুলৰ চিহ্নত ভোট দিব লাগে। এই ধৰণৰ কথাবোৰ যেতিয়া আমি শুনা পাওঁ বা দেখা পাওঁ, তেতিয়া আমি যথেষ্ট দুঃখিত আৰু শংকিত হওঁ।

বৰ্তমান হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পাঁচ-ছয়জন মন্ত্ৰী, বিধায়কে এনেকুৱা এখন অসম বিচাৰে, য'ত গণতান্ত্ৰিক অধিকাৰ কাৰো নাথাকে, য'ত মানুহে ভোট দিয়াৰ অধিকাৰ হেৰাই পেলায়। তাৰ বিৰোধিতা আমি কৰিছোঁ। মই আশাবাদী যে আগন্তুক দিনত এই অপশাসন আমি শেষ কৰিবলৈ সক্ষম হ'ম।' সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত পুনৰ কয়-'যিদৰে ৰামায়ণ'ত ৰাৱণে মাতা সীতাৰ ওপৰত কলংক আনিবলৈ চেষ্টা কৰিলে, আজি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ চৰকাৰী চাকৰি কৰা মহিলাসকলৰ ওপৰত একেই দাগ লগাবলৈ চেষ্টা কৰিছে। কলংকিত কৰিবলৈ চেষ্টা কৰিছে। অসমৰ আইসকলৰ মান, স্বাভিমানত তেওঁ আঘাত হানিছে। তেওঁৰ ভুল মন্তব্যৰ বাবে অসমৰ আইসকলৰ ওচৰত তেওঁ ক্ষমা খোজক। মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজি আছোঁ ৰাইজৰ বিষয় লৈ। তেওঁ কি বিষয় লৈ মোৰ লগত যুজিবলৈ বিচাৰে, সেইটো তেওঁৰ চিন্তা। অসমৰ ৰাইজে বিচাৰ কৰিব। আমি যুঁজি আছো অসমৰ ৰাইজৰ হকে, যুৱকসকলৰ হকে, অসমৰ আৰ্থিক সংকটক লৈ। আমি অসমৰ ৰাইজৰ সমস্যাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজি আছোঁ আৰু যুঁজি থাকিম।'