Logo
image

মাতৃৰ কৰ্কট ৰোগৰ বতৰা লৈ পৰীক্ষাত বহি ৯০ শতাংশৰে উত্তীৰ্ণ হ'ল স্নেহা

'আমাৰ অসম'ৰ নাজিৰাৰ প্ৰতিবেদকঃ "খিৰিকীখনৰ কাষত বহি পৰীক্ষা দিছিলো। যেতিয়া বাহিৰলৈ চাই দিওঁ লিখিবলৈ পাহৰি যাওঁ। মালৈ মনত পৰি চকুপানী ওলাই আহে"। নাজিৰাৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কাহিনী এয়া। নাজিৰা জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল নাজিৰা বৰতলৰ নিবাসী দিপু ৰাজখোৱাৰ মেধাৱী কন্যা স্নেহা ৰাজখোৱা। সকলো সুকলমেই চলি গৈছিল। পৰিয়ালটোৰ আশা আছিল সুখ্যাতিৰে উত্তীৰ্ণ হ'ব মেধাৱী ছাত্ৰীগৰাকী। কিন্তু তাৰ মাজতে ঘটি গৈছিল এক অনাকাংক্ষিত ঘটনা। স্নেহা ৰাজখোৱাৰ মাতৃৰ ধৰা পৰিছিল দুৰাৰোগ্য কৰ্কট ৰোগ। মাতৃৰ কৰ্কট ৰোগৰ বতৰা লৈ পাছদিনা ভূগোলৰ পৰীক্ষাত বহিছিল স্নেহা। একেদৰে অৰ্থনীতি বিজ্ঞানৰ পৰীক্ষাৰ আগদিনা স্নেহাৰ মাতৃক লৈ যোৱা হৈছিল চিকিৎসাৰ বাবে গুৱাহাটীলৈ। মাতৃৰ জীয়াই থকাৰ সংগ্ৰাম খনত অৱধাৰিত ভাৱেই নামি পৰিছিল স্নেহাও। সন্মুখত এফালে জীৱনৰ এটা জটিল পৰীক্ষা আৰু আনফালে মাতৃৰ অৱধাৰিত মৃত্যুক মানি লোৱাৰ মানসিক প্ৰস্তুতি। তাৰ মাজতে পৰীক্ষাত বহিছিল মেধাৱী ছাত্ৰী গৰাকী। আৰু অৱশেষত ৩০ এপ্ৰিলত ঘোষিত হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত প্ৰায় ৯০ শতাংশ নম্বৰ লাভ কৰি উজলি উঠিল সাহসী ছাত্ৰীগৰাকী।


ইংৰাজীত ৯১, ঐচ্ছিক ইংৰাজীত ৮৯, ভূগোলত ৯৫, সমাজতত্ত্বত ৯১ আৰু ৰাজনীতি বিজ্ঞানত ৭৯ নম্বৰ লাভৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ তৰা হৈ জিলিকিল স্নেহা ৰাজখোৱা। কিন্তু স্নেহাৰ এই সুখৰ মুহূৰ্ত উপভোগ কৰিবলৈ মাতৃ জীয়াই নাথাকিল এই সংসাৰত। স্নেহাৰ পৰীক্ষা শেষ হোৱাৰ কেইটামান দিনৰ পাছতেই এই সংসাৰৰ পৰা বিদায় ললে স্নেহাৰ মাতৃয়ে। আনন্দৰ এই মুহূৰ্তত মাতৃয়ে আকাশৰ পৰা তৰা হৈ চাই ৰোৱা মাতৃৰ আশীৰ্বাদ বিচাৰি আবেগিক হৈ উঠিল মেধাৱী ছাত্ৰীগৰাকী। ইয়াৰ উপৰিও স্নেহাৰ আছে আন এক কাহিনী। যি কাহিনীয়ে অনুপ্ৰাণিত কৰিব নৱপ্ৰজন্মক। পঢ়াৰ সমান্তৰালকৈ মেধাৱী ছাত্ৰী গৰাকী ব্যস্ত সামাজিক মাধ্যমতো। ইনষ্টাগ্ৰামত ৰীল তৈয়াৰ কৰি ইতিমধ্যেই সৰ্বত্ৰে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে স্নেহা। আৰু এই ইনষ্টাগ্ৰামৰ পৰা লাভ কৰা ধনেৰেই নিজৰ পঢ়া শুনাৰ সমস্ত খৰচ বহন কৰি আহিছে তেওঁ। যি সময়ত সামাজিত মাধ্যমৰ অপব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত হেঙাৰ হৈ পৰিছে বুলি সৰ্বত্ৰে চৰ্চা চলিছে সেই সময়তে স্নেহা হৈ পৰিছে আন বহুতৰে বাবে যেন এক আদৰ্শ। ভবিষ্যতে স্নাতকত নামভৰ্তি কৰাৰ সমান্তৰালকৈ সামাজিক মাধ্যমৰ পৰা আৰ্জিত ধনেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা মেধাৱী ছাত্ৰী গৰাকী এতিয়া নাজিৰাত হৈ পৰিছে চৰ্চাৰ বিষয়।