Logo
image

কাজিৰঙাৰ বাসিন্দা হ'ল লুইতত উটি অহা ছয়মহীয়া হাতী পোৱালীটো

'আমাৰ অসম'ৰ মঙলদৈৰ প্ৰতিবেদকঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বিষয়া কৰ্মচাৰীসকলৰ সকলো প্ৰচেষ্টাৰ পিছতো মাতৃৰ সৈতে বিচ্ছিন্ন হৈ লুইতৰ সোঁতত উটি যোৱা ছমহীয়া হাতী পোৱালিটোক তাৰ মাতৃৰ সৈতে পুনৰ মিলন কৰাব নোৱাৰিলে। অৱশেষত হস্তী পোৱালিটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰলৈ ১ মে'ৰ দিনা লালন পালনৰ বাবে প্ৰেৰণ কৰা হয়৷ উল্লেখযোগ্য যে ২৯ এপ্ৰিলৰ পুৱা মংগলদৈ থানাৰ অন্তৰ্গত অপৰীয়া চৰৰ বাসিন্দাসকলে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল পানীত উটি যোৱা হাতী পোৱালিটোক উদ্ধাৰ কৰিছিল। খবৰ পোৱাৰ লগে লগে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বন কৰ্মী সকলে সেইদিনাৰ বতৰৰ প্ৰতিকূলতা সত্ত্বেও দুৰ্গম অঞ্চলটোত উপস্থিত হৈ পোৱালিটোক চিকিৎসা প্ৰদানৰ লগতে তাৰ মাতৃৰ সৈতে পুনৰ মিলন কৰোৱাবলৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ গৈছিল৷ 


কিন্তু তিনিটা দিনৰ এই প্ৰচেষ্টাতো সফল হ'ব নোৱাৰি উদ্যান কৰ্তৃপক্ষই ১ মে’ৰ দিনা হস্তী পোৱালিটোক উপযুক্ত যত্ন আৰু লালন-পালনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সম্পূৰ্ণ যত্ন সহকাৰে স্থানান্তৰ কৰে। “আমি তিনিদিন ধৰি হাতী পোৱালিটোক তাৰ মাকৰ সৈতে লগ কৰাই দিয়াৰ সকলো চেষ্টা হাতত লৈছিলো, কিন্তু মাকৰ সন্ধান নোপোৱাত আমি ইয়াক ইয়াৰ উপযুক্ত প্ৰতিপালনৰ বাবে কাজিৰঙালৈ স্থানান্তৰ কৰিলোঁ। পোৱালিটো এতিয়া সু-স্বাস্থ্যৰে আছে”। এইদৰে সাংবাদিকৰ আগত মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই শনিবাৰে আবেলি উল্লেখ কৰে৷