
চামগুৰিত কংগ্ৰেছৰ তিনিটা নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই
'আমাৰ অসম’ৰ ৰূপহীহাটৰ প্ৰতিবেদকঃ বিগত ২৫ বছৰ ধৰি প্ৰতিটো নিৰ্বাচনত উত্তপ্ত হৈ উঠে চামগুৰি। যোৱা উপ নিৰ্বাচনৰ সময়ৰ পৰা আৰম্ভ হোৱা নিৰ্বাচনী হিংসাই এইবেলিৰ পঞ্চায়ত নিৰ্বাচনত পুনৰ মূৰ দাঙি উঠিছে চামগুৰিত। এই নিৰ্বাচনী হিংসা নগাঁও আৰক্ষীৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি। শুকুৰবাৰে নিশা ছাইদৰীয়া গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তই কাৰ্যালয়টোত থকা চকী মেজৰ উপৰিও সাংসদ দ্বয় প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ হৰ্ডিং, বেনাৰ, পোষ্টাৰ আদিও লণ্ডভণ্ড কৰে। গড়াজান জিলা পৰিষদৰ অন্তৰ্গত গুনাবাৰীৰ দলং পাৰত স্থাপন কৰা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টো নিশা আন্ধাৰৰ সুযোগ লৈ লণ্ডভণ্ড কৰাত সমষ্টি জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
মুখ্য কাৰ্যালয়ৰ লগতে পঞ্চায়তটোৰ ছয় নম্বৰ আৰু আঠ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছৰ আন দুটা নিৰ্বাচনী কাৰ্যালয়ো লণ্ডভণ্ড কৰে দুৰ্বৃত্তই। কংগ্ৰেছৰ কৰ্মী সকলে অভিযোগ কৰা অনুসৰি নিশা সমষ্টিটোৰ বিজেপিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাই প্ৰচাৰ সভা অনুষ্ঠিত কৰি যোৱাৰ পিছতেই এই কাণ্ড সংঘটিত হৈছে। সমষ্টিটোত নিৰ্বাচনী হিংসাই পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বুলি কংগ্ৰেছ কৰ্মী সকল শংকিত হৈ উঠিছে। ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীক অৱগত কৰে স্থানীয় কংগ্ৰেছ কৰ্মী সকলে। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।