Logo
image

চুমি জে’লতেই কাৰামুক্ত হ’ল বিশাল

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৩ মেঃ  ৯ মাহৰ পাছত মুকলি আকাশৰ তললৈ আহিল অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড বিশাল ফুকন৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে ডিব্ৰুগড়ৰ তিনিটা গোচৰত জামিন প্ৰদান কৰাৰ পাছতে আজি সন্ধিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহিল বিশাল ফুকন৷ প্ৰায় ১২০০ কোটি টকীয়া অনলাইন  ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত বিশাল ফুকনে জামিনত লাভ কৰিলেও আদালতৰ চৰ্ত মানি চলিব লাগিব৷ বিশালৰ হাতত থকা পাছপোৰ্ট জমা দিব লাগিব আদালতক৷ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আদালতত হাজিৰ হোৱাৰো নিৰ্দেশ দিছে আদালতে৷ অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাই ২ মে’ত বৰবৰুৱা থানাত ৰুজু হোৱা ৮৫/২০২৪ নম্বৰ গোচৰৰ জামিন লাভ কৰিছিল৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড় সদৰ থানাৰ ৩৫২/২০২৪ আৰু দুলীয়াজান থানাৰ ১৯৮/২০২৪ নম্বৰৰ গোচৰ দুটা জামিন লাভ কৰিছিল বিশাল ফুকনৰ লগতে চুমি বৰা আৰু তাৰ্কিক বৰাই৷ কিন্তু ইয়াৰে বিশালৰ পাতি লোৱা বায়েক চুমি বৰাক এতিয়াও জামিন প্ৰদান কৰা নাই বৰবৰুৱা থানাৰ ৮৫/২০২৪ নম্বৰৰ গোচৰটো৷ ইফালে দুই-এদিনৰ ভিতৰতে ৰীলছ ৰাণী চুমি বৰাৰ স্বামী তাৰ্কিক বৰাইয়ো জামিনত মুকলি অহাৰ সম্ভাৱনা আছে৷ আনহাতে, চুমি বৰাই বৰবৰুৱা থানাৰ গোচৰটো জামিন পালেই কাৰামুক্ত হ’ব পাৰিব৷ উল্লেখ্য যে, ২০২৪ চনৰ ২ ছেপ্টেম্বৰৰ নিশা বিশাল ফুকনৰ গান্ধীনগৰস্থিত এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ কোঠাত অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছিল৷ এই সময়ছোৱাত আৰক্ষীয়ে এপাৰ্টমেণ্টটোৰ পৰা আৰবীয় মুদ্ৰা, কেইবাটাও বেংকৰ একাউণ্ট, ৬ টাকৈ আইফোন উদ্ধাৰ কৰিছিল৷ এই বিয়াগোম কেলেংকাৰিত জড়িত থকাৰ অভিযোগত পৰৱৰ্তী সময়ত বিশালৰ পাতি লোৱা বায়েক চুমি বৰাৰ লগতে স্বামী তাৰ্কিক বৰাসহ বহুকেইজনক গ্ৰেপ্তাৰ কৰিছিল৷ আনহাতে, জয়পুৰত বিশালে পাতি লোৱা বায়েকৰ ডেষ্টিনেশ্যন ৱেডিঙৰ নামত কিদৰে পানীৰ দৰে টকা উৰুৱাইছিল সেই তথ্য আৰক্ষীৰ তদন্তত ফাদিল হৈছিল৷ পৰৱৰ্তী সময়ত সমগ্ৰ গোচৰটোৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে এছ টি আই টি গঠন কৰি তদন্তৰ দায়িত্ব অৰ্পন কৰে৷ কিন্তু কেলেংকাৰি অধিক জটিল হৈ পৰাত এছ আই টিয়ে চিবিআইক তদন্তৰ সকলো দায়িত্ব হস্তান্তৰ কৰে৷ চিবিআইয়ে চলোৱা এই তদন্তত চুমি-বিশাল আৰু তাৰ্কিক বৰাই ব্যৱহাৰ কৰা ৯ খনৰো অধিক বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ ইফালে, চিবিআইয়ে আটাইকেইজন অভিযুক্তকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়৷ বিশালে আজি জামিন লাভ কৰাৰ পাছতে তেওঁৰ অধিবক্তাই জানিবলৈ দি কয় যে, আজি বেইলৰ বণ্ড প্ৰক্ৰিয়াৰ লগতে আনুষংগিক কাম-কাজবোৰ সমাপন কৰা হয়৷ অৱশ্যে বিশাল সম্পূৰ্ণ মুকলি নহয়৷ সংবিধানে দিয়া প্ৰদত্ত অনুসৰি তেওঁ জামিন পাইছে আৰু সেই জামিন কিছুমান চৰ্ত সাপেক্ষহে প্ৰদান কৰা হৈছে৷ বিশালে নিজা পাছপৰ্ট জমা দিব লাগিব৷ সময়ত আদালতত হাজিৰ হোৱাৰ লগতে তেনেধৰণৰ কিছুমান চৰ্ত আৰোপ কৰা হৈছে বুলি বিশালৰ অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়ে৷


গ্ৰাহকৰ লাখ লাখ টকা বিলাসত উৰুৱাইছিল চুমি-বিশালে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ  কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইৰ তদন্তত চুমি বৰা বিশাল ফুকনে গ্ৰাহকৰ লাখ লাখ টকা উৰুৱাৰ তথা প্ৰকাশ পাইছে৷ ইতিমধ্যে চিবিআয়ে অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত চুমি বৰা আৰু বিশাল ফুকনৰ বিৰুদ্ধে আদালতত চূড়ান্ত অভিযোগ নামা দাখিল কৰিছে৷ চিবিআয়ে অভিযোগনামাত উল্লেখ কৰা অনুসৰি পাতি লোৱা ভায়েক বিশাল ফুকনে চুমি বৰাক ৰাণীৰ দৰে ৰাখিছিল৷ বিশালে চুমিৰ বাবে বহিঃৰাষ্ট্ৰৰ পৰা লাখ লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰিছিল৷ ২০২৩ চনৰ পৰা বিশালে চুমিৰ একাউণ্টলৈ টকা পঠিয়াইছিল৷ বিশালে চুমিৰ একাউণ্টত এবাৰত সৰ্বাধিক ৯ লাখ টকা পঠিওৱাৰ তথ্য চিবিআয়ে লাভ কৰিছে৷ বিশালে চুমিৰ বাবে কুৱালালামপুৰৰ গুচ্ছি কোম্পানীৰ সামগ্ৰী ক্ৰয় কৰাৰ লগতে অন্য বহু সামগ্ৰী ক্ৰয় কৰিছিল৷ বিশালে চুমিৰ বাবে ডুবাইৰ পৰা ১০ লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰিছিল৷ ডুবাইৰ  ইটালীয়ান ব্ৰেণ্ডৰ পৰা ৪৭ হাজাৰ টকাৰ সামগ্ৰী ক্ৰয় কৰিছিল৷ ২০২৩ চনৰ ৪ জুলাইত বিশালে চুমিৰ বাবে কুৱালালামপুৰত ২,১০,৩৫১ টকাত গুচ্ছি বেগ ক্ৰয় কৰিছিল৷ ২০২৩ চনৰ ২৯ জুলাইত বিশালে চুমিৰ বাবে ৪৪,১১৭ টকা মূল্যৰ আন এটা গুচ্ছি বেগ ক্ৰয় কৰিছিল৷ আনকি বিশালে টিফানিয়ান কোম্পানীৰ পৰা ১,৮৮,৯৪০ টকাৰ গহনা ক্ৰয় কৰি চুমিক উপহাৰ দিছিল৷ তদুপৰি ডুবাইৰ পৰ্দা ফেশ্বনৰ বাবে বিশালে চুমিৰ বাবে ২,৪২,২২২ টকাৰ সাজপাৰ ক্ৰয় কৰি দিছিল৷