Logo
image

মানাহত চলিছে হস্তী নিধন যজ্ঞ

‘আমাৰ অসম’ৰ আনন্দ বজাৰৰ প্ৰতিবেদক, ৪ মেঃ  এটা দুটা নহয়– এসপ্তাহৰ ভিতৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত আঠোটাকৈ বন্যহস্তী হত্যা কৰিলে চোৰাং চিকাৰীয়ে৷ ইয়াৰ ভিতৰত হাতী পোৱালিও আছে৷ চোৰাং চিকাৰীয়ে এটা হাতীৰ মূৰ কাটি লৈ যোৱাৰ বিপৰীতে একাধিক হাতীৰ হাঁত আৰু নখ কাটি নিয়ে৷ উল্লেখ্য, বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জৰ ঘন জংঘলৰ ভিতৰত দুদিন পূৰ্বে চোৰাং চিকাৰীয়ে হত্যা কৰা তিনিটাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভ প্ৰকাশ কৰিছে মানাহ জীপ ছাফাৰী সন্থাই৷ দেওবাৰে এক সংবাদ মেলত মানাহ জীপ ছাফাৰী সন্থাৰ সম্পাদক তথা বিশিষ্ট প্ৰকৃতিপ্ৰেমী বুবুল নাথে মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষ তথা বন বিভাগৰ নিস্ক্ৰীয় ভূমিকাৰ বাবেই হাতী নিধনৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰত অনুষ্ঠিত সংবাদ মেলত বুবুল নাথে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ নাথৰ অভিযোগ– দিনচেৰেক পূৰ্বে মানাহৰ পানবাৰী ৰেঞ্জত তিনিটাকৈ বনৰীয়া হাতী হত্যা কৰাৰ পূৰ্বে প্ৰায় এসপ্তাহ আগত আন পাঁচটা বন্যহস্তী চোৰাং চিকাৰীয়ে হত্যা কৰে– পানবাৰী ৰেঞ্জৰ ঘন জংঘলত৷


কিছুদিন পূৰ্বে পানবাৰী ৰেঞ্জতেই বন বিভাগে উদ্ধাৰ কৰিছিল কেইবাটাও সক্ৰিয় গুলী৷ হাতী নিধনকে ধৰি সকলো ঘটনা বন বিভাগে সকলো পক্ষৰ পৰাই লুকুৱাই ৰাখিছে৷ মানাহত দুদিন পূৰ্বে তিনিটা বনৰীয়া হাতী হত্যা কৰা ঘটনাটো আধৰুৱা খবৰহে৷ সম্পূৰ্ণ খবৰ এয়ে যে একে ঠাইতে আন পাঁচটা হাতী চোৰাং চিকাৰীৰ হাতত নিধন হৈছে৷ যিটো বন বিভাগে গোপনে ৰাখিছে৷ পানবাৰীৰ চাহেবঝাৰ আৰু ফালাংচি কেম্পত এই পাঁচটা বনৰীয়া হাতী নিধন কৰা হৈছে৷ পানবাৰীত এসপ্তাহ ধৰি জীপ ছাফাৰী বন্ধ হৈ থকাৰ গইনালৈ চোৰাং চিকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান বিটিচিৰ ভিতৰুৱা হোৱা বাবেই এনেবোৰ কাৰ্যত অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰে৷ ইফালে, বিটিচিৰ বন বিভাগে চোৰাং চিকাৰীৰ সৈতে মিলি মানাহৰ সম্পদ নিঃশেষ হোৱাত হাত উজান দি আহিছে৷ মানাহৰ সম্পদ সুৰক্ষাৰ ক্ষেত্ৰত বিটিচিৰ বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ এইক্ষেত্ৰত অসম চৰকাৰৰ সম্পূৰ্ণ সহায়-সহযোগিতা কামনা কৰাৰ লগতে মানাহত হাতী হত্যাৰ উচ্ছ পৰ্যায়ৰ তদন্ত দাবী কৰিছে জীপ ছাফাৰী সন্থাই৷ দেওবাৰৰ সংবাদ মেলত মানাহ জীপ ছাফাৰী সন্থাৰ সভাপতি ৰঞ্জিত ওৰাঙৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷