
ঢোল-পেঁপাৰ শব্দত মুখৰ ‘আমাৰ অসম’ৰ কাৰ্যালয়
‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ঢোলৰ গিৰগিৰণি, পেঁপা আৰু গগণাৰ মাতেৰে মুখৰ হৈ পৰিল ‘আমাৰ অসম’ৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় চৌহদ৷ কোনোবাই ঢোল বজালে, কোনোবাই পেঁপা বজালে, কোনোবাই বিহুনাম গালে– কোনোবাই আকৌ কঁকাল ভাঙি নাচিলে৷ উল্লেখ্য, ‘আমাৰ অসম’ৰ ডিজিটেল ডেস্কৰ উদ্যোগত আয়োজন কৰা বিহুনাম, বিহুনাচ আৰু ঢোলবাদন ৰীল প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান সোমবাৰে ‘আমাৰ অসম’ৰ প্ৰকাশন গোষ্ঠীৰ জি এল পাব্লিকেশ্বন্ছ লিমিটেডৰ নৱম মহলাত অনুষ্ঠিত হয়৷ ‘আমাৰ অসম’ৰ সহকাৰী সম্পাদক মণ্টু শইকীয়াই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ বঁটা বিতৰণী অনুষ্ঠানত আদৰণি ভাষণ দিয়ে জি এল পাব্লিকেশ্বন্ছৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰে৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘এই প্ৰতিযোগিতাৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ পুৰস্কাৰ লাভ নকৰা সকলকো এই প্ৰতিযোগিতাত যোগদান কৰা বাবে শুভেচ্ছা জনালোঁ৷ মই সাধাৰণতে ৰীল বনোৱা কথাটোৰ অলপ সমালোচনা কৰোঁ৷ আজিকালি বহু মানুহে ৰীল বনায়৷ ৰীল বনোৱাৰ নামত নানা দুৰ্ঘটনাও সংঘটিত হৈছে৷ ৰীল বনোৱাৰ ভাল আৰু বেয়া দুয়োটা দিশেই আছে৷ নিজৰ প্ৰতিভাক উত্তৰণ কৰিবলৈ এনে ৰীল প্ৰতিযোগিতা হ’লে ভাল৷ এনে প্ৰতিযোগিতা আগলৈ অধিক বহল পৰিসৰত অনুষ্ঠিত হ’ব বুলি আমি আশাবাদী৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাসকলক আৰু ইয়াত উপস্থিত থকা অভিভাৱকসকলক ধন্যবাদ আৰু অভিনন্দন জনালোঁ৷’ চমু অনুষ্ঠানটোত এই প্ৰতিযোগিতাৰ অন্যতম বিচাৰক, বিশিষ্ট সংগীতশিল্পী জীনা ৰাজকুমাৰীয়ে কয়– ‘এই প্ৰতিযোগিতাৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ ‘আমাৰ অসম’ ডিজিটেলে এখন সুন্দৰ মঞ্চ দিছে৷ এই প্ৰতিযোগিতাত আমি যথেষ্ট ভাল সঁহাৰি পাইছোঁ৷ প্ৰতিযোগিতাত বঁটা নোপোৱা সকলকো আগলৈ ভালদৰে আগবাঢ়ি যাবলৈ অনুৰোধ জনালোঁ৷’
বঁটা বিতৰণী অনুষ্ঠানত ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা প্ৰতিযোগিতাৰ অন্যতম বিচাৰক গৗতম শৰ্মাই বিজয়ীসকলক অভিনন্দন জনাই কয়– ‘বিহু আমাৰ লোক কৃষ্টি৷ বিহুগীত-বিহুনাম আৰু বিহুসুৰীয়া গীতৰ মাজত পাৰ্থক্য আছে৷ প্ৰতিযোগীসকলে নিৰ্বাচন কৰা গীতবোৰ তেওঁলোকৰ বয়সৰ সৈতে খাপ খাব লাগে৷ দহ বছৰীয়া ছোৱালীৰ গীত আৰু ২৫ বছৰীয়া ছোৱালীৰ গীতৰ ভাষা একে হ’ব নোৱাৰে৷ অভিভাৱক আৰু গুৰুসকলে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ প্ৰতিযোগীসকল কেৱল কৰ্মশালাভিত্তিক হ’ব নালাগে৷ কৰ্মশালাত শিকাৰ উপৰি সুদক্ষ বিহুৱা-বিহুৱতীসকলৰ পৰিৱেশন চাব লাগে, বিহুৰ বিষয়ে অভিজ্ঞ-দক্ষজনৰ পৰা দিহা-পৰামৰ্শ ল’ব লাগে৷ বিহুনাম গোৱাৰ আগতে বা বিহুনাচ নচাৰ আগতে বিহুনো কি, সেয়া ভালদৰে জানিব লাগিব৷ নহ’লে পৰিৱেশনত খুঁট ৰৈ যোৱাৰ সম্ভাৱনা থাকে৷’উল্লেখ্য, ‘আমাৰ অসম’ৰ ডিজিটেল ডেস্কৰ উদ্যোগত আয়োজিত বিহুনাম, বিহুনাচ আৰু ঢোলবাদনৰ ৰীল প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বুজনসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ কেইবাটাও পৰ্যায়ত সম্পন্ন কৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ বিচাৰকৰ দায়িত্ব বহন কৰে ৰঞ্জিত গগৈ, গৌতম শৰ্মা, জীনা ৰাজকুমাৰী আৰু মণ্টু শইকীয়াই৷ এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে যোৰহাটৰ মৃগাক্ষী শৰ্মাই (বিহুনাচ)৷ তেওঁক নগদ ২০,০০০ টকা আৰু প্ৰশস্তি প্ৰদান কৰা হয়৷ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে ডিব্ৰুগড়ৰ সমীৰণ সোণোৱাল (ঢোলবাদন) আৰু কামৰূপৰ নন্দিনী নূপুৰ কাশ্যপে (বিহুনাম)৷ দ্বিতীয় স্থান পোৱা দুয়োজনকে ১০,০০০কৈ টকা আৰু প্ৰশস্তি পত্ৰ আগবঢ়োৱা হয়৷ প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে যোৰহাটৰ সাগৰ সংকাশ চুতীয়া (ঢোলবাদন), ধেমাজিৰ বিদিশা গগৈ (বিহুনাচ), যোৰহাটৰ প্ৰাৰ্থনা বৰুৱা (বিহুনাম) আৰু গুৱাহাটী কৃষ্ণাজিতা দত্তই (বিহুনাচ)৷ তেওঁলোকক গাইপতি ৫,০০০কৈ টকা আৰু প্ৰশস্তি-পত্ৰ আগবঢ়োৱা হয়৷ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰে মনোজ কুমাৰ গোস্বামী, প্ৰণৱ কুমাৰ তালুকদাৰ, গৌতম শৰ্মা আৰু জীনা ৰাজকুমাৰীয়ে৷ সমূহীয়া বিহুৰে বিশেষ অনুষ্ঠানটিৰ সামৰণি মৰা হয়৷ অনুষ্ঠানত ‘আমাৰ অসম’কে ধৰি জি এল পাব্লিকেশ্বন্ছৰ দ্বাৰা প্ৰকাশিত সংবাদ-পত্ৰকেইখনৰ সাংবাদিকসকলৰ লগতে জি এল পাব্লিকেশ্বন্ছৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে৷