
৪ লাখ টকা পাৰ হ’ল মৰ্মিতাৰ মাননি, অনাদায় মাথোঁ ৰাজীৱ শদিয়াৰ ঘোষিত ৫০ হাজাৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ অসমৰ টিভি চেনেলৰ বজাৰত শুকুৰ আলীও ভাল বিক্ৰী হয়৷ অলপ দিন নেচনেল টিভিত ৰাণু মণ্ডলৰ গানো হিট হৈছিল৷ কেইটামান অকালপক্ব টিভি এংকৰে ৰাণু মণ্ডলে লতা মংগেশকাৰৰ গান লতা মংগেশকাৰতকৈয়ো ভাল গাই বুলি বান্দৰজাঁপ দিছিল৷ ৰুচিবোধ বুলিও এবিধ অনুভৱ বা উপলব্ধি আছে৷ আপুনি শুকুৰ আলীৰ ইংলিছ শুনিবনে আদিল হুছেইনৰ অভিনয় টিভিৰ পৰ্দাত উপভোগ কৰিব, সেইটো আপোনাৰ ৰুচিবোধৰ ওপৰত নিৰ্ভৰ কৰে। অথবা আপুনি ৰাণু মণ্ডলৰ গানৰ ৰীল ম'বাইলত চাই আত্মহাৰা হয়নে, লতা মংগেশকাৰৰ সুললিত কণ্ঠত আপোনাৰ চকু আবেশত মুদ খাই যায়,সিয়ো আপোনাৰ পচন্দ আৰু ৰুচিবোধকে প্রতিফলিত কৰে। পচন্দৰ কথা যেতিয়া আহিলেই, তেতিয়া বহুতৰে অপচন্দ হোৱা এটা ডাঙৰ খবৰ জনাই দিওঁ। খবৰটোৱে বহুতৰে মুখ হা-কৈ মেল খুৱাই দিব পাৰে। যোৱা ১১ ফেব্ৰুৱাৰীৰ কথা। তাৰিখটো সকলোৰে ইমান নির্দিষ্টকৈ মনত নাথাকিবও পাৰে। সেয়ে পোনে পোনে খবৰটোৰ কথাই কওঁ। সেইদিনা 'আমাৰ অসম'ৰ প্ৰথম পৃষ্ঠাত এটা বাতৰি ওলাইছিল। জুবিন গাৰ্গৰ গান গাই গাই অসমত জুবিন গাৰ্গৰ 'ফার্স্ট কপি'ত বা ডুপ্লিকেটত পৰিণত হোৱা বংগৰ এগৰাকী গায়িকাৰ অসমৰ গানৰ বজাৰত ধন সংগ্ৰহৰ অভিযান আৰু তাৰো এমাহ পূর্বে গান গাই থাকোঁতেই মঞ্চতে ঢলি পৰি মৃত্যুক সাবতি লোৱা ৰাজীৱ শদিয়াক অসমৰ চমজদাৰ সংগীতপ্রেমীয়ে জীৱিতকালত কৰা অনাদৰৰ মৰ্মস্পর্শী বাস্তব কাহিনী আছিল সেয়া। বাতৰিটো অভূতপূর্ব গতিত ভাইৰেল হৈ পৰিছিল ইণ্টাৰনেট দুনিয়াত।
কোৱা বাহুল্য মাথোঁ, সমর্থনৰ ঢল বৈছিল ৰাজীৱ শদিয়াৰ পক্ষত। তুলনা যিহেতু মর্মিতা মিত্ৰ আৰু ৰাজীৱ শদিয়াক অসমৰ সংগীতপ্রেমীয়ে কৰা আদৰ আৰু অৱহেলাক লৈ হৈছিল, সেয়ে সযত্নপালিত অসমৰ গানৰ ফাংচনৰ বজাৰখন তচনচ হৈ পৰিব বুলি উচপ খাই উঠিছিল বংগৰ পৰা অহা সেই 'স্মার্ট' জুবিনৰ ডুপ্লিকেট গায়িকা আৰু তেওঁৰ চৌপাশে 'ঘুৰ ঘুৰ' কৰি নিজৰ পৰি অহা 'গানৰ বজাৰ' তেওঁৰ গাতে ভেঁজা দি উঠাই দুটকা ঘটাৰ লোভত বন্দী কেইজনমান গানৰ বেপাৰী। পুৱাৰ পৰা দুপৰীয়া, দুপৰীয়াৰ পৰা বিয়লিলৈ বাতৰিটো ৰকেটৰ গতিত ভাইৰেল হৈ থাকিল। গধুলি হঠাতে 'বিপ্লব' কৰিও বিনয়ী নোহোৱা এজন প্রাক্তন বিদ্রোহীয়ে ঘোষণা কৰি দিলে- নিঠৰুৱা হৈ পৰা ৰাজীৱ শদিয়াৰ পৰিয়ালক বংগ কন্যা মর্মিতা মিত্রই ৫০ হাজাৰ টকাৰে সহায়ৰ হাত আগবঢ়াব। গধুলিলৈ তেওঁ টিভি কেমেৰা আৰু বুম দেখি জাঁপ মাৰি উঠিল। জাতীয়তাবাদী গীতেৰে অসমত এখন সুকীয়া আসন সৃষ্টি কৰি লোৱা ৰাজীৱ শদিয়াৰ চিৰবিদায়ত বাঙালী মর্মিতা কিমান ব্যথিত সেয়া তেওঁ বৰ্ণনা কৰিলে এটা বিস্ফোৰক বাইটত। ছদিনৰ পাছত তেওঁ গুৱাহাটীলৈ আহি মর্মিতা মিত্ৰৰ পৰা ৰাজীৱ শদিয়াৰ পৰিয়ালৰ বাবে সাহায্যৰ সেই ৫০ হাজাৰ টকা গ্ৰহণ কৰিব বুলি ঘোষণাও কৰিলে। 'আমাৰ অসম'ৰ ৰাজীৱ শদিয়া-মর্মিতা মিত্ৰৰ বাতৰিটোৰ দৰে 'বিপ্লৱী'ৰ ঘোষণাও তুমুল গতিত ভাইৰেল হৈ পৰিল। বাহিৰৰ শিল্পীক কেনেদৰে আতিথেয়তা প্রদান কৰিব লাগে সেই সন্দর্ভতো তেওঁ অসমবাসীক কিছু 'জ্ঞান' দিলে। অথচ 'আমাৰ অসম'ৰ বাতৰিটোত মৰ্মিতা মিত্ৰক অসমৰ বাহিৰৰ শিল্পী বুলি সমালোচনা কৰা হোৱা নাছিল। লিখা হৈছিল- ৰাজীৱ শদিয়াক লৈ আমাৰ আবেগ আছে আৰু মর্মিতা মিত্ৰক দিবলৈ টকা আছে বুলি।
উজনি অসমৰ পৰা কৰা সেই ঘোষণা আৰু আহ্বানত তেজ উঠিল শুকুৰ আলীৰ নিউজ বজাই আত্মতৃপ্তি লাভ কৰা অসমৰ ভিজুৱেল মিডিয়াৰ। আৰম্ভ হৈ গ'ল মর্মিতা মিত্ৰৰ 'মহানুভৱতা'ৰ বৰ্ণনা। লগে লগে লাইভত আহি গ'ল 'পোৱালী' চেহেৰাৰ এজন এডিটৰ-ইন-চিফজাতীয় সাংবাদিক। তেওঁ আৰম্ভ কৰিলে কিমান অসমীয়া গায়কক বংগত আদৰি লৈছে, অথচ আমি অসমত বংগৰ গায়িকাৰ বিৰোধিতা কৰিছোঁ। কিন্তু তেওঁ লাইভত কৰা চিঞৰ-বাখৰত পাহৰি গ'ল-অসমৰ জুবিন গার্গে পশ্চিমবংগত ছানৰ গান গাই জনপ্রিয়তা অর্জন কৰা নাই, নিজৰ গানেৰেহে অযুত অনুৰাগীৰ সৃষ্টি কৰিছে চুবুৰীয়া ৰাজ্যত। ভূপেন হাজৰিকাই মান্না দে বা কিশোৰ কুমাৰৰ গানৰ কপি কৰি পশ্চিমবংগৰ অনুৰাগীৰ প্ৰিয় হোৱা নাই, নিজৰ কালজয়ী গীতেৰেহে সমগ্ৰ দেশৰ লগতে পশ্চিমবংগতো দখল কৰিছে এখন - স্থায়ী আসন। আৰু অসমবাসীয়ে কেতিয়াবাই আদৰি লৈছে মনীষা হাজৰিকা, 'অৰিজিনেল স্ক'ৰ' গোৱা আৰতি মুখার্জী, নির্মলা মিশ্র, ডলী ঘোষৰ দৰে বাঙালী শিল্পীক- তাকো পাহৰি গ'ল লাইভত তালফাল লগোৱা সাংবাদিকে। আৰম্ভ হৈ গ'ল অসমৰ ভিজুৱেল মিডিয়াত মর্মিতা মিত্ৰক লৈ 'ৰেট ৰেচ'- এন্দুৰ দৌৰ। কোনে মর্মিতাক ষ্টুডিঅ'ত বহুৱাব পাৰে, কোনে মৰ্মিতাৰ গান-বিতর্কক লৈ টক-শ্ব' আয়োজন কৰিব পাৰে- তাৰ এক 'অভিনৱ' প্রতিযোগিতা। এটা চেনেলৰ এজন শীর্ষ সাংবাদিকে মর্মিতাক ষ্টুডিঅ'ত বহুৱাই বাৰে বাৰে ক'লে- 'এই পবিত্র মঞ্চত', 'এই পবিত্র মঞ্চত' তুমি কোৱা, তোমাৰ বিৰোধিতা কৰাকেইজনক কি 'মেছেজ' দিবা। মর্মিতাক কাষত পালত হঠাতে টিভি চেনেলৰ ষ্টুডিঅ'ও পবিত্র মঞ্চ হৈ পৰিল- পবিত্ৰ সদনৰ দৰে। মৰ্মিতা মিত্ৰক কাষত লৈ কি গদ গদ সেই 'বিখ্যাত' সাংবাদিক। নামটো 'সঁচা' দিয়ো মিছা কথা কৈ থকা এটা ডিজিটেল প্লেটফর্মত এজন সাংবাদিকে মর্মিতাক অসমীয়া শিকোৱাৰ 'পাঠশালা'ই আৰম্ভ কৰি দিলে। তাতে মর্মিতাই এসোঁতা কান্দিলেও, ৰাজীৱ শদিয়াৰ দুখত। আয়ৈ দেহি। সাংবাদিকৰ মাতো থোকাথুকি হৈ গ'ল।
এয়া বিগত ৮৪ দিনৰ অসমৰ ভিজুৱেল মিডিয়াৰ মৰ্মিতা মিত্ৰক লৈ কৰা 'আদেখলাপনা', অস্বাভাৱিক অত্যুৎসাহ- যি মিডিয়াই শুকুৰ আলীৰ বাইট বজাই ধন্য হয়, ৰাণু মণ্ডলক লতা মংগেশকাৰৰ সৈতে তুলনা কৰে। প্ৰায় এমাহমান সময়ত অসমৰ ভিজুৱেল মিডিয়াই 'আমাৰ অসম'ৰ বাতৰিটোৰ 'নেৰেটিভ'কে সলনি কৰি দিলে। 'মিছ ইণ্টাৰপ্রিটেচন' অথবা 'ৰং ইণ্টাৰপ্রিটেচন' বুলি ক'লে যি বুজাই, ঠিক তেনেদৰে। মৰ্মিতা মিত্ৰৰ জুবিন গাৰ্গৰ 'ফার্স্ট কপি' হৈ জনপ্রিয় হোৱাৰ বাতৰিক অসমৰ গায়িকা-বহিৰাগত গায়িকালৈ সলনি কৰি পেলালে উদ্দেশ্যমূলক 'নেৰেটিভেৰে'। ইয়াৰ কাৰণে এটাই, মর্মিতাৰ শ্ব'ৰ জৰিয়তে লাভ কৰিব পৰা ভিউজ আৰু ৰেটিং পইণ্টৰ 'লোভ'। মর্মিতা মিত্ৰই ৰাজীৱ শদিয়াৰ নিঃস্ব পৰিয়ালটোলৈ পঞ্চাশ হাজাৰ টকাৰ সাহায্য প্রদান কৰিব বুলি কৰা ঘোষণাৰ আজি ৪৮ দিন। মর্মিতা আৰু তেওঁৰ টীমে ৰাজীৱ শদিয়াৰ পৰিয়াললৈ আর্থিক সাহায্য প্রদান কৰিব বুলি ঘোষণা কৰিছিল যোৱা ১১ ফেব্ৰুৱাৰীত। যদিও ৰাজীৱ শদিয়াৰ অনুষ্ঠান কৰি থাকোতে ১৩ জানুৱাৰীত মঞ্চতে ঢলি পৰি পাছত মৃত্যু হৈছিল, মর্মিতাৰ সেই ঘটনাক লৈ দুখ লাগিছিল প্রায় এমাহ পাছত আৰু সাহায্য ঘোষণা কৰিছিল 'আমাৰ অসম'ৰ বাতৰিটো প্রকাশ হোৱাৰ দিনা, অৰ্থাৎ ১১ ফেব্ৰুৱাৰীৰ সন্ধিয়া। আহি থকা বিহুৰ ফাংচনৰ 'বজাৰ' ভাগি যোৱাৰ আশংকাত, কৌশলেৰে জুবিন দা, জুবিন দা কৈ কৈ অসমৰ জুবিনপ্রেমীৰ ওচৰত বনাই লোৱা 'ইমেজ' ভাগি যোৱাৰ ভয়ত মর্মিতাৰ মনলৈ ৰাজীৱ শদিয়াৰ পৰিয়ালৰ প্ৰতি 'মহানুভৱতা'ৰ সৃষ্টি হৈছিল। যোৱা ৪৮ দিনত ব্ৰহ্মপুত্ৰ নদীৰে বহু পানী বাগৰি গ'ল। মর্মিতা মিত্ৰকো 'আজৰি' নোপোৱাকৈ অসমৰ বিহু কমিটীয়ে যোৱা পহিলা এপ্ৰিলৰ পৰা প্ৰতিটো নিশাই ফাংচন দিলে, কোনোটো নিশা আনকি দুখনকৈ।
মাৰ্চৰ শেষত মর্মিতাৰ টীমে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিলে এদিনো খালী নথকাকৈ তেওঁৰ এপ্রিল ফাংচনৰ সূচী, য'ত তিনিনিশা তেওঁৰ আছিল দুখনকৈ ফাংচন। অসমত যে ইমান সংগীতপ্রেমী (মর্মিতাপ্রেমী)! 'ডিমাণ্ড' দেখি মর্মিতায়ো নিজৰ 'দাম' প্ৰতিটো ফাংচনত চাৰি লাখ টকাৰ ওপৰলৈ তুলি দিলে। কিন্তু বিগত ৮৪ দিনে মর্মিতা মিত্রই ৰাজীৱ শদিয়াৰ নিঃস্ব পৰিয়ালটোক দিব বুলি কোৱা ৫০ হাজাৰ টকাৰ আর্থিক সাহায্যৰ টকাখিনি নিদিলে। ৰাজীৱ শদিয়াৰ স্মৃতিৰক্ষাৰ বাবে গঠন কৰা ন্যাসকো আজিলৈকে মর্মিতাই সেই সাহায্যৰ টকা দিয়া নাই। সেই কথা প্ৰকাশ কৰিছে ৰাজীৱ শদিয়া স্মৃতিৰক্ষা ন্যাসৰ সম্পাদক স্বয়ং সুৰেন্দ্ৰ শদিয়াই। এই সন্দৰ্ভত যোগাযোগ কৰাত সুৰেন্দ্ৰ শদিয়াই ক'লে- 'আমি মর্মিতা মিত্ৰৰ সাহায্যৰ বাবে আশাপালি থকা নাই। কিন্তু তেওঁ আমাক বা পৰিয়ালক এটকাও দিয়া নাই সেয়া সত্য। ৰাজীৱ শদিয়াৰ প্ৰতি সন্মান থকা সকলোৰে পৰাই আমি সাহায্যৰ আশা কৰিছিলো বা এতিয়াও কৰোঁ। কিন্তু মই কওঁ, মর্মিতা মিত্ৰই ৰাজীৱ শদিয়াৰ পৰিয়াল বা ন্যাসক সাহায্য দিব বুলি কৈ তুমুল প্ৰচাৰ ল'লে, তেওঁৰ নিজৰ বজাৰ বঢ়ালে। তেওঁ টীমৰ কাৰোবাক লগাই এপ্ৰিলতে আমাৰ ন্যাসৰ সভাপতি লোহিত গগৈৰ পৰা ৰাজীৱ শদিয়াৰ পত্নীৰ ফোন নম্বৰ হৈছিল। কিন্তু মর্মিতাৰ ওচৰত সেই ফোন নম্বৰ আগৰ পৰাই আছিল, সেইটো খবৰ মই জানো। আমি ভাবিছিলোঁ, ৰাজীৱ শদিয়াৰ প্রতি তেওঁৰ অনুকম্পা আছে। কিন্তু সকলো মিছা কথা। তেওঁ বিগত ৩-৪ মাহ টকা দিব বুলি কাৰোবাৰ যোগে খবৰ দি নিজৰ বেপাৰ বঢ়াই আছে। সেয়া তেওঁৰ ব্যৱসায়। আমি ৰাজীৱ শদিয়াক লৈ মর্মিতা মিত্রক তেওঁৰ ব্যৱসায় বঢ়াবলৈ, প্ৰচাৰ লাভ কৰিবলৈ নিদিওঁ। সেইটো তেওঁ বুজি পোৱা ভাল।' সুৰেন্দ্ৰ শদিয়াই পুনৰ কয়- 'তেওঁৰ সঁচাকৈ ইচ্ছা থকা হ'লে কেতিয়াবাই ঘোষণা কৰাৰ দৰে সেই ধন দিব পাৰিলেহেঁতেন। আজিকালি টকা দিবলৈ কিমান উপাই আছে। তেওঁ পোনপটীয়াকৈ আমাৰ ন্যাসৰ সৈতে যোগাযোগ কৰা নাই। যোগাযোগ কৰিলে আমি আমাৰ মতামত তেওঁক জনাম। মোৰ একপ্ৰকাৰ নিশ্চিত ধাৰণা, ৰাজীৱ শদিয়াৰ পৰিয়ালেও মর্মিতাৰ সাহায্য প্রত্যাখান কৰিব। তেওঁ বিগত দুদিনত ডিগবৈ আৰু দুলীয়াজানত ফাংচন কৰিছে। ন্যাসৰ সকলো দুলীয়াজানতে থাকে, ৰাজীৱ শদিয়াৰ ঘৰো তিনিচুকীয়া-ডিগবৈৰ পৰা বেছি দূৰ নহয়। সদিচ্ছা থাকিলে তেওঁ টকা দিয়কেই বা নিদিয়ক, ৰাজীৱ শদিয়াৰ নামত ইমান প্ৰচাৰ লোৱাৰ পাছত অন্ততঃ তেওঁৰ পত্নী-সন্তানক সাক্ষাৎ কৰিব পাৰিলেহেঁতেন। কিন্তু মর্মিতাই যোগাযোগেই নকৰিলে। মোৰ এটাই আহ্বান, মর্মিতাই ৰাজীৱ শদিয়াৰ নাম লৈ তেওঁৰ ব্যৱসায় বৃদ্ধি বন্ধ কৰক, তেওঁৰ এই বেপাৰী কাৰ্যকলাপে আমাৰ ন্যাসক বিৰাট ক্ষতিসাধন কৰিলে। সময়ত সেয়া প্রকাশ কৰিম।'
এতিয়া বলীউডৰ তাৰকাৰ দৰে মৰ্মিতাই তেওঁৰ ফাংচনত 'ধাছু এন্ট্রি' লৈ প্ৰবল বিতৰ্কৰ সৃষ্টি কৰিছে। সোঁৱে-বাঁবে পেশীবহুল মহিলা বাউন্সাৰ লৈ ঢকুৱাখনাৰ সোণাৰি চাপৰিৰ বিহু ফাংচনত প্ৰৱেশ কৰা মর্মিতাই অনুষ্ঠানৰ মাজতে স্বয়ং সম্পাদকক মঞ্চৰ পৰা উলিয়াই দিবলৈ কঠোৰ নিৰ্দেশ দি তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। এই বিহু অনুষ্ঠানৰ আয়োজক সিদ্ধার্থ গগৈয়ে নিজমুখে জনাইছে, মর্মিতাই আয়োজকক কৰা অপমানৰ কথা। তদুপৰি তিনি লাখ টকা মাননী লৈ মর্মিতাই চাৰে তিনিঘণ্টা অনুষ্ঠান কৰাৰ চুক্তিপত্ৰ কৰি এঘণ্টা ২০ মিনিটতে মনে মনে আন এজনৰ হাতত মাইক্ৰ'ফোন দি পলাই যোৱা বুলি অভিযোগ কৰিছে সিদ্ধার্থ গগৈয়ে। সিদ্ধার্থ গগৈৰ সৈতে হোৱা বার্তালাপত তেওঁ কয়- 'মাজুলীৰ গড়মূৰত কৰা অনুষ্ঠানৰ পাছত মৰ্মিতাৰ হাতত ৩০ এপ্রিলটো খালী থকাত তেওঁ সেই দিশেৰে আহিব বাবে বা ওচৰ হোৱাৰ বাবে তিনি লাখ টকাত আমাৰ অনুষ্ঠান কৰিবলৈ ৰাজী হৈছিল। মাজুলীত মর্মিতাই চাৰি লাখ টকা লৈছিল। কিন্তু দুপৰীয়াৰ পৰা টকা আদায় দিবলৈ মর্মিতাৰ টীমে যি অসভ্যালি কৰিলে, আমাৰ মন টেঙাই গ'ল। তেওঁ মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাত কাকো ফটো তুলিবলৈ, ভিডিঅ' কৰিবলৈ দিয়া নাছিল। কোনোবাই ফটো, ভিডিঅ' কৰিলে বাউন্সাৰকেইজনীয়ে খেদা মাৰি আহি বন্ধ কৰি দিছিল। মই আয়োজক হিচাপে আমাৰ অনুষ্ঠানৰ চিন ৰাখিবলৈ ভিডিঅ' কৰোতে তেওঁ মোক আৰু আয়োজকক চৰম অপমান কৰে। অনুষ্ঠানৰ মাজত খেলি-মেলি হ'লে দর্শক অসন্তুষ্ট হ'ব বুলি আমি কোনোধৰণৰ হস্তক্ষেপ নকৰিলোঁ। তাৰ মাজতে ১১.২০ ত মঞ্চত উঠি ১২.৪০ ত তেওঁ আমাক কাকো নজনোৱাকৈ মনে মনে গুছি গ'ল। চাৰে তিনি ঘণ্টাৰ অনুষ্ঠানৰ (সংগীৰে সৈতে) চুক্তি কৰি তেওঁ তিনি লাখ টকা লৈ একপ্ৰকাৰ পলাই যোৱাদি গ'ল। সেই ঘটনাই আমাক সম্পূৰ্ণৰূপে অসন্তুষ্ট কৰিছে।' এয়াই বংগৰ বাউন্সাৰবেস্তিত গায়িকা, যাৰ 'গ্লেমাৰ ক'চেণ্ট'ত অসমীয়া উন্মাদ।