
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদকঃ গোসাঁইগাঁও মহকুমাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা জনবসতি অঞ্চললৈ এক প্ৰকাৰৰ ভাবুকি কঢ়িয়াই আনিছে মেলেৰিয়াই। এই তথ্য কোকৰাঝাৰ জিলা আয়ুক্ত, মেলেৰিয়া বিভাগে লাভ কৰাৰ পিছত তৎপৰ হৈ পৰিছে। গাঁৱৰ বিভিন্ন স্থানত ৰাইজৰ তেজ পৰীক্ষা কৰাৰ উপৰি স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ তেজ পৰীক্ষা কৰা হৈছে। ঠিক একেদৰে চৰাইবিল আদৰ্শ চিকিৎসালয় আৰু কচুগাওঁ চিকিৎসালয়ত যোৱা প্ৰতি গৰাকী ৰোগীৰ তেজ পৰীক্ষা কৰা হৈছে। চিকিৎসালয় দুখনত তেজ পৰীক্ষাৰ অন্তত মেলেৰিয়া পি ভি তথ্য লাভ কৰিছে। স্কুল সমূহত তেজ পৰীক্ষা কৰি থাকোতে মেলেৰিয়া থকা বুলি নিশ্চিত হৈছে। মেলেৰিয়া বিভাগে গাঁৱে-ভূঞে তেজ পৰীক্ষা কৰি আহিছে যদিও ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা জন বসতি গাঁৱত দীৰ্ঘদিন ধৰি কৰা হোৱা নাই ডি ডি টি ছটিওৱা কাম।
গাঁও সমূহত নাই কোনো সজাগতা ব্যৱস্থা। যাৰ ফলত প্ৰতি বছৰৰ দৰে এই বছৰ মেলেৰিয়াই এক প্ৰকাৰৰ ভাবুকি কঢ়িয়াই আনিছে। গাঁৱৰ ভুক্তভোগী পৰিয়ালে উত্থাপন কৰা অভিযোগ মতে মেলেৰিয়া আহিলে বিভাগ সাৰ পাই উঠে। আগতীয়াকৈ বিভাগে কোনো ধৰণৰ সজাগতা আৰু সতৰ্কতা কৰা দেখা নাযায়। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা অঞ্চল এক প্ৰকাৰৰ মেলেৰিয়া আক্ৰান্ত অঞ্চল। এই অঞ্চল সমূহত আগতীয়াকৈ অসম চৰকাৰৰ মেলেৰিয়া বিভাগে সজাগতা আনিব লাগে, ডি ডি টি ছটিয়াব লাগে,আঁঠুৱা দিব লাগে। কিন্তু তাকে নকৰি যেতিয়া ৰাইজে আক্ৰান্ত হয় তেতিয়া তেজ পৰীক্ষা কৰাৰ লগতে কিছু অঞ্চলত সজাগতা কৰি দায়িত্ব শেষ কৰি আহিছে। অহা দিনবোৰত এই ক্ষেত্ৰত জিলা প্ৰশাসন, মেলেৰিয়া বিভাগ অধিক সতৰ্ক হ'ব লাগে বুলি সচেতন মহলে দাবী কৰিছে।