
ইংলেণ্ডলৈ আমন্ত্ৰিত লাকুৱাৰ উদীয়মান ফুটবল খেলুৱৈ
'আমাৰ অসম'ৰ ডিজিটেল সংবাদঃ লাকুৱাৰ নগাবস্তিৰ এজন উদীয়মান ফুটবল খেলুৱৈ মাধুৰ্য কুমাৰ৷ সৰুৰে পৰা ফুটবলৰ লগত জড়িত মাধুৰ্যই ফুটবল খেলত দেখুৱাই আহিছে বিশেষ পাৰদৰ্শিতা৷ ললিত কুমাৰ আৰু সুমিত্ৰা কুমাৰীৰ পুত্ৰ মাধুৰ্য কুমাৰ ইংলেণ্ডৰ খেলুৱৈ বিকাশ শিৱিৰলৈ আমন্ত্ৰিত হৈছে। ১৬ বছৰীয়া মাধুৰ্যই সুদূৰ ইংলেণ্ডত ফুটবলৰ সপ্তাহজোৰা প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ লাভ কৰাৰ পিছত ৰাওনা হৈছে ইংলেণ্ডৰ চাউথনটাৰ্ণ ক্লাৱলৈ৷
ইংলেণ্ডত ৮ মে’ৰ পৰা ১৪ মে’লৈ চাউথনটাৰ্ণ ফুটবল ক্লাৱত বাইচুং ভুতীয়া ফুটবল স্কুলৰ দ্বাৰা আয়োজিত খেলুৱৈ বিকাশ শিৱিৰৰ বাবে আমন্ত্ৰিত হোৱা খেলুৱৈ গৰাকী ইতিমধ্যে ইংলেণ্ডত উপস্থিত হৈছে৷ মাধুৰ্যৰ এই সফলতাত আনন্দিত পৰিয়াল তথা অঞ্চলবাসী৷ ইংলেণ্ডলৈ যাত্ৰা কৰাৰ প্ৰাকমুহূৰ্তত গামোচাৰে শুভেচ্ছা জনাই শুভাকাংক্ষীয়ে৷ পূৰ্বে কেইবাবাৰো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল মাধুৰ্যই৷ ৫ বছৰ বয়সৰ পৰাই ফুটবলৰ লগত জড়িত উদীয়মান খেলুৱৈ গৰাকীয়ে দৈনিক অনুশীলন কৰে৷