Logo
image

পুনৰ পাকিস্তানৰ হৃৎপিণ্ডত আঘাত

নতুন দিল্লী, ৯ মেঃ  ‘অপাৰেচন সিন্দূৰ’ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰ পুনৰ পাকিস্তানৰ হৃৎপিণ্ডত আঘাত হানিলে ভাৰতে৷ ফলত লাহোৰকে ধৰি কৰাচী, ৰাৱালপিণ্ডি শিয়ালকোট গুজৰানৱালা, চকোৱাল, আট্টক, বাহোৱালপুৰ, মিয়াৱালি আদিকে ধৰি চুবুৰীয়া দেশখনৰ ১০খন চহৰত ড্ৰোন আক্ৰমণেৰে ভাৰতীয় সেনাই আঘাত হানে৷ উল্লেখ্য যে বুধবাৰে মাজনিশাৰে পৰা পাক সেনাই নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰি নিৰ্বিচাৰ গুলিচালনা কৰা আৰু ভাৰতৰ কেইবাখনো চহৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত আজি পুৱাই প্ৰথমে কঁপি উঠে লাহোৰ৷ পাকিস্তানৰ গুৰুত্বপূৰ্ণ এই চহৰখনৰ বিভিন্ন স্থানৰ লগতে ৱালটন এলেকাত থকা সামৰিক ঘাটিৰ ওচৰত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হয়৷ ফলত সমগ্ৰ চহৰখনত আতংক আৰু উত্তেজনা বিয়পি পৰে৷ এনে অৱস্থাত দেশখনৰ তিনিটাকৈ বিমানবন্দৰত বিমানৰ উৰণ আৰু অৱতৰণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়৷ ইয়াৰ কিছু সময়ৰ পাছতে পাকিস্তানৰ ব্যৱসায়িক ৰাজধানীৰূপে পৰিচিত কৰাচীৰ একাধিক এলেকাক কঁপাই তোলে ধাৰাবাহিক বিস্ফোৰণে৷ চহৰখনৰ চৰাফিগোঠ এলেকাত আটাইতকৈ বেছি বিস্ফোৰণ সংঘটিত হয়৷ পৰৱৰ্তী সময়ত নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চলসমূহৰ পৰা কেতবোৰ ধাতৱ সামগ্ৰী উদ্ধাৰ কৰি নিয়ে৷


সেইদৰে বাকীকেইখন চহৰকো বিস্ফোৰণে কঁপাই তোলাত সাধাৰণ নাগৰিকসকল আতংকিত হৈ নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া হয়৷ এই আক্ৰমণসমূহৰ আঁৰত ভাৰতীয় সেনাৰ হাত থকা বুলি দাবী কৰি পাকিস্তানৰ সেনা বাহিনীয়ে ভাৰতে ইজৰাইলত নিৰ্মিত হেৰপ ড্ৰোনৰ ব্যৱহাৰেৰে এই আক্ৰমণসমূহ সংঘটিত কৰা বুলি দাবী কৰিছে৷ শেহতীয়া বাতৰি মতে ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় সেনা বাহিনীৰ মুৰব্বী উপেন্দ্ৰ দ্বিবেদীয়ে৷ প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত সেনা মুৰব্বী আৰু প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বাৰ্তালাপৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাই যদিও চুবুৰীয়া দেশখনৰ সৈতে বিৰাজ কৰা যুদ্ধকালীন পৰিস্থিতি আৰু ভাৰতৰ পৰৱৰ্তী কৌশলক লৈ আলোচনা হোৱা বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ ইপিনে, ইয়াৰ মাজতে বৃহস্পতিবাৰে ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে লাহোৰকে ধৰি পাকিস্তানৰ কেইবাটাও স্থানত ৰাডাৰ আৰু আকাশ প্ৰতিৰক্ষা ব্যৱস্থাসমূহ ধবংস কৰি পেলায়৷ আজি ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰিয়ে এক সংবাদমেলত কয় যে ‘অপাৰেচন সিন্দূৰ’ৰ দ্বিতীয় দিনা লাহোৰৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰি দিয়া হৈছে৷ ইয়াৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে উক্ত লক্ষ্যস্থান সমূহত ড্ৰোনৰ জৰিয়তে আঘাত হানিবলৈ সক্ষম হয় বুলি সংবাদমেলত সদৰি কৰে ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে৷