Logo
image

পাৰমাণৱিক যু*দ্ধৰ আশংকা বাঢ়িছে, কেনেকৈ বাচিব তেজষ্ক্ৰিয় বিকিৰণৰ পৰা

নতুন দিল্লী, ৯ মেঃ  ভাৰত আৰু পাকিস্তানৰ মাজত বিৰাজ কৰা যুদ্ধকালীন পৰিস্থিতিত শেহতীয়াকৈ বৃদ্ধি পাইছে পাৰমাণৱিক যুদ্ধৰ আশংকা৷ বিশেষকৈ শেহতীয়া পৰিস্থিতিত পাকিস্তানৰ একাংশ নেতাই দিয়া পাৰমাণৱিক আক্ৰমণৰ ভাবুকিক কেন্দ্ৰ কৰি বৃদ্ধি পাইছে এনে যুদ্ধৰ আশংকা৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ সেনাবাহিনীৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল কে জে এছ ধিলনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদি পাকিস্তানে সঁচাকৈয়ে ভাৰতক পৰমাণু অস্ত্ৰৰে আঘাত হানে তেন্তে পাকিস্তানৰ বাবে ইয়াৰ পৰিণতি হ’ব অতি ভয়ংকৰ৷এক কথাত ক’বলৈ গ’লে ভাৰতে যদি পাকিস্তানৰ ওপৰত পাৰমাণৱিক অস্ত্ৰৰে আঘাত হানে তেন্তে সেই দেশখন নিঃশ্চিহ্ন হৈ পৰাটো খাটাং৷ উল্লেখ্য, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিৰোশ্বিমা আৰু নাগাচাকিত পাৰমাণৱিক আক্ৰমণ হৈছিল৷ উক্ত আক্ৰমণৰ পাছত আজিলৈকে বিশ্বত পাৰমণিৱিক যুদ্ধ হোৱাৰ নজিৰ নাই৷ এনে পৰিস্থিতিত যদি সঁচাকৈয়ে ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ আৰম্ভ হয় তেন্তে পাকিস্তানে ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব৷ কিয়নো ভাৰত আৰু পাকিস্তান দুয়োখন দেশ পাৰমাণৱিক শক্তিধৰ হ’লেও ভাৰত পাকিস্তানতকৈ এইক্ষেত্ৰত বহুগুণে শক্তিশালী৷


তদুপৰি ভাৰতে পাৰমাণৱিক শক্তি প্ৰথমে ব্যৱহাৰ নকৰিলেও পাকিস্তানে যদি পৰমাণু অস্ত্ৰৰে ভাৰতত আঘাত হানে তেন্তে পাৰমাণৱিক অস্ত্ৰৰে ইয়াৰ প্ৰতিশোধ লোৱাৰ বাহিৰে ভাৰতৰ আন কোনো গত্যন্তৰ নাথাকিব৷ ইপিনে, বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে পাকিস্তান পাৰমাণৱিক শক্তিধৰ দেশ হ’লেও তেওঁলোকৰ এই শক্তি অত্যন্ত সীমিত৷ এনেক্ষেত্ৰত ভাৰতৰ দৰে পাৰমণিৱিক শক্তিধৰ দেশৰ সৈতে মোকাবিলা কৰাটো পাকিস্তানৰ পক্ষে সম্ভৱ নহ’ব৷ সঁচাকৈয়ে যদি ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ আৰম্ভ হয় তেন্তে ইয়াৰ পাশ্বৰ্ক্ৰিয়াৰ পৰা কেনেদৰে সাধাৰণ নাগৰিকসকলে নিজকে ৰক্ষা কৰিব তাৰ উপায় আগবঢ়াইছে বিশেষজ্ঞসকলে৷ বিশেষজ্ঞৰ মতে পাৰমাণৱিক বোমাৰ তেজষ্ক্ৰিয় বিকিৰণ বিস্ফোৰণতকৈও মাৰাত্মক৷ এনেস্থলত তেজষ্ক্ৰিয় বিকিৰণৰ পৰা ৰক্ষা পৰিবলৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী৷ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটিলে ইয়াৰ উষ্ণতা আৰু শক্তি অতি দ্ৰুতগতিত চৌদিশে বিয়পি পৰে৷ এনেস্থলত পলায়নৰ চেষ্টা নকৰি নিৰাপদ স্থানত আশ্ৰয় ল’ব লাগে৷ তদুপৰি পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰৱৰ্তী ২৪ ঘণ্টাত ঘৰৰ পৰা বাহিৰলৈ নোলোৱাটোৱেই শ্ৰেয়৷ এই সময়ছোৱাত পৰিহিত পোছাক খুলি প্লাষ্টিকৰ বেগত বায়ু নোসোমোৱাকৈ বন্ধ কৰি ৰাখক৷ কিয়নো বিস্ফোৰণৰ পাছত উক্ত পোছাকত তেজষ্ক্ৰিয় বিকিৰণ লাগি থাকিব পাৰে৷ চাবোনেৰে ভালদৰে শৰীৰটো পৰিষ্কাৰ কৰি ল’ব লাগে৷ ছাল বেছিকৈ ঘঁহিব নালাগে৷ পৰিষ্কাৰ কাপোৰেৰে চকু, নাক আৰু কাণ চাফা কৰি ৰাখিব৷ স্মৰ্তব্য যে হিৰোশ্বিমাত পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ পাছমুহূৰ্ততে ৮০ হাজাৰ লোকৰ মৃত্যু ঘটিছিল৷