Logo
image

‘সিন্দূৰ’ক ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ গৈ মুখথেকেচা আম্বানিৰ

নতুন দিল্লী, ৯  মেঃ  পেহেলগাম কাণ্ডৰ প্ৰতিশোধ স্বৰূপে ভাৰতে শেহতীয়াকৈ আৰম্ভ কৰিছে ‘অপাৰেচন সিন্দূৰ’৷ কিন্তু দেশৰ মান-অভিমানৰ সৈতে জড়িত এই ‘অপাৰেচন সিন্দূৰ’ক লৈও ব্যৱসায় কৰিবলৈ কুণ্ঠাবোধ নকৰে ভাৰতৰ একাংশ উদ্যোগপতিয়ে৷ এইক্ষেত্ৰত মুকেশ আম্বানিৰ নাম শেহতীয়াকৈ চৰ্চালৈ আহিছে৷ পৰিণতি ‘সিন্দূৰ’ক নিজৰ ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ গৈ মুখ থেকেচা খাবলগীয়া হ’ল আম্বানিয়ে৷ উল্লেখ্য যে ভাৰতীয় সেনাই বীৰত্বৰে আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ নামত ট্ৰেডমাৰ্ক বিচাৰি বুধবাৰে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰণালয়ত আৱেদন জনায় মুকেশ আম্বানিৰ প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে৷ এই তথ্য পোহৰলৈ অহাৰ পাছতে দেশজুৰি আৰম্ভ হয় তীব্ৰ প্ৰতিক্ৰিয়া৷ এনে অৱস্থাত বৃহস্পতিবাৰে উক্ত আৱেদন প্ৰত্যাহাৰ কৰা বুলি এক বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে৷ বিজ্ঞপ্তিটোত কোৱা হয় যে– ‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ এটা শাখা জিঅ’ ষ্টুডিঅ’জ৷ ইয়াৰে এজন নিম্নস্তৰৰ কৰ্মচাৰীৰ অসাৱধানতাত উক্ত আৱেদনখন দাখিল কৰা হৈছিল৷ কিন্তু কিছু সময়ৰ পাছতে উক্ত আৱেদন প্ৰত্যাহাৰ কৰা হয়৷ ‘অপাৰেচন সিন্দূৰ’ৰ নামটো সমগ্ৰ দেশৰ গৌৰৱ, আৰু ভাৰতৰ বীৰত্বৰ সৈতে জড়িত আছে৷


এনে ক্ষেত্ৰত এই নামক লৈ ট্ৰেড মাৰ্ক লোৱাৰ অভিপ্ৰায় ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ নাই৷ তদুপৰি সমগ্ৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ নিৰাপত্তা বাহিনীৰ সৈতে আছে’ বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰা হয়৷ উল্লেখ্য যে পেহেলগামকাণ্ডৰ ১৫ দিনৰ পাছত ভাৰতৰ সেনা বাহিনীয়ে পাকিস্তানত প্ৰত্যাঘাত কৰে৷ এই অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন সিন্দূৰ’৷ জানিব পৰা মতে সফল অভিযানটোৰ ২৪ ঘণ্টাৰ ভিতৰতে ‘অপাৰেচন সিন্দূৰ’ৰ নামত ট্ৰেড মাৰ্ক বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰণালয়ৰ চাৰিখনকৈ আৱেদন দাখিল হয়৷ ইয়াৰ ভিতৰত এখন আৱেদন আছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ৷ কিন্তু বিষয়টোক লৈ দেশজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ৰিলায়েন্স কতৃৰ্পক্ষই তেওঁলোকৰ আৱেদন প্ৰত্যাহাৰ কৰা বুলি সদৰি কৰিছে৷