Logo
image

অসমতো দায়িত্ব পালন কৰি গৈছিল ছোফিয়াই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মেঃ ভাৰতীয় সেনা বাহিনীৰ কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ আছে অসমৰে ঘনিষ্ট সম্পৰ্ক৷ শেহতীয়াভাৱে ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ সৈতে সংবাদ মাধ্যমৰ আগত  ব্যাখ্যা দি ব্লু আইড গাৰ্ল হৈ পৰিছে ছোফিয়া৷ অতি শক্তিশালী আৰু সাবলীলভাৱে যুদ্ধৰ প্ৰতিটো ঘটনা সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে সেনা বিষয়াগৰাকী৷ উল্লেখ্য যে ছোফিয়া কুৰেশ্বীয়ে গুৱাহাটীৰ নাৰেংগীৰ সেনা চাউনীত দুবছৰ কৰ্মৰত হৈ আছিল৷ ২০২১-২২ চনত মিলিটেৰী পুলিচৰ দায়িত্বত আছিল সেনা বিষয়াগৰাকী৷ নাৰেংগী সেনা শিবিৰত লেফটেনেণ্ট কৰ্ণেল পদত দুবছৰ কাৰ্য নিৰ্বাহ কৰা ছোফিয়াই ১৭ বছৰ বয়সতে সেনা বাহিনীত যোগদান কৰে৷ তেখেতৰ ককাকো আৰু পিতৃও সামৰিক বাহিনীত কৰ্মৰত আছিল৷ শিয়ানটৰ চাৰ্জল শিবিৰ আৰু মেহমুনা জয়া শিবিৰকে ধৰি সন্ত্ৰাসবাদীৰ ধবংসপ্ৰাপ্ত শিবিৰৰ ভিডিঅ’ অতি বিচক্ষণতাৰ সৈতে সংবাদ মাধ্যমৰ সন্মুখত উপস্থাপন কৰি  সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ ‘অপাৰেচন সিন্দূৰ’ সম্বন্ধীয় প্ৰতিটো প্ৰেছ ব্ৰিফিঙত উপস্থিত থকা ছোফিয়া এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ নাৰেংগী সেনা শিবিৰত কৰ্মৰত হৈ থকাৰ সময়ত ছোফিয়াৰ পুত্ৰ গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিল৷ উল্লেখ্য যে বুধবাৰে ভাৰত চৰকাৰে ‘অপাৰেচন সিন্দূৰ’ৰ সবিশেষ আনুষ্ঠানিকভাৱে সংবাদমেলযোগে ৰাজহুৱা কৰাৰ পাছতেই মুহূৰ্ততে দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে সাহসী ভাৰতীয় মহিলা সেনা বিষয়াগৰাকী৷ ছোফিয়া কুৰেশ্বী ভাৰতীয় সেনা কৰ্পছ অৱ ছিগনেলৰ এগৰাকী ট্ৰেইল ব্লেজিং বিষয়া৷ কোনো সামৰিক অভিযানত ভাৰতীয় সেনাৰ এটা দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা দক্ষ বিষয়া হৈছে ছোফিয়া কুৰেশ্বী৷ ছোফিয়া কুৰেশ্বী মূলতঃ গুজৰাটৰ৷ ১৯৮১ চনত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল ছোফিয়াই৷


জৈৱ ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছোফিয়াই ১৯৯৯ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল৷ চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা ছোফিয়া কুৰেশ্বীৰ পিতৃও সামৰিক বাহিনীৰ এজন ধৰ্মীয় শিক্ষক আছিল৷ তদুপৰি ছোফিয়াৰ ককাকেও সেনাবাহিনীত চাকৰি কৰিছিল৷ লেফটেনেণ্ট হিচাপে কমিচন লাভ কৰা ছোফিয়াই ২০০৬ চনত কংগোত ৰাষ্ট˜সংঘৰ শান্তিৰক্ষা অভিযানত সামৰিক পৰ্যবেক্ষক] কাৰ্যনিৰ্বাহ কৰিছিল৷ উত্তৰ-পূব ভাৰততো বান সাহাৰ্য অভিযানত ছিগনেল অফিচাৰ ইন চীফৰ প্ৰশংসা-পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা ছোফিয়াই পঞ্জাৱ সীমান্তত চলোৱা সামৰিক অভিযান পৰাক্ৰমত দেখুওৱা পাৰদৰ্শিতাৰ বাবে জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফৰ প্ৰশংসা-পত্ৰ লাভ কৰিছিল৷ ২০১৬ চনত পুনেত ১৮খন বিদেশী ৰাষ্ট˜য় সৈতে জড়িত বহুজাতিক সামৰিক অনুশীলন ‘এক্সাৰচাইজ ফ’ৰ্চ-১৮’ত ৪০জনীয়া ভাৰতীয় সেনাৰ দলটোক নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা লেফটেনেণ্ট কৰ্ণেল আছিল ছোফিয়া কুৰেশ্বী৷ মেকানাইজড ইনফেণ্ট্ৰিৰ বিষয়া মেজৰ তাজুদ্দিন কুৰেশ্বীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ছোফিয়া এটি পুত্ৰ সন্তানৰো মাতৃ৷