Logo
image

পূৰ্ণাংগ যুদ্ধৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ মেঃ  নিশাৰ আন্ধাৰ গাঢ় হৈ অহাৰ লগে লগে পাকিস্তানে শুকুৰবাৰেও ভাৰতৰ বিৰুদ্ধে পুনৰ চোৰৰ দৰে আক্ৰমণ আৰম্ভ কৰিছে৷ শুকুৰবাৰে নিশা পাকিস্তানে ভাৰতৰ কমেও  ২০খন চহৰক আক্ৰমণ কৰি লোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে৷ পাকিস্তানে ড্ৰোনৰ জৰিয়তে জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু ৰাজস্থানৰ সীমান্তৱৰ্তী স্থানত আক্ৰমণ সংঘটিত কৰিলেও ভাৰতীয় সামৰিক বাহিনীয়ে নিশ্চিদ্ৰ ‘এয়াৰ ডিফেন্স ছিষ্টেমে’ৰে পাকিস্তানী ড্ৰোনৰ আক্ৰমণ ব্যৰ্থ কৰি দিছে৷ পাকিস্তানে শুকুৰবাৰে নিশা পুনৰ ভাৰতৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ লগে লগে পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া চুড়ান্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত গৈ উপস্থিত হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ৷ নিশা  ১১বজালৈ দুয়ো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আৰু তেওঁলোকক সংগ দিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াই৷ কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাকিস্তানে আক্ৰমণৰ বাবে অৱন্তীপূৰাৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ এটা ঘাটি লক্ষ্য কৰি লৈছে৷ তদুপৰি পাকিস্তানে ড্ৰোনেৰে জম্মু কাশ্মীৰৰ ছাম্বা, ৰাজৌৰি, শ্ৰীনগৰ আৰু সীমান্তৱৰ্তী ৰাজ্যখনৰ পুঞ্চ, উৰি আৰু ন’গাম আৰু হাণ্ডৱাৰাত আক্ৰমণ সংঘটিত কৰিছে৷ পঞ্জাৱৰ পাঠানকোট বায়ুসেনা বাহিনীৰ ঘাটি আৰু পঞ্জাবৰে অমৃতসৰত আক্ৰমণ কৰিছে৷ পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টতো পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ কৰিছে৷ আনহাতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ বাসগৃহৰ সন্মুখত এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ আহিছে৷ একেসময়তে শ্ৰীনগৰ বিমানবন্দৰতো পাকিস্তানে ড্ৰোনেৰে বিস্ফোৰণ সংঘটিত কৰিছে৷ বিস্ফোৰণৰ শব্দ শুনা গৈছে কাৰ্টাৰপুৰ কৰিড’ৰতো৷


পাকিস্তানে চীনৰ পি এল-১৫ মিছাইল ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰাটো প্ৰমাণ হোৱাৰ লগে লগে ভাৰত আৰু পাকিস্তানৰ এই সাম্প্ৰতিক সংঘাত এখন পূৰ্ণাংগ যুদ্ধলৈ পৰিৱৰ্তিত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ কিয়নো চীনৰ সৈতে পাকিস্তানৰ কোনোধৰণৰ ‘ষ্টে˜টেজিক’ মৈত্ৰী নাছিল আৰু তেনে পৰিপ্ৰেক্ষিতত চীনৰ অস্ত্ৰ ব্যৱহাৰ কৰাটোৱে ভাৰতক স্বাভাৱিকভাৱে ক্ষুব্ধ কৰি তুলিছে৷ সেয়ে ভাৰতে পাকিস্তানক ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিবই আৰু তেনে প্ৰত্যুত্তৰে এতিয়ালৈকে সংঘাততে সীমাবদ্ধ হৈ থকা পৰিস্থিতিক ‘ফুল স্কেল ৱাৰ’ বা এখন নিৰ্ণায়ক পূৰ্ণাংগ যুদ্ধলৈ সলনি কৰি পেলাব পাৰে৷ উল্লেখ কৰিব পাৰি, বৃহস্পতিবাৰে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চীনত নিৰ্মিত পিএল-১৫ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা বুলি ভাৰতে মন্তব্য কৰিছিল৷ শুকুৰবাৰে পাকিস্তানে চীনৰ পি এল-১৫ মিছাইল ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছে৷ পাকিস্তানৰ বায়ুসেনা বাহিনী ‘পাফে’ বৃহস্পতিবাৰে ভাৰতৰ কেইবাখনো সামৰিকভাৱে গুৰুত্বপূৰ্ণ স্থানত পি এল-১৫ ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে৷ পাকিস্তানৰ এই স্বীকাৰোক্তি সামৰিক দিশতো অতি তাৎপৰ্যপূৰ্ণ৷ কিয়নো ইয়াৰ পূৰ্বে চীনৰ পি এল-১৫ মিছাইল কোনো যুদ্ধক্ষেত্ৰত বা আক্ৰমণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হোৱা নাছিল, কেৱল পৰীক্ষামূলকভাৱেহে ব্যৱহাৰ কৰা হৈছিল৷ বি ভি আৰ বা ‘বিয়ণ্ড ভিজুৱেল ৰেঞ্জ’ অৰ্থাৎ দৃষ্টিৰ বাহিৰতো লক্ষ্যস্থানত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এই মিছাইল অব্যৰ্থ বুলি দাবী কৰা হ’লেও বৃহস্পতিবাৰে ভাৰতৰ ‘এয়াৰ ডিফেন্স ছিষ্টেমে’ পি এল-১৫ ব্যৰ্থ কৰি মিছাইলটোৰ কাৰ্যকাৰিতাৰ প্ৰতি বিৰাট প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে৷

আনহাতে, পাকিস্তানে ভাৰতক আক্ৰমণ কৰাৰ ক্ষেত্ৰত অসামৰিক বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰি ভয়ংকৰ যুদ্ধ অপৰাধ সংঘটিত কৰিছে৷ অৱশ্যে এতিয়াও ভাৰত-পাক সাম্প্ৰতিক সংঘাত যুদ্ধ হিচাপে ঘোষণা নোহোৱাৰ বাবে এই ঘটনাক যুদ্ধ অপৰাধ হিচাপে গণ্য কৰা নহ’ব পাৰে৷ ‘ফ্লাইট ৰাডাৰ-২৪’ত দেখা গৈছে, পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ লগতে আন চহৰৰ আকাশমাৰ্গ বেচৰকাৰী অসামৰিক যাত্ৰীবাহী বিমানেৰে ভৰি আছে৷ আনহাতে, পাকিস্তান চৰকাৰে তেওঁলোক আকাশমাৰ্গ যাত্ৰীবাহী বিমানৰ বাবে বন্ধ কৰি দিয়া বুলি ঘোষণা কৰিছে৷ এই ঘোষণাৰ পাছতো পাকিস্তানৰ আকাশমাৰ্গত অসামৰিক বিমান উৰি ফুৰাত পাকিস্তানে তেনে বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰা বুলি ভাৰতে প্ৰকাশ কৰি পাকিস্তানৰ স্বৰূপ উন্মোচন কৰি দিছে৷