Logo
image

মহানগৰীত বাঘ-মানুহৰ যুঁজ, জয়ী ছানী দেউল

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১০ মেঃ  গুৱাহাটীত সংঘটিত হৈছে এটা অভাৱনীয় ঘটনা৷ এজন যুৱকক আক্ৰমণ কৰা এটা বাঘ যুৱকজনৰ প্ৰত্যাক্ৰমণত নিধন হৈছে৷ এই ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, এচাম অবিবেচকী লোকৰ অবাধ বনধবংসৰ পৰিণতিত ক্ৰমাৎ সংকুচিত হৈ আহিছে বন্য জীৱ-জন্তুৰ খাদ্য আৰু বিচৰণস্থলী৷ ফলত খাদ্যৰ সন্ধানত প্ৰায়ে বন্য জীৱ-জন্তুয়ে জনাঞ্চলত প্ৰৱেশ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰে৷ শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি  পোৱা বাঘ-মানুহৰ সংঘাতৰ মাজতে গুৱাহাটী মহানগৰীৰ আমছিং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা নাহৰফুটকীয়ে মহানগৰীৰ পানীখাইতীৰ হাতীশিলাত আতংকৰ সৃষ্টি কৰে৷ খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত ওলাই অহা বাঘটোৱে পানীখাইতীৰ হাতীশিলাৰ পাহাৰলৈ উঠি যোৱা পথত শুকুৰবাৰে পুৱা এজন যুৱকক আচম্বিতে আক্ৰমণ কৰি মাটিত বগৰাই চোঁচৰাই নিয়াৰ চেষ্টা চলায়৷ ঘটনাৰ আকস্মিকতাত হতভম্ব ছানী দেউল মাৰাক নামৰ ২৫ বছৰীয়া যুৱকজনে আত্মৰক্ষাৰ বাবে বাঘটোক ওলোটাই আক্ৰমণ কৰে৷ হাতীশিলা পাহাৰৰ যুৱকজনে পাহাৰীয়া পথেৰে ঘৰলৈ গৈ থকা অৱস্থাতে গছৰ ওপৰৰ পৰা নাহৰফুটুকীটো ছানীৰ গাত জঁপিয়াই পৰে৷ ছানী দেউলে প্ৰত্যুৎপন্নমতিতাৰে নাহৰফুটকীটোৰ ভৰিত জঁপটিয়াই ধৰে আৰু বাঘটোৰ সৈতে যুঁজিবলৈ আৰম্ভ কৰে৷


বাঘৰ আক্ৰমণত ছানী দেউল আহত হৈছিল যদিও তালৈ ভ্ৰূক্ষেপ নকৰি নিজৰ প্ৰাণ বচাবৰ বাবে ছানীয়ে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখে৷ কিছু সময় যুঁজাৰ পাছত দুয়ো পাহাৰৰ পৰা তলত বাগৰি পৰে৷ আধা ঘণ্টাতকৈ বেছি সময় বাঘৰ সৈতে যুঁজ দিয়াৰ পাছত অৱশেষত বাঘটোৱে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়৷ ছানী দেউলৰ পেশীবহুল হাতৰ উপৰ্যুপৰি আঘাতত বাঘটোৰ প্ৰাণবায়ু উৰি যায়৷ বহু লোক বাঘ আৰু ছানী দেউলৰ দীঘলীয়া যুঁজৰ সাক্ষী আছিল যদিও স্বাভাৱিক কাৰণতে কোনো তেওঁলোকৰ কাষ চাপি অহা নাছিল৷ অৱশেষত যেতিয়া ছানী দেউল মাৰাকৰ হাতত বাঘটো নিধন হ’ল, তেতিয়া সকলো আগবাঢ়ি আহে আৰু লগে লগে চন্দ্ৰপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে৷ চন্দ্ৰপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ মৃত বাঘটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বন বিভাগে ৰাজ্যিক চিৰিয়াখানাৰ হাস্পতাললৈ প্ৰেৰণ কৰে৷